ল’ৰাই কেনেকুৱা ছোৱালী পছন্দ কৰে তাকে লৈ বহু প্ৰশ্নৰ উত্থাপন ঘটে। কিছুমান ল’ৰাই ক্ষীণ বা চাপৰ ছোৱালীৰ প্ৰতি কিয় আকৰ্ষিত হয়, আন কিছুমানে ওখ ছোৱালী পচন্দ কৰে। ইয়াত বৈজ্ঞানিক আৰু মানসিক কাৰণো আছে।
অধ্যয়ন অনুসৰি পুৰুষে প্ৰায়ে পুৰুষে ক্ষীণ মহিলাতকৈ শকত মহিলাক বেছি পছন্দ কৰে। প্ৰায় ৮০% পুৰুষে কয় যে তেওঁলোকে শকত মহিলাক অধিক আকৰ্ষণীয় বুলি বিবেচনা কৰে। ২০ৰ পৰা ৫০ বছৰৰ ভিতৰৰ পুৰুষসকলে প্লাছ চাইজৰ মহিলাৰ প্ৰতি অধিক আকৰ্ষিত হয়। কাৰণ তেওঁলোকে বিশ্বাস কৰে যে তেওঁলোক প্ৰজননৰ বাবে অধিক উপযুক্ত। ইয়াক সুস্থ প্ৰজনন ক্ষমতাৰ লক্ষণ বুলি গণ্য কৰা হয়।
কিছুমান পুৰুষে ক্ষীণ ছোৱালীৰ ফিটনেছ আৰু সক্ৰিয়তা পছন্দ কৰে, আনহাতে বহু পুৰুষে শকত বা স্বাস্থ্যৱান ছোৱালীৰ সৌন্দৰ্য আৰু ব্যক্তিত্ব বেছি পছন্দ কৰে। ইফালে বাহ্যিক ৰূপৰ পৰিৱৰ্তে বেছিভাগ পুৰুষেই ছোৱালী এজনীৰ স্বভাৱ, বুদ্ধিমত্তা, হাঁহি আৰু ইতিবাচক মনোভাৱক গুৰুত্ব দিয়ে। ইফালে একাংশ যুৱকে শকত বা ক্ষীণ হোৱাতকৈ ছোৱালীজনী শাৰীৰিক আৰু মানসিকভাৱে সুস্থ নে নহয়, সেয়াই আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ।
গতিকে, এজন পুৰুষৰ কেনেকুৱা ছোৱালী পচন্দ, সেয়া এটা শব্দতে কোৱা উচিত নহয়। এই তথ্য মাত্ৰ সামাজিক মাধ্যমৰ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













