শেহতীয়াকৈ ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰা হ’ল। সমান্তৰালভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ লগতে ৰাখিলে। মুখ্যমন্ত্ৰীয়ে নিজৰ লগতে ৰখা বিভাগকেইটাৰ ভিতৰত এটা উল্লেখযোগ্য বিভাগ হৈছে জনসংযোগ বিভাগ। আধুনিক বিশ্বত ইণ্টাৰনেটে এৰাব নোৱাৰা ভূমিকা গ্ৰহণ কৰিছে। ইণ্টাৰনেটৰে অন্যতম দান হৈছে গণমাধ্যম। সেই দিশৰ পৰা চাবলৈ গ’লে গৃহ, বিত্ত, স্বাস্থ্য, শিক্ষাৰ দৰেই চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ বিভাগটো হৈছে জনসংযোগ বিভাগ। গতিকে অদূৰ ভৱিষ্যতে জনসংযোগ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ ল’ব বুলি আশা আৰু অনুমান কৰিব পাৰি।
ছ’চিয়েল মিডিয়াত বৃদ্ধি পোৱা বিভিন্ন উচটনি মূলক খবৰ, ভুৱা বাতৰি, সমাজ এখনলৈ বিয়পাব পৰা বিভিন্ন সাম্প্ৰদায়িক বিষবাষ্প নিয়ন্ত্ৰণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ লগত ৰখা জনসংযোগ বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰিব পাৰি।
ছ’চিয়েল মিডিয়া মনিটৰিং ব্যৱস্থাৰ জৰিয়তে বিভিন্ন কাৰ্যকলাপ ৰোধ কৰিব পাৰে চৰকাৰে। ৰাজ্যৰ জনসংযোগ বিভাগে এনে এটা মনিটৰিং চেল গঠন কৰিব পাৰে, যিয়ে Facebook, X, Instagram, YouTube, Telegram আৰু অন্যান্য ছচিয়েল মিডিয়া প্লেটফৰ্মত চকু দি বিভিন্ন সময়ত ভাইৰেল হৈ থকা বিষয়বস্তু নিৰীক্ষণ কৰিব। বৰ্তমান অসমত ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে। এনে বহু ব্যৱহাৰকাৰী আছে যাৰ শিক্ষাগত অৰ্হতা তুলনামূলকভাৱে কম। তেনে বহু ব্যৱহাৰকাৰীয়ে সমাজত অশান্তিৰ বাতাবৰণ সৃষ্টি কৰা দুষ্টচক্ৰৰ কবলত সহজেই পৰিব পাৰে। তেনে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বাবে সজাগতামূলক আঁচনি বা পদক্ষেপো জনসংযোগ বিভাগে ল’ব পাৰে।
লগতে কোনো সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব পৰা পোষ্ট, ধৰ্মীয় অনুভূতিত আঘাত হানিব পৰা পোষ্ট, জাতি বা গোষ্ঠীগত সংঘৰ্ষ বৃদ্ধি কৰাৰ আশংকা থকা পোষ্ট, ভুৱা তথ্য বা উচটনিমূলক পোষ্ট দেখাৰ লগে লগে এই চেলটোৱে তৎক্ষণিকভাৱে পদক্ষেপ ল’ব পাৰে।
এই চেলটোৰ অধীনত এটা ফেক্ট-চেক ইউনিটো স্থাপন কৰিব পাৰে জনসংযোগ বিভাগে। যিয়ে ছচিয়েল মিডিয়াত পোষ্ট কৰা যিকোনো উপাদানৰ সত্যতা পৰীক্ষা কৰিব পাৰে। ইয়াৰ লগতে বিভিন্ন ছ’চিয়েল মিডিয়া ফ্লেটফৰ্মত খুলি ৰখা ভুৱা একাউণ্ট, ভুৱা পৰ্টেলৰ বিৰুদ্ধেও মুখ্যমন্ত্ৰীৰ অধীনত থকা জনসংযোগ বিভাগটোৱে ব্যৱস্থা ল’ব পাৰে।
ইয়াৰ উপৰিও স্কুল, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু বিভিন্ন সামাজিক সংগঠনৰ সৈতে মিলি জনসংযোগ বিভাগে ডিজিটেল সাক্ষৰতা অভিযান চলাব পাৰে।
সমান্তৰালভাৱে জনসাধাৰণৰ বাবে মুকলি কৰা বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়েও বিশদ বিৱৰণ ছচিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে জনসংযোগ বিভাগৰ দ্বাৰা বিতৰণ কৰিব পাৰে। ইয়াৰ দ্বাৰা চৰকাৰখনৰ লগতে জনসাধাৰণেও লাভান্বিত হ’ব বুলি আশা কৰিব পাৰি।
এই লেখাটো যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















