যুদ্ধই সলাই দিছে সমগ্ৰ বিশ্বৰ ইন্ধনৰ পৰিস্থিতি৷ মজুত থকা গেছৰ কথা মূৰত ৰাখিয়েই LPG ৰ দাম বঢ়াইছে কেন্দ্ৰীয় চৰকাৰে৷ সলোৱা হৈছে চিলিণ্ডাৰৰ বুকিঙৰ নিয়মো৷ জানি থওক মাহিলী কিমান চিলিণ্ডাৰ পাব?
বুকিং প্ৰক্ৰিয়াৰ কিছু নিয়ম
ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিঙৰ নিয়মতো কেইবাটাও সালসলনি আনিছে চৰকাৰে৷ পশ্চিম এছিয়াৰ বৰ্তমান পৰিস্থিতিৰ কথা মূৰত ৰাখিয়েই প্ৰতিটো পৰিয়ালত নিৰবচ্ছিন্ন গেছ সৰবৰাহ নিশ্চিত কৰিবলৈ ভাৰল পেট্ৰোলিয়াম কৰ্পৰেছন লিমিটেডসহ অন্যান্য সংস্থাসমূহে বুকিং প্ৰক্ৰিয়াত কিছু নিয়ম আৰোপ কৰিছে৷
আপোনাৰো যদি ৰন্ধন গেছৰ কানেকছন থাকে তেতিয়া এইসমূহ নিয়ম অৱশ্যেই জানি থোৱাটো প্ৰয়োজন
মাহ আৰু বছৰত চিলিণ্ডাৰ পোৱাৰ সৰ্বোচ্চ সীমা
নতুন নিয়ম অনুসৰি এজন সাধাৰণ গ্ৰাহকে মাহত সৰ্বোচ্চ ২ টা চিলিণ্ডাৰ বুক কৰিব পাৰিব৷ ইয়াতকৈ বেছি চিলিণ্ডাৰ বুক কৰাৰ চেষ্টা কৰিলে চিষ্টেমটোৱে আপোনাৰ বুকিং ব্লক কৰি দিব পাৰে অথৱা অতিৰিক্ত ভেৰিফিকেছনৰ প্ৰয়োজন হব পাৰে৷
ভৰ্তুকিযুক্ত চিলিণ্ডাৰ
প্ৰতি আৰ্থিক বছৰত মুঠ ১২টা চিলিণ্ডাৰ ভৰ্তুকি মূল্য পোৱা যাব৷
সৰ্বোচ্চ সীমা
যদি প্ৰয়োজন হয়, তেতিয়া ১২ টাৰ বাহিৰত আৰু ৩ টা অৰ্থাৎ বছৰত মুঠ ১৫ টা চিলিণ্ডাৰ বুক কৰা সম্ভৱ৷ ১৩ তম চিলিণ্ডাৰৰ পৰা কোনো ভৰ্তুকি নাপাব৷
বুকিঙৰ সময়সীমাৰ সালসলনি
পূৰ্বে যেতিয়া এটা চিলিণ্ডাৰ লোৱাৰ ২১ দিন পাছত দ্বিতীয়টো বুক কৰিব পৰা গৈছিল, এতিয়া সেই সময় বঢ়াই ২৫ দিন কৰা হৈছে৷ অৰ্থাৎ এবাৰ চিলিণ্ডাৰ ডেলিভাৰি হোৱাৰ পাছত পৰবৰ্তী বুকিঙৰ বাবে আপুনি ২৫ দিন অপেক্ষা কৰিব লাগিব৷
অতিৰিক্ত চিলিণ্ডাৰৰ বাবে ‘Hello BPCL’এপ
যদি আপোনাৰ বছৰি ১২টাতকৈ বেছি চিলিণ্ডাৰ লাগে তেতিয়া ‘Hello BPCL’ মোবাইল এপৰ মাধ্যমেৰে আবেদন কৰিব লাগিব৷ তাতেই আপুনি কিছু নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰ দিব লাগিব৷
ঘৰত যিকোনো বিবাহ বা বিশেষ অনুষ্ঠান থাকিলে কিমান অতিথি অহাৰ সম্ভাৱনা আছে? আপোনাৰ উত্তৰৰ ওপৰত ভিত্তি কৰিয়েই ঠিক কৰিব যে আপুনি চিলিণ্ডাৰ পাবনে নাই৷
অটিপি আৰু ই কেৱাইচি বাধ্যতামূলক
ডেলিভাৰি কোড
এতিয়া চিলিণ্ডাৰ হাতত পোৱাৰ সময়ত আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা (Delivery Authentication Code) বা অটিপি আহিব৷ সেয়া ডেলিভাৰি বয়ক নিদিলে চিলিণ্ডাৰ লাভ নকৰিব৷
ই কেৱাইছি
চৰকাৰে সমস্ত গ্ৰাহকৰ বাবে e-KYC আপডেট কৰাটো বাধ্যতামূলক কৰিছে৷ যিসকলৰ কে ৱাইচি আপডেট নাই তেওঁলোকক ভৰ্তুকি বন্ধ কৰিব পাৰে৷
ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ
কেৱল ৰেজিষ্টাৰ্ড নম্বৰৰ পৰা এতিয়া বুকিং কৰা সম্ভৱ৷ নম্বৰ সলনি থাকিলে দ্ৰুত এজেন্সিত গৈ সেয়া আপডেট কৰাই লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















