দিল্লীত আকৌ বিমানত ভয়ংকৰ ঘটনা৷ দিল্লী বিমানবন্দৰত বিমানখনে টেক অফ কৰাৰ সময়তে বিমানৰ ইঞ্জিনত জুইৰ সূত্ৰপাত হয়৷ এই দুৰ্ঘটনাত ৬জনকৈ যাত্ৰী আহত গৈছে৷ আহতসকলক ইতিমধ্যেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ জৰুৰীকালীন শ্লাইড ব্যৱহাৰ কৰি যাত্ৰীক ৰানৱেলৈ ওলিয়াই অনা হৈছে বুলি বিষয়াসকলে জনাইছে৷ বিমানখনে দিল্লীৰ পৰা ছুইজাৰলেণ্ডলৈ যাত্ৰা কৰাৰ কথা আছিল৷
বিষয়াসকলে জনোৱামতে এয়াৰবাছ A330 নামৰ এয়াৰবাছখনে পুৱতি নিশা ১ বাজি ৮মিনিটত টেক অফৰ বাবে সাজু হৈছিল৷ আৰু ইয়াৰে এটা ইঞ্জিন বিকল হৈ অগ্নিকাণ্ড সংঘটিত হয়৷ ছুইচ এয়াৰলাইন্সৰ পৰা দিয়া বিবৃতি দিছে এনেদৰে, ‘দিল্লীত এল এক্স ১৪৭ বিমানৰ সৈতে হোৱা ঘটনাৰ কথা আমি জানিব পাৰিছো৷ বিমানখন হৈছে এয়াৰবাছ A330৷ ছুইচ এয়াৰলাইন্সৰ পৰা আমি এটা টাস্ক ফৰ্চ গঠন কৰিছো৷ বিমানখনত ২২৮ জন যাত্ৰী আৰু ৪টা শিশু আছিল৷’
বিমান সংস্থাটোৱে কয় যে, ‘উৰণৰ কিছু সময়ৰ পিছতে ভাৰতৰ স্থানীয় সময় অনুসৰি পুৱা ১ বজাৰ ঠিক পিছতেই বিমানখনে টেক অফ কৰিবলৈ লৈছিল৷ তেতিয়াই বিমানখনৰ এটা ইঞ্জিনত সমস্যাৰ সৃষ্টি হয়। লগে লগে ক্ৰু মেম্বাৰে উৰণ নাকচ কৰে আৰু পৰিস্থিতিৰ মূল্যায়নৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিমানখন খালী কৰাৰ সিদ্ধান্ত লয়। ঘটনাত ৬জন যাত্ৰী আহত হৈছে৷ তাৰবাবে আমি দুখিত৷ বৰ্তমান চিকিৎসালয়ত আছে ছয়জন যাত্ৰী৷ ক্ৰুৰ কোনো ক্ষতি হোৱা নাই।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















