চন্দ্ৰৰ মাটিত ভৰি ৰখাৰ সপোন অতীত হোৱাৰ দিশে৷ তাতেই বসতি স্থাপনৰ যো-জাও চলাইছে বহুজনে৷ চন্দ্ৰাভিযানক লৈ উৎসাহৰ অন্ত নাই মহাকাশ গৱেষণা আৰু পৰ্যটন সংস্থাসমূহৰ৷ কিন্তু সেই আগ্ৰহত পানী ঢালিবলৈ ওলাইছে বিজ্ঞানীসকলৰ সাম্প্ৰতিকতম গৱেষণাৰ ৰিপৰ্টে৷ কোৱা হৈছে চন্দ্ৰই হেৰাই যাব পাৰে আকাশৰ পৰা৷
পৃথিৱীৰ একমাত্ৰ উপগ্ৰহক লৈ সপোন, কাব্য, গদ্য সকলোবোৰেই সৃষ্টি হৈছে৷ কিন্তু সকলোবোৰ এতিয়া অবাস্তৱ হৈ পৰাৰ দিশে৷ কি হ’ব পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ? কিন্তু বিজ্ঞানীসকলে দিয়া তথ্যত এই অশনি সংকেতে দেখা দিছে৷ পৃথিৱীয়ে হয়তো হেৰুৱাই পেলাব তাৰ একমাত্ৰ উপগ্ৰহক৷
কিন্তু কিয় এই বিপদৰ কথা কৈছে বিজ্ঞানীয়ে?
নেশ্ব্যনেল এয়াৰ এণ্ড স্পেছ মিউজিয়াম চেণ্টাৰ ফৰ আৰ্থ এণ্ড প্লেনেটাৰি ষ্টাডিজৰ বিজ্ঞানীৰ বহু গৱেষণাৰ পাছত জনাইছে যে চন্দ্ৰৰ আভ্যন্তৰ ভাগে তাপ হেৰুৱাই ক্ৰমশ শীতল হৈ গৈছে৷ যাৰ প্ৰভাৱ পৰিছে তাৰ বহিঃভাগতো৷ ক্ৰমশ সংকুচিত হৈ সৰু আকাৰৰ হ’ব ধৰিছে৷ পূৰ্ণিমাৰ সন্ধিয়া আকাশত ওঠা চন্দ্ৰক যি গোল কাঁহীৰ সৈতে তুলনা কৰা হয় সেই উপমাও হয়তো ধীৰে ধীৰে কমি যাব৷ চন্দ্ৰ যে এনেকৈ সংকুচিত হ’ব ধৰিছে সেই উমান ১৬ বছৰ পূৰ্বেই দিছিল এগৰাকী বৰ্ষীয়ান বিজ্ঞানী থমাছ আৰ ৱাটাৰছে৷ তেওঁ প্ৰথমে কৈছিল, ‘বৈজ্ঞানিক তত্ত্ব হিচাপ অনুসৰি চন্দ্ৰৰ আয়তন ক্ৰমশ সৰু হৈছে৷ দেখা গৈছে চন্দ্ৰৰ আভ্যন্তৰ ভাগৰ স্তৰো ক্ৰমশ উঠি গৈছে৷ ইয়াৰ ফলত টেকটনিক প্লেটো মিলিত হ’ব পাৰে৷ যাৰ ফলত চন্দ্ৰত ভূমিকম্প হয়৷
ইয়াতেই প্ৰশ্ন হয়, সৰু হৈ গৈ চন্দ্ৰ যদি একেবাৰে হেৰাই যায় তেতিয়া কি হ’ব? এককথাত পৃথিৱীৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পৰিব৷ চন্দ্ৰ-সূৰ্য-পৃথিৱীৰ সন্মিলিত মহাকৰ্ষণ বলৰ বাবে এনেকৈ আছে নক্ষত্ৰ-গ্ৰহ-উপগ্ৰহৰ বৰ্তমান অৱস্থান৷ সূৰ্যৰ অসীম টান উপেক্ষা কৰিও পৃথিৱীয়ে যি নিজ অক্ষৰ ওপৰত স্থিৰভাৱে থাকে সেই ভাৰসাম্য বজায় ৰখাত ডাঙৰ ভূমিকা আছে চন্দ্ৰৰ৷ টনাটনিৰ জোৰত নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে জোৱাৰ ভাটা, সূৰ্যগ্ৰহণ-চন্দ্ৰগ্ৰহণৰ দৰে ঘটনা ঘটি থাকে৷ সৃষ্টিৰ সময়ৰ পৰা ঘটি থকা নিত্যনৈমিত্তিক ঘটনাৰ পৰিবৰ্তনৰ ফলত পৃথিৱী তোলপাৰ হৈ পৰিব পাৰে৷ ইয়াৰোপৰি অগ্ন্যুৎপাতৰ ফলত যি ছালফাৰ কণা বায়ুমণ্ডলত মিহলি হয় সেয়া চন্দ্ৰই শুহি লয়৷ বিজ্ঞানীসকলৰ অনুমান যে চন্দ্ৰ হেৰাই গ’লে মহাকাশত ছালফাৰৰ এক স্তৰ তৈয়াৰ হ’ব৷ যিয়ে বিষক্ৰিয়া কৰিব পাৰে৷ যাৰ ফলত পৃথিৱীৰ পৰিবেশৰো আমূল পৰিবৰ্তন হব৷ সকলো মিলি মহাপ্ৰলয়ৰো আশংকা কৰিছে বিজ্ঞানীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















