ইটালী ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ তাতেই প্ৰধানমন্ত্ৰীয়ে জৰ্জিয়া মেলোনিক এপেকেট মেলোডি চকলেট উপহাৰ দিয়া দেখা গৈছে৷ ইটালিৰ প্ৰধানমন্ত্ৰী মেলোনিয়ে তেওঁৰ নিজৰ এক্স হেণ্ডেলৰ পৰা সেই ভিডিঅ’ শ্বেয়াৰো কৰিছে৷ সামাজিক মাধ্যমতো খুবেই ভাইৰেল হৈছে সেই ভিডিঅ’৷ প’ষ্টৰ কেপশ্ব্যনত মেলোনিয়ে লিখিছ, ‘থেঙ্কিউ ফৰ দি গীফ্ট৷’
ভাইৰেল ভিডিঅ’টোত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিক কোৱা শুনা গৈছে, ‘প্রধানমন্ত্ৰী মোদীয়ে মোৰ বাবে উপহাৰ আনিছে৷ খুবেই সুস্বাদু টফি মেলোডি৷ এই মেলোডি শব্দটো ইতিমধ্যেই সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে৷ জৰ্জিয়া মেলোনি আৰু প্ৰধানমন্ত্ৰী মোদীৰ উপাধি মিলাই এই শব্দ তৈয়াৰ কৰিছে নেটিজেনে৷
বুধবাৰে এই ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগেই মেলোনিৰ কমেণ্ট ভৰাই তুলিছে নেটিজেনে৷ কোনো কোনোৱে কৈছে, ৫০ টকাতেই মেলোনিৰ মন জিকি পেলালে মোদীয়েষ বহুতেই আকৌ মোদী আৰু মেলোনিক ইণ্টাৰনেটৰ ফেভাৰিট ডুয়ো বুলিও কৈছে৷ বহু মিম পেজে এই ভিডিঅ’ৰ ক্লিপিংছো ব্যৱহাৰ কৰি বলীউডৰ মিউজিক ব্যৱহাৰ কৰি মিম বনাইছে৷ একাংশই লিখিছে, ‘কোম্পানীয়ে এতিয়া দুয়োকে একেলগে ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিযুক্তি দিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















