সমগ্ৰ বিশ্বত অতি নতুন আৰু জনপ্ৰিয় প্ৰযুক্তিবিধেই হৈছে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI। অফিচেই হওঁক, ঘৰেই হওঁক বা বন্ধু-বান্ধৱৰ আড্ডাতেই হওঁক আজিকালি প্ৰায় সকলোৰে মনত এটা কথাই সবাটোকৈ চৰ্চিত হৈ থাকে, সেইটো হৈছে কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ চাকৰি কঢ়ি নিব নেকি? এই প্ৰশ্নটোৱে এতিয়া সকলো স্তৰৰেই কৰ্মচাৰীক চিন্তিত কৰি তুলিছে। AIৰ উদ্ভাৱনৰ ফলত মানুহে কৰিব পৰা যিকোনো কামকেই অতি কম সময়ৰ ভিতৰতে সম্পন্ন কৰিব পাৰে। যাৰ বাবে বিভিন্ন ক্ষেত্ৰত মানুহৰ ভূমিকা সংকুচিত হৈ অহা দেখা গৈছে। ম’বাইল ফোন, বেংকিং ব্যৱস্থা, অনলাইন বজাৰ, ছ’চিয়েল মিডিয়া আৰু স্বাস্থ্যসেৱা আদি প্ৰায় সকলো ক্ষেত্ৰতে AIৰ ব্যৱহাৰ দ্ৰুত হাৰত বৃদ্ধি পাইছে।
AI যদি চাকৰি কাঢ়িছে চাকৰিৰ নতুন বাটো মুকলি কৰিছে
চলিত বৰ্ষৰ জানুৱাৰীত প্ৰকাশিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ এক প্ৰতিবেদন অনুসৰি AIৰ ফলত বিশ্বজুৰি লাখ লাখ নতুন চাকৰিৰ সুযোগ সৃষ্টি হৈছে। AIৰ ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়িবলৈ হ’লে সঠিক পাঠ্যক্ৰম বাছনি কৰাটো অতি গুৰুত্বপূৰ্ণ। ভাৰতৰ এগৰাকী AI বিশেষজ্ঞ মেঘনা বালৰ মতে, ‘যিসকলে নিজকে সময়ৰ লগত আগবঢ়াই নিয়ে AI তেওঁলোকৰ বাবে কোনো ভাবুকি নহয়। বৰঞ্চ যিসকলে প্ৰযুক্তিক বুজি তাৰ সৈতে কাম কৰিবলৈ শিকে, AI তেওঁলোকৰ বাবে এক বৃহৎ সুযোগ।’ তেওঁৰ মতে কিছুমান প্ৰাথমিক AI পাঠ্যক্ৰম সকলোৰে বাবে উপযোগী। ইয়াৰ ভিতৰত বহুতো পাঠ্যক্ৰম চৰকাৰী SWAYAM প’ৰ্টেলৰ জৰিয়তে বিনামূলীয়াকৈও উপলব্ধ। ইয়াৰ উপৰিও Generative AI-ৰ বিভিন্ন সঁজুলি কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কীয় মৌলিক পাঠ্যক্ৰমো সকলোৰে বাবে লাভজনক।
AI ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়াৰ বাবে ৫ টা শ্ৰেষ্ঠ পাঠ্যক্ৰম
১. MBA বা PG Diploma in AI and Business Analytics
এই পাঠ্যক্ৰম ব্যৱসায়, Management আৰু বাণিজ্যৰ শিক্ষাৰ্থীৰ বাবে বিশেষভাৱে উপযোগী। AI Strategy, Analytics আৰু Product Managementত আগ্ৰহীসকলেও এই পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে। IIM, Indian School of Business, UpGrad আৰু Great Learning আদি প্ৰতিষ্ঠানৰ সহযোগিতাত এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব পাৰি।
এই পাঠ্যক্ৰমৰ সম্ভাৱ্য মাচুল: প্ৰায় ২.৫ লাখৰ পৰা ৭ লাখ টকা
সম্ভাৱ্য বাৰ্ষিক দৰমহা: ৬ লাখৰ পৰা ২০ লাখ টকা
২. AI Certificate Program (Online)
Udacity আৰু অন্যান্য অনলাইন শিক্ষা মঞ্চত এই পাঠ্যক্ৰম উপলব্ধ আছে। এই পাঠ্যক্ৰম বিশেষকৈ তেওঁলোকৰ বাবে উপযোগী যিসকলে AIৰ একেবাৰে প্ৰাথমিক ধাৰণা লাভ কৰিব বিচাৰে আৰু কঠিন পাঠ্যক্ৰম অধ্যয়ন কৰিব নিবিচাৰে।
এই পাঠ্যক্ৰমৰ সম্ভাৱ্য মাচুল: প্ৰায় ১.৫ লাখ টকা
সম্ভাৱ্য বাৰ্ষিক দৰমহা: ১০ লাখ টকা পৰ্যন্ত
৩. MCA বা M.Tech in AI and Machine Learning
IIT, NIT, IIIT আৰু অন্যান্য আগশাৰীৰ বিশ্ববিদ্যালয়সমূহত এই পাঠ্যক্ৰম উপলব্ধ। বহু IITত AI-সম্পৰ্কীয় স্বল্পম্যাদী পাঠ্যক্ৰমো আছে। এই পাঠ্যক্ৰম প্ৰযুক্তিগতভাৱে গভীৰ জ্ঞান আহৰণ কৰিব বিচৰা শিক্ষাৰ্থীৰ বাবে উপযুক্ত।
সম্ভাৱ্য বাৰ্ষিক মাচুল: ৪ লাখৰ পৰা ১০ লাখ টকা
সম্ভাৱ্য বাৰ্ষিক দৰমহা: ২২ লাখ টকা পৰ্যন্ত
৪. B.Sc. বা B.Tech in AI and Data Science
Delhi Technological University, VIT, Amity University, St. Xavier’s College, NIT আদি প্ৰতিষ্ঠানত এই পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰি।
সম্পূৰ্ণ পাঠ্যক্ৰমৰ মাচুল: ৫ লাখৰ পৰা ২০ লাখ টকা
সম্ভাৱ্য বাৰ্ষিক দৰমহা: ৬ লাখৰ পৰা ১৮ লাখ টকা
৫. AI Bootcamp আৰু Industry Program
IIT Madras, IIT Bombay আৰু বহু ব্যক্তিগত প্ৰতিষ্ঠানত এই ধৰণৰ পাঠ্যক্ৰম উপলব্ধ। এই পাঠ্যক্ৰম বিশেষকৈ কেৰিয়াৰ সলনি কৰিব বিচৰা পেছাদাৰ ব্যক্তি আৰু AI-ত নতুন দক্ষতা অৰ্জন কৰিব বিচৰা কৰ্মৰত লোকসকলৰ বাবে উপযোগী।
সম্ভাৱ্য মাচুল: ১ লাখৰ পৰা ৩.৫ লাখ টকা
সম্ভাৱ্য বাৰ্ষিক দৰমহা: ৬ লাখৰ পৰা ১৮ লাখ টকা বা তাতোকৈ অধিক
বিভিন্ন তথ্যৰ সহায়ত এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















