জুন মাহত সূৰ্যই বৃহস্পতিৰ সৈতে এটা নিৰ্দিষ্ট কোণত অৱস্থান কৰিব যিয়ে শক্তিশালী সংযোগ তৈয়াৰ কৰিব৷ চাৰি ৰাশিৰ বাবে শুভ ফল কঢ়িয়াই আনিব পাৰে৷ জানি থওক লাকী ৰাশি কি কি?
শক্তিশালী দ্বিদ্বাদশ যোগ
২০২৬ চনৰ ১৯ জুন, শুকুৰবাৰে নিশা ১ বাজি ৩৪ মিনিটত সূৰ্য আৰু বৃহস্পতিৰ ৩০ ডিগ্ৰীৰ এক কৌণিক অৱস্থানত মিলিত হৈ শক্তিশালী দ্বিদ্বাদশ যোগ গঠন কৰিব৷ যিয়ে চাৰিটা ৰাশিৰ বাবে শুভ ফল কঢ়িয়াই আনিব৷ সূৰ্য আৰু বৃহস্পতিৰ এই কৌণিক অৱস্থানে এক বা দুই সপ্তাহ বা তাতোকৈ কম সময় ধৰিও সক্ৰিয় থাকিব পাৰে৷ কাৰণ এই ধৰণৰ যোগৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই৷ জানি থওক সূৰ্য আৰু বৃহস্পতিৰ এই দ্বিদ্বাদশ যোগৰ পৰা কোন চাৰিটা ৰাশি উপকৃত হ’ব?
মেষ ৰাশি
সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগে মেষ ৰাশিৰ জাতক জাতিকাৰ কৰ্মক্ষেত্ৰত শুভ ফল কঢ়িয়াই আনিব পাৰে৷ অপোনাৰ কামৰ প্ৰশংসা হ’ব আৰু আপোনাৰ সন্মান বৃদ্ধি পাব৷ পদোন্নতিৰ সম্ভাৱনা আছে৷ বৃহস্পতিৰ অৱস্থানে আপোনাৰ জ্ঞান বৃদ্ধি কৰিব৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে শুভ সময়৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷
সিংহ ৰাশি
সূৰ্য বৃহস্পতিৰ সংযোগ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে সাফল্যৰ দ্বাৰ উন্মুক্ত কৰিব৷ আপোনাৰ কৰ্মফল ইতিবাচক হ’ব৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে ভাল সময়৷ আপোনাৰ বকেয়া অৰ্থপ্ৰাপ্তিৰ সৈতে আৰ্থিক সমস্যাৰ সমাধান হব৷ আত্মবিশ্বাস বাঢ়িব আৰু ব্যৱসায়ত দ্ৰুত উন্নতি ঘটিব৷
ধনু ৰাশি
বৃহস্পতিৰ আৰু সূৰ্যৰ দ্বাদশ সংযোগে ধনু ৰাশিৰ বাবে শুভ ফল কঢ়িয়াই আনিব৷ আকস্মিক আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ স্বাস্থ্যৰো উন্নতি হ’ব৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ সক্ষম হ’ব৷ সামাজিক মৰ্যাদা বৃদ্ধি পাব৷ শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















