এপ্ৰিল মাহত প্ৰায় সমস্ত প্ৰধান গ্ৰহ সূৰ্য, মঙ্গল, বুধ আৰু শুক্ৰই ৰাশিৰ পৰিবৰ্তন কৰিব৷ ইয়াৰ ফলত কিছু ৰাশিৰ ওপৰত খুবেই শুভ প্ৰভাৱ পৰিব৷ মেষ, মিথুন, সিংহ আৰু তুলা ৰাশিৰ জাতক জাতিকাৰ ভাগ্য সুপ্ৰসন্ন হব৷ তেওঁলোকৰ আৰ্থিক অৱস্থা শক্তিশালী হব৷ ব্যৱসায়ত উল্লেখযোগ্য লাভ হ’ব আৰু অসমাপ্ত কাম সম্পন্ন গহ? জানি থওক ভাগ্যবান ৰাশিসমূহ কি কি?
মেষ ৰাশি
মেষ ৰাশিৰ বাবে এপ্ৰিল মাহ শুভ হব৷ আপোনাৰ কৰ্মজীৱন নতুন উচ্চতালৈ উঠিব৷ এই মাহত দীৰ্ঘ প্ৰতীক্ষিত পদোন্নতি হোৱাৰ সম্ভাৱনা আছে৷ আয়ৰ নতুন উৎস উন্মোচিত হব৷ বিনিয়োগৰ বাবে এই মাহ চমৎকাৰ হব৷ ব্যৱসায়ত উল্লেখযোগ্য মুনাফা লাভৰ সম্ভাৱনা আছে৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে এপ্ৰিল মাহ সুৱৰ্ণ সময় হিচাপে প্ৰমাণিত হব৷ বৈদেশিক ব্যৱসায়ত সাফল্য আৰ্জিত হব৷ আপোনাৰ বেংক বেলেন্স বৃদ্ধি পাব৷ আপুনি যিকোনো পুৰণি ঋণৰ পৰা মুক্তি পাব৷ এই মাহত লোৱা সিদ্ধান্তসমূহ সঠিক প্ৰমাণিত হব৷
সিংহ ৰাশি
এই মাহত সিংহ ৰাশিৰ জাতক জাতিকাই কৰ্মজীৱনত উল্লেখযোগ্য সাফল্য লাভ কৰিব৷ তেওঁলোকৰ আৰ্থিক অৱস্থাৰ উল্লেখযোগ্যভাৱে শক্তিশালী হব৷ চাকৰিয়ালে তেওঁলোকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা পাব৷ মাটি সংক্ৰান্তিয় বিষয়ত সুফল পাব৷ হঠাৎ ৰৈ থকা অৰ্থৰ পুনৰুদ্ধাৰ কৰিব পাৰিব৷ বিদেশৰ পৰা চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে এপ্ৰিল মাহ অত্যন্ত শুভ হব৷ সমস্যাৰ সমাধান হব৷ আপুনি কিছু সুসংবাদ লাভ কৰিব পাৰে৷ আপোনাৰ আয়ত উল্লেখযোগ্য বৃদ্ধি ঘটিব৷ এই মাহত আপোনাৰ ডাঙৰ কোনো আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে৷ আপুনি আপোনাৰ ব্যৱসায়ত প্ৰসাৰ ঘটাব৷ আপুনি আদালতৰ গোচৰত সাফল্য লাভ কৰিব৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকে নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা বিবেচনা কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















