দাঁত ঘঁহাৰ সময়ত দাঁতৰ আলুৰ পৰা সামান্য ৰক্তপাত বা মুখগহ্বৰৰ ভিতৰত সৰু সৰু গুটি উঠিলে তাক বেছিভাগ মানুহেই সাধাৰণ সমস্যা বুলি উৰুৱাই দিয়ে৷ বিশেষকৈ যিসকলে নিয়মিত পানমছালা, গুটখা, চিগাৰেট বা চাধা জাতীয় দ্ৰব্য ব্যৱহাৰ কৰে তেওঁলোকে এই লক্ষণসমূহক মুঠেও গুৰুত্ব নিদিয়ে৷ কিন্তু চিকিৎসকে কৈছে যে এই সাধাৰণ অৱহেলাই মাতি আনিব পাৰে অকালমৃত্যু৷ দেশত ক্ৰমশ বাঢ়িছে অৰেল কেন্সাৰ বা মুখৰ কেন্সাৰ৷ প্ৰাথমিক স্তৰত ধৰা পৰিলে মুখৰ কেন্সাৰ সম্পূৰ্ণ নিৰাময় কৰা সম্ভৱ৷ সেয়ে চাধাজাতীয় দ্ৰব্য ব্যৱহাৰকাৰীসকলে মুখৰ ভিতৰত সৰু পৰিবৰ্তন আহিলেও অত্যন্ত সতৰ্ক থকাটো প্ৰয়োজন৷
অৰেল কেন্সাৰৰ লক্ষণসমূহ কি কি?
মুখৰ ভিতৰত কোনো ঘাঁ বা আলচাৰ যি দুসপ্তাহতকৈ বেছি সময় ধৰি যদি নাযায় তেতিয়া সতৰ্ক হোৱাটো প্ৰয়োজন৷
মুখৰ ভিতৰত, জিভা, দাঁতৰ আলুত বগা অথৱা ৰঙা ৰঙৰ গুটি দেখা পালে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন৷
খাদ্য চোবাই খাওঁতে বা গিলাত অসুবিধা হ’লে অৱহেলা নকৰিব৷
মুখৰ ভিতৰৰ কৰোবাত অস্বাভাৱিক ফোলাভাৱ, বা কোনো অংশ টান হৈ পৰিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা জৰুৰী৷
কোনো কাৰণ অবিহনেই দাঁতৰ মাজত ফাঁক বাঢ়ি যোৱাও স্বাভাৱিক নহয়৷
মুখত ভিতৰত বা ওঁঠত অৱশ ভাৱ বা অনবৰতে মুখত দুৰ্গন্ধ হলেও সাৱধান হোৱাটো প্ৰয়োজন৷
যিসকলে চিগাৰেট, বিড়ি, হুক্কা বা জৰ্দা আৰু চাধাজাতীয় দ্ৰব্য ব্যৱহাৰ কৰে তেতিয়া মুখত দুৰ্গন্ধ ওলোৱাটো খুবেই স্বাভাৱিক৷ কিন্তু ভালকৈ ব্ৰাছ কৰা বা মাউথ ৱাছ ব্যৱহাৰৰ পাছতো যদি অনবৰতে মুখত দুৰ্গন্ধ থাকে তেতিয়া সেয়া দাঁতৰ আলুৰ ৰোগ বা ইনফেকশ্ব্যন কিংবা অৰেল কেন্সাৰৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে৷ দুৰ্গন্ধৰ সৈতে দাঁতৰ আলুৰ পৰা তেজ ওলালে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷
বহুতেই ধাৰণা কৰে যে মুখৰ কেন্সাৰ সাধাৰণতে প্ৰবীণসকলৰ মাজত দেখা দিয়ে৷ বিগত ৫-৭ বছৰত এই ট্ৰেণ্ড সম্পূৰ্ণৰূপে সলনি হৈছে৷ বৰ্তমান ২৫ৰ পৰা ৪৫ বছৰ বয়সীয়া যুৱকসকলৰ মাজত অৰেল কেন্সাৰৰ গ্ৰাফ উদ্বেগজনকভাৱে উৰ্ধ্বমুখী হৈছে৷ ইয়াৰ অন্যতম প্ৰধান কাৰণ হৈছে তৰুণ প্ৰজন্মৰ মাজত ষ্ট্ৰেছ বা মানসিক চাপ কমোৱাৰ দোহাই দি চেন স্মকিং, পাৰ্টি কালচাৰ আৰু ভেপিং বা ই ছিগাৰেটৰ প্ৰৱণতা৷ অত্যধিক ধূমপান, ভেপিং, মদ্যপানৰ ফলত মুখত অস্বাস্থ্যকৰ পৰিবেশে তৰুণসকলক দ্ৰুত এই মাৰণ ৰোগৰ দিশত দেখি দিছে৷
অৰেল কেন্সাৰৰ ক্ষেত্ৰত আশাৰ কথা হৈছে যে ইয়াৰ আৰ্লি ডিটেকছন বা প্ৰাথমিক স্তৰত ৰোগ নিৰ্ণয়৷ যদি প্ৰথম পৰ্যায়ত ৰোগ ধৰা পৰে তেতিয়া সঠিক চিকিৎসাৰ মাধ্যমেৰে ৮০ৰ পৰা ৯০শতাংশ ক্ষেত্ৰত ৰোগী সম্পূৰ্ণ সুস্থ হৈ স্বাভাৱিক জীৱনলৈ উভতি আহিব পাৰে৷ সেয়ে এই লক্ষণ লুকাই নাৰাখি বা নিজে নিজে ঔষধ নাখায় চাধা খোৱাৰ অভ্যাস ত্যাগ কৰাই শ্ৰেয়৷ মুখৰ ভিতৰত সামান্য কোনো পৰিবৰ্তন দেখিলেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















