• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

2 months ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

25 minutes ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

1 hour ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

2 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

3 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

5 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

6 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

6 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

6 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

7 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

8 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

১৫ বছৰৰ দীঘল যাত্ৰাৰ অন্তত তৈয়াৰ হোৱা বিশুদ্ধ খোৱাপানী

editor by editor
June 18, 2026
in জীৱনশৈলী, বাণিজ্য, বিজ্ঞান, বিবিধ, বিশ্ব, স্বাস্থ্য
0
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধবাৰে সমাপ্ত হোৱা G7 বৈঠক অনুষ্ঠিত হৈছিল ফ্ৰান্সৰ মনোমোহা এভিয়ান চহৰত। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আল্পছ পৰ্বতমালাৰ পাদদেশত অৱস্থিত এই চহৰখনত উপস্থিত হৈছিল G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে। G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত হোৱাৰ উপৰিও এভিয়ান চহৰ আন বহুকেইটা কাৰণৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। চুইজাৰলেণ্ডৰ জেনেভাৰ দৰেই অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এভিয়ান মূলতঃ এখন বিশ্বখ্যাত ৰিজ’ৰ্ট চহৰ। আল্পছ পৰ্বতমালাৰ পাদদেশত আৰু জেনেভা হ্ৰদৰ পাৰত অৱস্থিত এই চহৰখন নিজৰ প্ৰাকৃতিক খনিজ পানীৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত।

এভিয়ানৰ বিশ্ববিখ্যাত বিশুদ্ধ পানী

এভিয়ান চহৰৰ নাম শুনিলেই বহুতে বিশ্বখ্যাত ‘Evian’ মিনাৰেল ৱাটাৰৰ কথা মনত পেলায়। যিটো ব্ৰেণ্ডৰ ১ লিটাৰ পানীৰ মূল্য ভাৰতীয় টকাৰ হিচাপত প্ৰায় ২৫০ টকা। যি ব্ৰেণ্ডৰ পানী বিৰাট কোহলিৰ দৰে তাৰাকায়ো সেৱন কৰে বুলি মাজে মাজে চৰ্চা চলে। অৱশ্যে কোহলিয়ে সঁচাকৈয়ে এই ব্ৰেণ্ডৰ পানী সেৱন কৰে নে নাই সেই সন্দৰ্ভত নাই কোনো নিশ্চিত তথ্য। এভিয়ান কোম্পানীৰ তথ্য অনুসৰি, ফ্ৰেন্স আল্পছৰ পৰা অহা নিৰ্মল আৰু প্ৰাকৃতিক পানীৰ উৎসৰ বাবেই এভিয়ান বিশ্বৰ অন্যতম আকৰ্ষণীয় গন্তব্যস্থান হিচাপে পৰিচিত হৈছে। ঊনবিংশ শতিকাৰ পৰাই ইয়াৰ থাৰ্মেল স্পা আৰু আৰোগ্যদায়ক পানীয়ে ধনী লোক, ৰাজপৰিয়াল আৰু বিশ্বৰ বহু খ্যাতনামা ব্যক্তিক আকৰ্ষিত কৰি আহিছে। জেনেভা হ্ৰদৰ কাষত অৱস্থিত এই মনোৰম চহৰখনৰ ৩৫ বৰ্গ কিলোমিটাৰ বিস্তৃত পাহাৰীয়া অঞ্চল ইউনেস্ক’ৰ ৰামছাৰ কনভেনশ্যনৰ অধীনত ৰাসায়নিক সাৰ আৰু কীটনাশকমুক্ত কৰি সংৰক্ষণ কৰা হৈছে, যাতে পানীৰ বিশুদ্ধতা অক্ষুণ্ণ থাকে।

১৫ বছৰৰ দীঘল যাত্ৰাৰ অন্তত তৈয়াৰ হয় Evian water

Evian waterৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল—ইয়াক কোনো কাৰখানাত কৃত্ৰিমভাৱে ফিল্টাৰ কৰা নহয় আৰু বাহিৰৰ পৰা কোনো খনিজ পদাৰ্থও মিহলি কৰা নহয়। এই পানী ফ্ৰেন্স আল্পছত পৰা বৰফ আৰু বৰষুণৰ পানীৰ পৰাই সৃষ্টি হয়। পানীখিনি আল্পছ পৰ্বতমালাৰ ভিতৰত থকা এক প্ৰাচীন হিমবাহজনিত স্তৰৰ মাজেৰে ধীৰে ধীৰে তললৈ সৰি যায়। পাহাৰৰ বিভিন্ন প্ৰাকৃতিক শিলাস্তৰৰ মাজেৰে ছেকা খাই ‘Source Cachat’ নামৰ ঝৰ্ণা এটালৈ আহি পোৱালৈ এই পানীৰ প্ৰায় ১৫ বছৰ সময় লাগে। এই দীঘল যাত্ৰাৰ সময়ছোৱাত পানী স্বাভাৱিকভাৱেই বিশুদ্ধ আৰু নিৰ্মল হৈ উঠে। ১৫ বছৰৰ এই প্ৰাকৃতিক পৰিশোধন প্ৰক্ৰিয়াত পানীয়ে পাহাৰৰ শিলৰ পৰা বহু উপকাৰী খনিজ পদাৰ্থ আহৰণ কৰে। এভিয়ান পানীৰ pH মান ৭.২, যি ইয়াক এক সু-সামঞ্জস্যপূৰ্ণ পানী হিচাপে গঢ়ি তোলে। ইয়াত থকা কেলচিয়াম আৰু মেগনেছিয়ামে হাড় আৰু পেশী শক্তিশালী ৰখাত সহায় কৰে। বাইকাৰ্বনেটে পাচন প্ৰক্ৰিয়া সুস্থ ৰখাত ভূমিকা পালন কৰে। আনহাতে, ছডিয়াম বা নিমখৰ পৰিমাণ অতি কম হোৱাৰ বাবে এই পানী স্বাস্থ্যৰ বাবে নিৰাপদ আৰু উপযোগী বুলি গণ্য কৰা হয়। আজিৰ দিনত Evian waterৰ এই প্ৰাকৃতিক খনিজ পানী বিশ্বৰ ১৪০ৰো অধিক দেশলৈ ৰপ্তানি কৰা হয় আৰু বিশুদ্ধতা তথা গুণগত মানৰ বাবে ই বিশ্বজুৰি বিশেষ সমাদৰ লাভ কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
Next Post
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ'ল ‘Period tax’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.