বুধ হৈছে বৃদ্ধিৰ কাৰক গ্ৰহ৷ আৰু এই গ্ৰহ মঙ্গলৰ মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ যাৰ ফলত ৪ৰাশিৰ ভাগ্য খুলিব৷ লাভ কৰিব ধন৷ ইয়াৰোপৰি চাকৰি আৰু ব্যৱসায়ত উন্নতি হ’ব৷ ২৫ মে ২০২৬ সোমবাৰে নিশা ১১ বাজি ৪৯ মিনিটত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব বুধে৷ আৰু সেইকাৰণেই বাম্পাৰ সময় কটাব ৪ ৰাশিৰ জাতকে৷ তেওঁলোকৰ ভাগ্যৰ দুৱাৰ খুলিব৷ দূৰ হ’ব সকলো সমস্যা৷ দেৰী নকৰি জানি থওক বিশেষ ৪ৰাশি কি কি?
বৃষ ৰাশি
এই ৰাশিৰ জাতক আৰু জাতিকাৰ বাবে এই সময়ত বুধৰ নক্ষত্ৰ গোচৰ৷ এই সময়ত আপোনাৰ চাকৰিত হ’ব উন্নতি৷ প্ৰমোছন হ’ব পাৰে৷ ইয়াৰোপৰি ব্যৱসায়ত লাভ হ’ব পাৰে৷ নতুন প্ৰজেক্ট পাব পাৰে৷ অৰ্থৰ সমস্যা দূৰ হ’ব৷ ইয়াৰোপৰি পৰিয়ালত শান্তি থাকিব৷ বহু অশান্তি দূৰ হব৷ পৰিয়ালৰ সকলো সদস্যক কাষত পাব৷ ভাল সময় কটাবৰ বাবে সাজু হওক৷
সিংহ ৰাশি
এই ৰাশিৰ জাতক আৰু জাতিকাই বুধৰ মৃগশিৰা নক্ষত্ৰত প্ৰৱেশৰ ফলত গল্ডেন টাইম আৰম্ভ হ’ব৷ আপোনাৰ মন শান্ত থাকিব৷ সঠিক সিদ্ধান্ত ল’ব পাৰে৷ এই সময়ত কেৰিয়াৰত বিৰাট উন্নতি হ’ব৷ বছে আপোনাক পছন্দ কৰিব৷ ইয়াৰোপৰি ব্যৱসায়তো ডাঙৰ প্ৰজেক্ট লাভ কৰিব৷ ব্যৱসায়ৰ বাবে বিদেশ যাত্ৰা কৰিব পাৰে৷
কন্যা ৰাশি
বুধৰ এই নক্ষত্ৰ গোচৰে কন্যা ৰাশিৰ বাবেও খুবেই ভাল পৰিণাম কঢ়িয়াই আনিব৷ আপোনাৰ নতুন পৰিকল্পনা সফল হ’ব৷ তাৰ ফলত পুৰণি ৰৈ থকা কাম এইবাৰ শেষ হ’ব৷ কেৱল সেয়াই নহয় এই সময়ত কামৰ স্থানত আপুনি প্ৰশংসা পাব৷ বিৰাট প্ৰমোছন পাব৷ নতুন চাকৰিৰ আশাও আছে৷ ইয়াৰোপৰি ব্যৱসায়ত লাভ পাব৷
বৃশ্চিক ৰাশি
এই ৰাশিৰ জাতক আৰু জাতিকাইয়ো বুধৰ গোচৰত ভাল সময় কটাব৷ আৰ্থিক স্থিতি সলনি হ’ব৷ টকাৰ অভাৱ দূৰ হ’ব৷ এই সময়ত পৰিয়ালৰ সংগ পাব৷ কেৰিয়াৰত উন্নতি হ’ব৷ পাব নতুন চাকৰি৷ ইয়াৰোপৰি নতুন পাৰ্টনাৰ পাব৷ ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















