বলীউডৰ পূৰ্বৰ বহু ঘটনাই আজিও চৰ্চা লাভ কৰে। প্ৰায়ে অভিনেতা-অভিনেত্ৰীৰ অকথিত বহু কথা চৰ্চালৈ আহি থাকে। যিয়ে দৰ্শকৰ লগতে অনুৰাগীৰ চকু কপালত উঠাইছে।

সেই চুম্বনৰ দৃশ্যটো চাৰি মিনিটৰ বাবে শ্বুটিং কৰা হৈছিল। সেই সময়ত নতুনকৈ বিবাহপাশত আবদ্ধ হৈছিল দুই অভিনেতা-অভিনেত্ৰী। ফলত দুয়োজনেই শ্বুটিং স্থলীতেই অতি আৱেগিক হৈ পৰে।

দৰ্শকে ছবিখনত প্ৰকৃত চুম্বনৰ দৃশ্য দেখা পায়। বেছিভাগ ছবিত সেইবোৰ দৃশ্য বহু কষ্টৰ জৰিয়তে সৃষ্টি কৰা হয়।

আজিকালি বলীউডত চুম্বনৰ দৃশ্যবোৰ ডাঙৰ কথা নহয়, কিন্তু বলীউডৰ আটাইতকৈ দীঘলীয়া চুমা খোৱাৰ দৃশ্যটো বহু বছৰৰ আগতে শ্বুট কৰা হৈছিল।

১৯৩৩ চনত মুক্তি পোৱা ‘কৰ্ম’ চিনেমাখনত দেখা গৈছিল সেই চুম্বনৰ দৃশ্য। তাত দেৱীকা ৰাণী আৰু হিমাংশু ৰায়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

সেই দৃশ্যটো চাৰি মিনিটৰ বাবে শ্বুট কৰা হৈছিল। সেই সময়তে নতুনকৈ বিবাহপাশত আবদ্ধ হোৱা অভিনেতা-অভিনেত্ৰী আছিল। ফলত দুয়োজনেই অতি আৱেগিক হৈ পৰে। সেইটো আছিল বলীউডৰ আটাইতকৈ দীঘলীয়া চুম্বনৰ দৃশ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















