হিন্দী চলচ্চিত্ৰ জগতৰ বহু অভিনেত্ৰীয়ে শিশু শিল্পী হিচাপে আৰম্ভ কৰি পিছলৈ আগশাৰীৰ অভিনেত্ৰী হিচাপে পৰিগণিত হয়। তেনে এগৰাকী অভিনেত্ৰী আছে, যিয়ে অভিনয় জীৱন ১০ বছৰতকৈও অধিক সময় দিছে। টেলিভিছন আৰু বিজ্ঞাপনতো কাম কৰি বৰ্তমান বলীউড, তামিল আৰু তেলেগু চলচ্চিত্ৰ উদ্যোগত কাম কৰি আছে।
তেওঁৰ অভিনয় কেৰিয়াৰ ১০ বছৰতকৈও অধিক সময় ধৰি চলি আছে। টেলিভিছন আৰু বিজ্ঞাপনতো কাম কৰি বৰ্তমান বলীউড, তামিল আৰু তেলেগু চলচ্চিত্ৰ উদ্যোগত কাম কৰি আছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে নিজৰ কেৰিয়াৰৰ টাৰ্নিং পইণ্ট হিচাপে দুটা টিভি শ্ব’ৰ কথা উল্লেখ কৰে। দুয়োটা টিভি শ্ব’ৰ ভিতৰত আছিল জনপ্ৰিয় আৰু হিট শ্ব’।
৩৪ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে প’ডকাষ্টত কয় যে, ইমান কম বয়সতে কাম আৰম্ভ কৰাটো তেওঁ নিজকে অতি ভাগ্যৱান বুলি অনুভৱ কৰে। ৮ বছৰ বয়সৰ পৰাই টেলিভিছনৰ কাম আৰম্ভ কৰি শিশু আৰু প্ৰাপ্তবয়স্ক উভয়ৰে বাবে এগৰাকী প্ৰিয় শিশু শিল্পী হিচাপে পৰিগণিত হয়।
এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী হান্সিকা মোটোয়ানি। আইএনএছৰ এক প্ৰতিবেদন অনুসৰি হান্সিকা মোটোয়ানিয়ে নিজৰ যাত্ৰাৰ কথা মনত পেলাই কয়, “ইমান কম বয়সতে মই শিশু শিল্পী হ’বলৈ সক্ষম হোৱাটো মই আশীৰ্বাদ বুলি গণ্য কৰোঁ। মই নিজকে সদায় শিশু শিল্পী হিচাপে দেখিছো। মই মাত্ৰ ৮ বছৰ বয়সৰ পৰাই কাম আৰম্ভ কৰিছিলো। তেনেকৈয়ে মই এই উদ্যোগটোৰ সৈতে জড়িত হ’লোঁ।”
হান্সিকা মটৱানিয়ে তেওঁৰ কেৰিয়াৰৰ বাবে অতি সফল হোৱা দুটা শ্ব’ৰ কথা উল্লেখ কৰিছে। তেওঁ কয়, “‘শাকা লাকা বুম বুম’ আৰু ‘দেশ মেইন নিকলা হোগা চান্দ’ৰ পৰা মই অপৰিসীম জনপ্ৰিয়তা লাভ কৰিলোঁ। মোৰ ভাগ্য ভাল আছিল যে সেই সময়ছোৱাত মোৰ ওচৰত সদায় ভাল মানুহ আছিল। এই শ্ব’বোৰে মোক ঘৰুৱা নাম কৰি তুলিছিল।” ঋত্বিক ৰোশনৰ সৈতে ‘কোই মিল গয়া’ ছবিত কাম কৰাৰ লগতে হিমেশ ৰেশমীয়াৰ ছবি ‘আপ কা সুৰুৰ’ত মুখ্য অভিনেত্ৰী হিচাপে বলীউডত অভিষেক ঘটায়।
১৫ বছৰ বয়সতে চলচ্চিত্ৰত অভিষেক ঘটা হান্সিকা মটৱানিয়ে। তেওঁৰ প্ৰথম ছবি আছিল পুৰী জগন্নাধৰ পৰিচালনাত নিৰ্মিত তেলেগু ছবি ‘দেছামুদুৰু’, আৰু তেওঁ শ্ৰেষ্ঠ নাৰী অভিষেকৰ বাবে ফিল্মফেয়াৰ চাউথ বঁটা লাভ কৰে। তামিল চিনেমাত মুখ্য অভিনেত্ৰী হিচাপে প্ৰথম অভিনয়ে দৰ্শকৰ হৃদয় জয় কৰিছিল। ‘Engyum Kaadhal’ আৰু Oru Kal Oru Kannadi’ আদি ছবিৰে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত দৃঢ়তাৰে প্ৰতিষ্ঠা লাভ কৰে।
হন্সিকা মটৱনিৰ ব্যক্তিগত জীৱনৰ কথা কওঁতে ২০২২ চনৰ ৪ ডিচেম্বৰত ৰাজস্থানত দীৰ্ঘদিনীয়া প্ৰেমিক সোহেইল কথুৰীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এটা সাক্ষাৎকাৰত হন্সিকাৰ সোহেইল কেনেকৈ তেওঁৰ জীৱনলৈ আহিল সেই কথা প্ৰকাশ কৰে। অভিনেত্ৰীগৰাকীয়ে ২০১৬ চনত তামিল তাৰকা শম্ভুৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত মানসিকভাৱে ভাৱে ভাগি পৰাৰ কথাও প্ৰকাশ কৰে।
হন্সিকা মটৱানিয়ে কয়, ‘আকৌ কাৰোবাক হয় বুলি ক’বলৈ মোৰ কমেও ৭-৮ বছৰ সময় লাগিল।’ হন্সিকা আৰু সোহেইল কথুৰীয়াৰ বিবাহক লৈ নিৰ্মাণ কৰা হৈছিল ‘হান্সিকা লাভ ছাদি ড্ৰামা’ শীৰ্ষক এখন তথ্যচিত্ৰ ধাৰাবাহিক। ইয়াক Jio Hotstar ত চাব পাৰিব। হন্সিকা মটৱনী আৰু সোহেইল কথুৰিয়াৰ বিবাহ মাত্ৰ চাৰি বছৰহে চলিছিল। মুম্বাইৰ বান্দ্ৰা পৰিয়াল আদালতে পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদ মঞ্জুৰ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















