এপ্ৰিল মাহত অত্যন্ত বিৰল গ্ৰহ সংযোগ ঘটিব৷ এই মাহতেই প্ৰায় ৩০ বছৰৰ পাছত চাৰিটা গ্ৰহই মীন ৰাশিত মিলিত হ’ব৷ ২ এপ্ৰিলমত মঙ্গলে মীন ৰাশিত গোচৰ কৰিব আৰু তাৰপিছতেই তিনিটা উগ্ৰ গ্ৰহ সূৰ্য, মঙ্গল আৰু শনি একেলগে মীন ৰাশিত গোচৰ কৰিব৷ বুধো উপস্থিত থাকিব৷ ১৯৯৬ চনত মীন ৰাশিত শনি, মঙ্গল, সূৰ্য আৰু বুধৰ এক সংযোগ তৈয়াৰ হৈছিল৷ ১৯৯৬ চনৰ এই গ্ৰহ সংযোগৰ সময়ত অসংখ্য বিপৰ্যয় আৰু দুৰ্ঘটনা ঘটিছিল৷ নিউয়ৰ্কৰ লং আইলেণ্ডৰ ওচৰত এখন বিমান দুৰ্ঘটনাত প্ৰায় ২৩০ জন লোক নিহত হৈছিল৷ ইয়াৰোপৰি ছাও পাওলোৰ এটা শ্বপিং চেণ্টাৰত বিস্ফোৰণত প্ৰায় ৪৪ জনে প্ৰাণ হেৰুৱাইছিল আৰু সেই বছৰেই আৰু অসংখ্য অনুৰূপ ঘটনা ঘটিছিল৷ এই গ্ৰহ সংযোগৰ প্ৰভাৱ ৰাশিসমূহত অনুভূত হব৷ জ্যোতিষী গণনা অনুসৰি মেষ আৰু কন্যাসহ ৪টা ৰাশি এই গ্ৰহ সংযোগৰ দ্বাৰা সকলোতকৈ বেছি প্ৰভাৱিত হব৷ এপ্ৰিল মাহত গ্ৰহৰ এই সংযোগৰ কাৰণে কোন কোন ৰাশিৰ জাতক জাতিকা ক্ষতিৰ সন্মুখীন হব পাৰে? জানি থওক৷
মেষ ৰাশি
মেষ ৰাশিৰ জাতক জাতিকাই বৰ্তমান চাৰে সাতি দশাৰ সন্মুখীন হৈ আছে৷ আপোনাৰ ৰাশিৰ অধিপতি মঙ্গলে আপোনাৰ দ্বাদশ ঘৰত গোচৰ কৰিব৷ সেয়ে আপোনালোক অত্যন্ত সতৰ্ক হৈ থাকক৷ এই সময়ত কথাবাৰ্তাৰ সময়ত সতৰ্কতা অৱলম্বন কৰক৷ ঊৰ্ধ্বতনসকলৰ সৈতে পৰামৰ্শ নোলোৱাকৈ ডাঙৰ বিনিয়োগ কৰাৰ পৰা বিৰত থাকক৷ আপোনাৰ পাৰিবাৰিক জীৱনত টনাআঁজোৰা থাকিব পাৰে৷ আপুনি যদি বিদেশত স্থায়ী হোৱাৰ কথা ভাৱিছে তেতিয়া আপোনাৰ পৰিকল্পনা থমকি ৰ’ব পাৰে৷ প্ৰতিকাৰঃ নিয়মিত হনুমান চালিছা পাঠ কৰক৷
কন্যা ৰাশি
বৰ্তমান সমস্ত গ্ৰহৰ কন্য ৰাশিৰ ওপৰত সপ্তম দৃষ্টিৰ প্ৰভাৱ আছে৷ সেয়ে আপুনি আপোনাৰ সম্পৰ্ক আৰু পাৰিবাৰিক জীৱন সম্পৰ্কে সতৰ্ক থাকিব লাগিব৷ বিবাহিত দম্পতিসকলৰ মাজৰ ভুল বুজাবুজি দূৰ হব৷ যিসকলে অন্যৰ সৈতে অংশীদাৰিত্বত জড়িত তেওঁলোকে গুৰুতৰ সমস্যাৰ সন্মুখীন হব পাৰে৷ এই সময়ত নতুন কোনো কাম আৰম্ভ কৰাৰ পৰা বিৰত থকাই শ্ৰেয়৷ প্ৰতিকাৰঃ প্ৰতিদিনে সূৰ্যদেৱক পানী নিবেদন কৰক আৰু আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক৷
তুলা ৰাশি
এই সময়ত তুলা ৰাশিৰ জাতক জাতিকাৰ ওপৰত মঙ্গলৰ অষ্টম দৃষ্টিৰ প্রভাৱ থাকিব৷ সেয়ে নিজৰ স্বাস্থ্য সম্পৰ্কে সচেতন হৈ থাকক অন্যথা গুৰুতৰ সমস্যাৰ সন্মুখীন হব পাৰে৷ এই সময়ত আপুনি আকস্মিক পৰিবৰ্তনৰো সন্মুখীন হব পাৰে৷ কৰ্মজীৱনত আপোনাৰ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হব পাৰে৷ প্ৰতিকাৰঃ মঙ্গল আৰু শনিবাৰে সংকট মোচন হনুমান স্তোত্ৰ পাঠ কৰক৷
মীন ৰাশি
সমস্ত গ্ৰহ মীন ৰাশিত একত্ৰিত হব৷ মীন ৰাশিৰ জাতক জাতিকাই বৰ্তমান চাৰে সাতিৰ দ্বিতীয় পৰ্বৰ মাজত আছে৷ ইয়াৰ ফলত মানসিক চাপ আৰু কৰ্মজীৱনত উত্থান পতনে দেখা দিব৷ সাফল্য কেৱল কঠোৰ পৰিশ্ৰম আৰু অধ্যবসায়ৰ মাধ্যমেৰেই আহিব৷ কৰ্মৰত ব্যক্তিয়ে বদলিৰ সন্মুখীনো হব পাৰে৷ যিসকলে নিয়মিত চাকৰি বিচাৰি আছে তেওঁলোকে হয়তো আৰু বেছিদিন অপেক্ষা কৰিব লগা হব পাৰে৷ প্ৰতিকাৰঃ প্ৰতি শনিবাৰে শনিদেৱৰ মন্দিৰত এটা প্ৰদীপ জ্বলাওক আৰু প্ৰতিদিনে হনুমান চালিছা পাঠ কৰক৷
(Disclaimer: ইয়াত দিয়া তথ্য সাধাৰণ বিশ্বাস আৰু তথ্যৰ ওপৰত ভিত্তি কৰে৷ অসম লাইভ ২৪ এই সম্পৰ্কে নিশ্চিত নহয়৷ সবিশেষ জানিবলৈ জ্যোতিষীৰ পৰামৰ্শ লওক৷)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















