• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

3 months ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

6 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

6 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

7 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

7 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

7 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

8 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

9 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

9 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

10 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

10 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

12 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

editor by editor
May 19, 2026
in জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা
0
জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেট্ৰল-ডিজেলৰ ব্যৱহাৰ কমাবলৈ এটাৰ পাছত আনটো ডাঙৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই৷ চৰকাৰী দপ্তৰক ভাৰ্চুৱেল বৈঠক, কৰ্মচাৰীসকলক ৱাৰ্ক ফ্ৰম হোম, চৰকাৰী বাহনৰ ব্যৱহাৰ কমোৱাৰ পৰা আৰম্ভ কৰি পাব্লিক ট্ৰান্সপৰ্ট ব্যৱহাৰত জোৰ দিছে কেন্দ্ৰই৷ কেন্দ্ৰৰ একাধিক আবেদনে জনতাক মনত পেলাইছে লকডাউনৰ স্মৃতি৷ কেন্দ্ৰই স্পষ্টকৈ জনাইছে যে দেশত লকডাউনৰ দৰে কোনো পৰিস্থিতি এতিয়াও অহা নাই৷ ইন্ধন সাশ্ৰয় আৰু বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ ৰখাৰ বাবেহে এই পদক্ষেপ লৈছে কেন্দ্ৰই৷

মধ্যপ্ৰাচ্যত অস্থিৰতা কমাতকৈ দিনকদিনে বৃদ্ধিহে পাইছে৷ হৰমুজ ৰুটত সমস্যা এতিয়াও দূৰ হোৱা নাই৷ ফলত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি পাইছে৷ তাৰ প্ৰভাৱ পৰিছে ভাৰততো৷ পেট্ৰল-ডিজেলৰ দামবৃদ্ধিৰ আশংকাৰ মাজতে কেন্দ্ৰৰ তৰফৰ পৰা ইন্ধনৰ ব্যৱহাৰত নিয়ন্ত্ৰণ অনাৰ বাৰ্তা দিছে কেন্দ্রই৷ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সম্প্ৰতি দেশবাসীক ইন্ধন বচোৱাৰ আবেদন জনাইছে৷ তাৰপিছৰে পৰা বিভিন্ন চৰকাৰী নিৰ্দেশনা আহিছে৷ এই নিৰ্দেশনাসমূহৰ বাবেই চিন্তিত হৈ পৰিছে দেশৰ জনতা৷

কেন্দ্ৰৰ সাম্প্ৰতিক পদক্ষেপসমূহৰ মাজত সকলোতকৈ বেছি নজৰ কাঢ়িছে চৰকাৰী বেংক আৰু দপ্তৰসমূহৰ ভাৰ্ছুৱেল বৈঠকৰ নিৰ্দেশে৷ বিত্তমন্ত্ৰণালয়ৰ অধীনত আৰ্থিক পৰিসেৱা বিভাগে সমস্ত চৰকাৰী বেংক, আঞ্চলিক গ্ৰামীণ বেংক আৰু চৰকাৰী বীমা সংস্থাসমূহক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বৈঠক কৰাৰ পৰামৰ্শ দিছে৷ অত্যন্ত প্ৰয়োজন নহ’লে বৈঠক এৰাই চলিবলৈ আহ্বান জনাইছে৷ ইয়াৰ ফলত যাতায়াত আৰু ইন্ধনৰ খৰচ বাচিব বুলি ধাৰণা কৰিছে কেন্দ্ৰই৷

কেৱল সেয়াই নহয়, আকৌ ৱাৰ্ক ফ্ৰম হোমতো গুৰুত্ব দিয়া হৈছে৷ দিল্লী চৰকাৰে ইতিমধ্যেই চৰকাৰী কৰ্মচাৰীসকলক সপ্তাহত দুদিন ঘৰৰ পৰা কাম কৰাৰ নিৰ্দেশ দিছে৷ বেচৰকাৰী সংস্থাসমূহকো একে পথ অনুসৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷ উদ্দেশ্য এটাই পথত বাহনৰ সংখ্যা কমোৱা আৰু পেট্ৰল ডিজেলৰ ব্যৱহাৰ নিয়ন্ত্ৰণত ৰখা৷

বিদেশী মুদ্ৰা সাশ্ৰয়ৰ লক্ষ্যৰে সোণ কিনাতো সতৰ্কবাৰ্তা দিছে কেন্দ্রই৷ ভাৰতত বিপুল পৰিমাণৰ সোণ আমদানি কৰা হয়৷ ফলত প্ৰচুৰ ডলাৰ খৰচ হয়৷ সেই কাৰণেই প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ ওচৰত এবছৰৰ বাবে অপ্ৰয়োজনীয় সোণ ক্ৰয় এৰাই চলিবলৈ আবেদন জনাইছে কেন্দ্ৰই৷ ইয়াৰ সৈতে বিদেশ যাত্ৰা আৰু পৰ্যটনক লৈয়ো সংযমৰ বাৰ্তা দিয়া হৈছে৷ কাৰণ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো বিপুল বৈদেশিক মুদ্ৰা খৰচ হয়৷

চৰকাৰী স্তৰতো ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ অনাৰ চেষ্টা আৰম্ভ হৈছে৷ মন্ত্ৰী আৰু আমোলাসকলৰ কনভয়ৰ বাহনৰ সংখ্যা কমোৱা হৈছে৷ বিদেশ যাত্ৰাৰ ক্ষেত্ৰতো নিয়ন্ত্ৰণ অনা হৈছে৷ ইয়াৰোপৰি দিল্লীৰ দৰে কেইবাখনো ৰাজ্যত আগন্তুক কেইবামাহ নতুন পেট্ৰল, ডিজেল বা চিএনজি বাহন কিনাত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ চৰকাৰী দপ্তৰসমূহক দ্ৰুত ইলেক্ট্ৰিক বাহন ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷

ইয়াৰোপৰি ডাঙৰ চৰকাৰী অনুষ্ঠান আৰু উৎসৱ স্থগিত বা বাতিল কৰাৰো সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে৷ সাধাৰণ মানুহকো ব্যক্তিগত বাহনৰ সলনি মেট্ৰ, বাছ আদি ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে৷ সপ্তাহত এদিন নো ভেহিকল ডে পালনৰ আবেদন কৰা হৈছে বিভিন্ন মহলত৷

অৱশ্যে কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টকৈ জনোৱা হৈছে যে দেশত ইন্ধনৰ কোনো ঘাটি নাই৷ পৰ্যাপ্ত বাফাৰ ষ্টক আছে৷ সেয়ে লকডাউনৰ দৰে পৰিবেশৰ বাবে আতংকিত হোৱাৰ কোনো কাৰণ নাই৷ বৰ্তমান পৰিস্থিতিক কৰোনা মহামাৰীৰ সৈতে তুলনা নকৰিবলৈকো বাৰ্তা দিয়া হৈছে৷ প্ৰশাসনিক মহলৰ মতে এই সকলো সিদ্ধান্তৰেই মূল লক্ষ্য এটাই৷ সেয়া হৈছে দেশৰ সামূহিক অৰ্থনৈতিক পৰিস্থিতি নিয়ন্ত্ৰণত ৰখা আৰু ইন্ধনৰ নিৰাপত্তা নিশ্চিত কৰা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
কেনে যাব কাইলৈ আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

August 24, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম
ভাৰত

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

August 24, 2026
Next Post
২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.