অসম লাইভ ২৪ঃ ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্টত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব সমগ্ৰ বিশ্ব। প্ৰথমবাৰৰ বাৰে পুৰুষৰ টেষ্ট মেচত আম্পায়াৰিং কৰিব এগৰাকী মহিলাই। ছিডনী টেষ্টত ফ’ৰ্থ আম্পায়াৰ হিচাপে থাকিব ক্লেয়াৰ পল’ছাক। নিউ ছাউথ ৱেলছৰ নিৱাসী ক্লেয়াৰ পল’ছাকৰ বয়স ৩২বছৰ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় মেচত আম্পায়াৰিং কৰিছে ক্লেয়াৰ পল’ছাকে। ২০১৯ বৰ্ষত ICCৰ ভিজন-২ৰ নামিবিয়া আৰু ওমানৰ মাজৰ এদিনীয়াত ক্লেয়াৰ পল’ছাকে কৰিছিল আম্পায়াৰিং।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ