আমাৰ দৈনিক ব্যৱহৃত এনে কিছু সামগ্ৰী আছে যিয়ে শৰীৰৰ ক্ষতি কৰে৷ যাৰ ভিতৰত অন্যতম হৈছে ডিছৱাছ লিকুইড৷ যি আমি প্ৰতিদিনে বাচন মাজিবলৈ ব্যৱহাৰ কৰো৷ কিন্তু জানিলে অবাক হব যে এই সাধাৰণ সামগ্ৰীবিধেই শৰীৰত ডাঙৰ ক্ষতি কৰিব পাৰে৷ সম্প্ৰতি তেনে এক তথ্য প্ৰকাশ পাইছে গৱেষণাত৷
বিজ্ঞানীয়ে কৈছে, ডিছৱাছ লিকুইড হ’ব পাৰে ৰন্ধন ঘৰৰ সকলোতকৈ ক্ষতিকৰ সামগ্ৰীসমূহৰ মাজত এটা৷ বহু ডিছৱাছ লিকুইডত এনে কিছু ৰাসায়নিক থাকে যিসমূহে জীৱাণু মৰাৰ বাবে ব্যৱহাৰ কৰা হয়৷ এইসমূহ কামৰ দিশৰ পৰা ভাল হ’লেও ছালৰ বাবে সকলো সময়তে নিৰাপদ নহয়৷ যিসকলে নিয়মিত বাচন মাজে তেওঁলোকৰ হাতত খজুৱতি, খৰ বা সৰু সৰু পানীজ্বলা উঠিব পাৰে৷ বহু সময়ত ই এলাৰ্জি বা ছালৰ সমস্যাও তৈয়াৰ কৰে৷
আৰু এক বিষয় হৈছে এই লিকুইড আমি বাচন মাজিবলৈ ব্যৱহাৰ কৰাৰ পাছত সেই বাচন ধুই পেলাও৷ কিন্তু বহু সময়ত অলপ পৰিমাণে সেই লিকুইডৰ কেমিকেল বাচনত লাগি থাকে৷ পাছত সেই প্লেট বা গ্লাছত খাদ্য খালে কেমিকেল সহজেই পেটৰ ভিতৰলৈ যায়৷
ইয়াৰোপৰি বিশেষজ্ঞৰ মতে এই ধৰণৰ কেমিকেল দীৰ্ঘদিন ব্যৱহাৰ কৰিলে শরীৰত হৰমনৰ ওপৰত প্ৰভাৱ পৰিব পাৰে৷ যদিও সকলো ক্ষেত্ৰত সেয়া প্ৰমাণিত নহয়, তথাপিও সতৰ্ক থকাই শ্ৰেয়৷ সকলোতকৈ বেছি আশংকা থাকে শিশুসকলৰ৷ তেওঁলোকে ভুলতো যদি এই লিকুইড কম পৰিমাণে খাই তেতিয়া মুখ, ডিঙি বা পেটত জ্বলাপোৰা কৰিব পাৰে৷ কাৰণ এইসমূহ খুবেই ঘন ৰাসায়নিকেৰে তৈয়াৰ কৰা হয়৷
এই লিকুইড সম্পূৰ্ণৰূপে বন্ধ কৰা কঠিন৷ কিছু সহজ নিয়ম মানি চলিলে এই আশংকা কমে৷ বাচন ভালধৰণে পানীৰে ধুই দিয়ক৷ খুবেই বেছি পৰিমাণে লিকুইড ব্যৱহাৰ নকৰিব৷ বাচন মজাৰ সময়ত হাতত গ্লভছ ব্যৱহাৰ কৰিব পাৰে৷ চেষ্টা কৰক কম কেমিকেলযুক্ত বা নেচাৰেল প্ৰডাক্ট ব্যৱহাৰ কৰিব পাৰে৷ ব্যৱহাৰৰ শেষত হাত ভালধৰণে ধুই ল’ব৷
সঠিকভাৱে ব্যৱহাৰ কৰিলে ডিছৱাছ লিকুইড নিৰাপদেই থাকে৷ অলপ সাৱধানতা ৰাখিলে নিজৰ আৰু পৰিয়ালৰ স্বাস্থ্যও ভালে ৰখা সম্ভৱ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















