• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

2 hours ago
৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

43 minutes ago
চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

1 hour ago
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

3 hours ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

4 hours ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

5 hours ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

6 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

19 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

20 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

20 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

21 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

22 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

পথ দুৰ্ঘটনাৰ ক্ষতিপূৰণৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

editor by editor
June 11, 2026
in অপৰাধ, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা
0
SHARES
576
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উচ্চতম ন্যায়ালয়ে কেৱল বিভিন্ন গোচৰৰ শুনানিয়েই নকৰে, বৰং আইন আৰু সংবিধানৰ অধীনত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰ্যালোচনাও কৰে। এনে এক গুৰুত্বপূৰ্ণ গোচৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে পথ দুৰ্ঘটনাৰ বলি হোৱা এগৰাকী মহিলাৰ ক্ষতিপূৰণ নিৰ্ধাৰণৰ ক্ষেত্ৰত এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে।

এজন ব্যক্তিৰ পত্নীৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা গোচৰত উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান কৰি কৈছে যে-গৃহিণীসকলেও ৰাষ্ট্ৰ নিৰ্মাণত সমানভাৱে অৱদান আগবঢ়ায়। সৰ্বোচ্চ ন্যায়ালয়ে লগতে মন্তব্য কৰে যে -তেওঁলোকৰ ঘৰুৱা কাম কৰাৰ উপৰিও পৰিয়ালটোকো সমানেই সঠিককৈ পৰিচালনা কৰে, গতিকে এই সেৱাৰ ন্যূনতম মূল্য প্ৰতিমাহে ৩০ হাজাৰ টকা হোৱা উচিত।

আদালতৰ মন্তব্য

এই ঐতিহাসিক ৰায়ত আদালতে স্পষ্টভাৱে উল্লেখ কৰিছে যে গৃহিণীসকলৰ ঘৰুৱা কাম-কাজ আৰু পৰিয়ালৰ সদস্যসকলৰ প্ৰতি যত্ন লোৱাটো ৰাষ্ট্ৰ গঠন আৰু সমাজ বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৱদান। সেয়েহে পথ দুৰ্ঘটনাত তেওঁলোকৰ মৃ*ত্যু বা চিৰদিনৰ বাবে শাৰীৰিকভাৱে অক্ষম হোৱাৰ ফলত পৰিয়ালৰ যি ক্ষতি হয়, তাক প্ৰকৃতাৰ্থত কোনোভাৱেই পূৰাব নোৱাৰি। ন্যায়াধীশ সঞ্জয় কৰোল আৰু এন কোটিছৰ সিংহৰ বিচাৰপীঠে এক পথ দুৰ্ঘটনাৰ ক্ষতিপূৰণ গোচৰৰ শুনানিৰ সময়ত এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। আদালতে কয় যে গৃহিণীৰ অৱদান কেৱল ঘৰৰ চাৰি বেৰৰ মাজতে সীমাবদ্ধ নহয়। তেওঁলোকে ভৱিষ্যৎ প্ৰজন্ম গঢ়ি তোলা, সন্তানৰ লালন-পালন, পৰিয়ালৰ কল্যাণ আৰু সমাজৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইবাবে তেওঁলোকক ‘ৰাষ্ট্ৰ নিৰ্মাতা’ হিচাপে যথোপযুক্ত স্বীকৃতি দিয়া উচিত।
আদালতে স্পষ্ট কৰি দিয়ে যে ‘ঘৰুৱা যত্নৰ ক্ষতি’ (Loss of Domestic Care) এতিয়াৰ পৰা পথৰ দুৰ্ঘটনা ক্ষতিপূৰণ অতিৰিক্ত দাবী হিচাপে গণ্য কৰা হ’ব।

কি গোচৰৰ ভিত্তিত আদালতৰ এই যুগান্তকাৰী ৰায়?

এই ৰায় পাঞ্জাবৰ এটা পথ দুৰ্ঘটনা গোচৰৰ সৈতে জড়িত। ২০০১ চনত ৰেশমা নামৰ এগৰাকী মহিলাৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। এই সন্দৰ্ভত তেওঁৰ স্বামী আৰু তিনি সন্তানে ক্ষতিপূৰণ দাবীৰে আদালতত গোচৰ দাখিল কৰিছিল। কিন্তু দুখজনকভাৱে এই গোচৰটো দুটা দশকৰো অধিক সময় বিভিন্ন আদালতত অমীমাংসিত হৈ আছিল। এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে কয় যে পথ দুৰ্ঘটনা ক্ষতিপূৰণ সম্পৰ্কীয় গোচৰসমূহ সাধাৰণতে এবছৰৰ ভিতৰতে নিষ্পত্তি হোৱা উচিত। আদালতে দেশৰ সকলো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলক এনে গোচৰসমূহৰ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰিবলৈ প্ৰয়োজনীয় প্ৰশাসনিক নিৰ্দেশনা জাৰি কৰাৰ আহ্বান জনায়।

ঘৰুৱা কামৰো আৰ্থিক মূল্য আছে

আদালতে পূৰ্বৰ কেইবাটাও ৰায়ৰ কথা উল্লেখ কৰি কয় যে-ঘৰুৱা কাম-কাজৰো এক স্পষ্ট আৰ্থিক মূল্য আছে, যদিও তাৰ বিপৰীতে কোনো প্ৰত্যক্ষ দৰমহা বা পাৰিশ্ৰমিক প্ৰদান কৰা নহয়। আইন বিশেষজ্ঞসকলৰ মতে, এই ঐতিহাসিক ৰায়ে সমগ্ৰ দেশৰ পথ দুৰ্ঘটনাৰ ক্ষতিপূৰণৰ গোচৰসমূহত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। বিশেষকৈ গৃহিণীৰ মৃত্যু সম্পৰ্কীয় গোচৰসমূহত ক্ষতিপূৰণৰ পৰিমাণ লক্ষণীয়ভাৱে বৃদ্ধি পাব পাৰে। একেদৰে, আদালতৰ এই সিদ্ধান্তক এক যুগান্তকাৰী পদক্ষেপ বুলিও গণ্য কৰিব পাৰি।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24supreme court decision
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট
বিনোদন

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

June 11, 2026
চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি
বিশ্ব

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

June 11, 2026
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক
ক্ৰীড়া

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

June 11, 2026
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা
স্বাস্থ্য

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

June 11, 2026
Next Post
চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.