জাগীৰোডৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী পীয়ুষ হাজৰিকাই সপৰিয়ালে ওলাই আহিছে৷

মাতৃ আৰু সহধৰ্মীনি আইমী বৰুৱাৰ সৈতে একেলগে ওলাই আহিছে পীয়ুষ হাজৰিকা৷
ভোটদান কৰাৰ পূৰ্বে মাতৃ, পত্নীক সৈতে সেৱা কৰিছে নামঘৰত৷ সংবাদমাধ্যমৰ আগত স্বামী পীয়ুষক লৈ আশাবাদী বুলিও মন্তব্য কৰিছে আইমী বৰুৱাই৷ আইমীয়ে কয় যে এইবাৰ জাগীৰোডত জনতাই নিজেই প্ৰচাৰ চলাইছে৷ বিজেপি চৰকাৰে অসমৰ শিল্পী সমাজৰ বাবে পেঞ্চনকে আদি কৰি বহু কাম কৰিছে আগন্তুক দিনটো এই কাম তেওঁলোকে কৰি যাব বুলি আশাবাদী বুলিও জনায় আইমী বৰুৱাই৷
হয়তো কিছুসময়ৰ পাছতেই ভোটদান কৰিব পীয়ুষ হাজৰিকাই৷ তেওঁ সংবাদমাধ্যমৰ আগত কয়, উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ৷ এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পাম৷ আকৌ হিমন্ত বিশ্ব ডাঙৰীয়া মুখ্যমন্ত্ৰী হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















