ঘৰত পইঁতাচোৰা বাঢ়িছে৷ পঁইতাচোৰা দেখিবলৈ কেৱল বেয়া লাগে তেনে নহয়, ই স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক৷ বজাৰত পঁইতাচোৰা খেদা বিভিন্ন স্প্ৰে পোৱা যায়৷ কিন্তু এই স্প্ৰেসমূহত দিয়া কেমিকেলে আমাৰ স্বাস্থ্যৰো ক্ষতি কৰে৷ পঁইতাচোৰা প্ৰাকৃতিক ভাৱেও খেদিব পৰা যায়৷ এনে কেইবিধমান উদ্ভিদ আছে যিসমূহৰ গোন্ধ মুঠেও সহ্য কৰিব নোৱাৰে পঁইতাচোৰাই৷ পঁইতাচোৰাৰ ঘ্ৰাণশক্তি অতি প্ৰৱল আৰু কিছু উদ্ভিদৰ গোন্ধ পালেই থাকিব নোৱাৰি সেই স্থান ত্যাগ কৰে৷ পঁইতাচোৰা খেদিবলৈ ঘৰত কি কি উদ্ভিদ ৰুব?
পদিনা
পদিনাৰ গোন্ধ মানুহৰ প্ৰিয় হ’লেও পঁইতাচোৰাই মুঠেও সহ্য নকৰে ইয়াৰ গোন্ধ৷ পদিনাত থকা মেন্থলৰ গোন্ধ পঁইতাচোৰাৰ বাবে প্ৰাকৃতিক স্প্ৰেৰ দৰেই কাম কৰে৷ পাকঘৰৰ খিৰিকীৰ কাষত, চিংকৰ ওচৰত বা মূল দুৱাৰৰ কাষত পদিনাৰ সৰু সৰু পাত্ৰ ৰাখক৷
লেমনগ্ৰাছ
লেমনগ্ৰাছত চিত্ৰনলা নামৰ এবিধ আৱশ্যকীয় তেল থাকে৷ ইয়াৰ প্ৰৱল, মিঠা আৰু টেঙা গোন্ধই পঁইতাচোৰা, মহ, মাখিক ঘৰত প্ৰৱেশৰ পৰা বিৰত ৰাখে৷ এই গছ দ্ৰুতগতিত বৃদ্ধি পায় আৰু ইয়াক বিশেষ যত্ন লোৱাৰো প্ৰয়োজন নাই৷ আপুনি ইয়াক বেলকনিত বা আপোনাৰ ঘৰৰ প্ৰৱেশ স্থানত ৰোপণ কৰিব পাৰে৷
তেজপাত
ভাৰতীয় পাকঘৰত তেজপাত এবিধ প্ৰধান খাদ্য৷ কিন্তু এই তেঁজপাতৰ গোন্ধ মুঠেও সহ্য কৰিব নোৱাৰে পঁইতাচোৰাই৷ যদি তেজপাত ৰোপন কৰিব নোৱাৰে তেন্তে থেতেলিয়াই লোৱা শুকান পাত ব্যৱহাৰ কৰিব পাৰে৷ তেজপাতৰ গছ ঘৰৰ ৰ’দঘাই ঠাইত ৰাখক যাতে পঁইতাচোৰা আঁতৰি যায়৷
নাৰ্জী ফুল
ধুনীয়া নাৰ্জী ফুলে আপোনাৰ ঘৰৰ সৌন্দৰ্য্য বৃদ্ধি কৰাই নহয়, পোক পৰুৱাক আঁতৰাই ৰখাতো সহায় কৰে৷ ইয়াৰ ফুল আৰু পাতৰ গোন্ধই ঘৰত পঁইতাচোৰা সোমোৱাত বাধা দিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















