• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

4 months ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

45 minutes ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

59 minutes ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

1 hour ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

2 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

2 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

4 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

5 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

5 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

6 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

6 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

7 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

মধ্য-প্ৰাচ্যত শান্তি ঘূৰাই অনাৰ স্থায়ী সমাধননে এই বুজাবুজি চুক্তি?

editor by editor
June 18, 2026
in বাণিজ্য, বিবিধ, বিশ্ব, ৰাজনীতি
0
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি
0
SHARES
196
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধ বিৰতিক স্থায়ী ৰূপ দিয়াৰ লক্ষ্যৰে স্বাক্ষৰিত হোৱা নতুন চুক্তিখনক লৈ আন্তঃৰাষ্ট্ৰীয় মহলত আশাৰ সঞ্চাৰ দেখা গৈথে। হোৱাইট হাউছে সদৰী কৰা তথ্য অনুসৰি, চুক্তিখন ইতিমধ্যে স্বাক্ষৰ হৈছে। ফ্ৰান্সৰ Évian-les-Bainsত অনুষ্ঠিত G7 সন্মিলনত উপস্থিত থাকা সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আনুষ্ঠানিকভাৱে এই চুক্তিত স্বাক্ষৰ কৰাৰ তথ্য প্ৰকাশ কৰিছে হোৱাই হাউছে। ১৪ দফীয়া এই বুজাবুজি চুক্তিত ইৰানে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ নকৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলিও হোৱাইট হাউছে সদৰী কৰিছে। সমান্তৰালভাৱে যুদ্ধৰ ফলত ধ্বংস হোৱা ইৰানৰ বিভিন্ন স্থানৰ পুনৰ নিৰ্মাণ আৰু অৰ্থনৈতিক উন্নয়নৰ বাবেও ৩০০ বিলিয়ন ডলাৰ প্ৰদানৰ ক্ষেত্ৰত আশাব্যঞ্জৰ সঁহাৰিৰ কথাও উল্লেখ কৰা হৈছে। এই চুক্তিখনে কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ পথো সুগম কৰিব বুলি আশা কৰা হৈছে। কিন্তু বিশেষজ্ঞসকলৰ মতে ৩টা প্ৰধান বাধাই চুক্তিখনক সম্পূৰ্ণ সফলতা প্ৰদান নকৰিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে।

চুক্তিখনৰ সফলতাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ’ব পৰা কি এই ৩টা কাৰণ?

১. লেবাননত ইজৰাইলৰ সামৰিক অভিযান
বুজাবুজি চুক্তিৰ অন্যতম মধ্যস্থতাকাৰী পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে সদৰী কৰিছে যে লেবাননকে ধৰি সকলো যুদ্ধক্ষেত্ৰত সামৰিক অভিযান বন্ধ কৰাৰ বিষয়ে আটাইকেইটা পক্ষই সন্মতি প্ৰকাশ কৰিছে। চুক্তিৰ খচৰাতো লেবাননক যুদ্ধ বিৰতিৰ আওতাত স্পষ্টভাৱে অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ পিছতো ইজৰাইলে লেবাননত সামৰিক অভিযান অব্যাহত ৰাখিছে। আমেৰিকাৰ মতে, লেবানন যুদ্ধ বিৰতিৰ অংশ হ’লেও লেবাননৰ পৰা ইজৰাইলী সেনা প্ৰত্যাহাৰ চুক্তিৰ বাধ্যতামূলক চর্ত নহয়। ইজৰাইলক আত্মৰক্ষাৰ অধিকাৰ প্ৰদান কৰা হ’ব। অন্যহাতে, ইৰান আৰু ইৰান-সমৰ্থিত হিজবুল্লাহে দাবী কৰিছে যে লেবাননত যুদ্ধৰ সম্পূৰ্ণ সমাপ্তি আৰু ইজৰাইলী সেনা অঞ্চলটোৰ পৰা প্ৰত্যাহাৰ শান্তি প্ৰক্ৰিয়াৰ অবিচ্ছেদ্য অংশ হ’ব লাগিব। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাট্‌জে স্পষ্ট কৰি দিছে যে দেশখনৰ সেনা লেবাননৰ সংশ্লিষ্ট অঞ্চলত অনিৰ্দিষ্টকাললৈ থাকিব পাৰে। ফলস্বৰূপে, এই বিষয়ক লৈ পুনৰ উত্তেজনা বৃদ্ধি পালে সমগ্ৰ শান্তি প্ৰক্ৰিয়া বিপদত পৰিব পাৰে।
২. ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী
দীৰ্ঘ সময় ধৰি আমেৰিকা-ইৰান যুদ্ধ বা উত্তেজনাৰ মূল বিষয় হৈ থকা ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী এতিয়াও চুক্তিখনৰ আটাইতকৈ স্পৰ্শকাতৰ বিষয় হিচাপে বিবেচিত হৈ আছে। আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সে কয় যে-ইৰানে যাতে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ লাভ নকৰে এই চুক্তিৰ সেয়াই মূল লক্ষ্য। ইয়াৰ বিপৰীতে ইৰানে পাৰমাণৱিক কাৰ্যসূচী সম্পূৰ্ণ শান্তিপূৰ্ণ উদ্দেশ্যৰ বাবেহে আৰম্ভ কৰিব বিচাৰে। সবাতোকৈ বিতৰ্কৰ বিষয় হৈছে এয়াই যে-ইৰানৰ হাতত ইতিমধ্যে মজুত থকা উচ্চ সংবর্ধিত ইউৰেনিয়াম। আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা (IAEA)-ৰ তথ্য অনুসৰি, ইৰানে প্ৰায় ৪০০ কিলোগ্ৰাম ৬০ শতাংশ সংবর্ধিত ইউৰেনিয়াম সঞ্চয় কৰি ৰাখিছে। অথচ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ বাবে প্ৰায় ৯০ শতাংশ সংবর্ধনৰ প্ৰয়োজন হয়। চুক্তি অনুসৰি ৬০ দিনৰ আলোচনাকালত ইৰানে নতুনকৈ পাৰমাণৱিক কাৰ্যকলাপ বৃদ্ধি নকৰে আৰু আমেৰিকায়ো নতুন নিষেধাজ্ঞা আৰোপ নকৰে। কিন্তু ইউৰেনিয়াম ভাণ্ডাৰৰ চূড়ান্ত ব্যৱস্থাপনা এতিয়াও অমীমাংসিত হৈ আছে। এই বিষয়ত মতানৈক্য বৃদ্ধি পালে পুনৰ সামৰিক সংঘাত আৰম্ভ হোৱাৰ আশংকা আছে।
৩. হৰমুজ প্ৰণালীৰ ভৱিষ্যৎ
বিশ্বৰ প্ৰায় ২০% তেল আৰু গেছ সৰবৰাহ হোৱা হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাটো এই চুক্তিৰ অন্যতম মুখ্য লক্ষ্য। চুক্তি অনুসৰি, ইৰানে ৩০ দিনৰ ভিতৰত সমুদ্ৰত পুতি থোৱা বা*ৰুদী সুৰংগ আঁতৰাই জাহাজ চলাচল স্বাভাৱিক কৰিব, আনহাতে আমেৰিকাই সামুদ্ৰিক অৱৰোধ উঠাই ল’ব। কিন্তু হৰমুজ প্ৰণালীৰ ভৱিষ্যৎ পৰিচালনা সন্দৰ্ভত দুয়ো পক্ষৰ মাজত স্পষ্ট মতভেদ আছে। ইৰানে এই পথ ব্যৱহাৰ কৰা জাহাজৰ পৰা সেৱা মাচুল আদায় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। আনহাতে, ট্ৰাম্পে স্পষ্টভাৱে কৈছে যে হৰমুজ প্ৰণালী ট’লমুক্ত হৈ থাকিব লাগিব। ইয়াৰ উপৰিও, হৰমুজ প্ৰণালীত থকা বা*ৰুদী সুৰংগ সম্পূৰ্ণৰূপে আঁতৰোৱাৰ বাবে কেইবামাহৰো প্ৰয়োজন হ’ব পাৰে। সেয়েহে জাহাজ চলাচল আৰু বাণিজ্যিক ব্যৱস্থা স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত সময় লাগিব।

মধ্য-প্ৰাচ্যত শান্তি ঘূৰাই অনাৰ স্থায়ী সমাধননে এই বুজাবুজি চুক্তি?

বিশেষজ্ঞসকলৰ মতে, বৰ্তমানৰ এই চুক্তিখন কোনো চূড়ান্ত সমাধান নহয়; ই কেৱল আলোচনাৰ বাবে এক প্ৰাথমিক কাঠামো। লেবানন সংকট, ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী আৰু হৰমুজ প্ৰণালীৰ নিয়ন্ত্ৰণ—এই তিনিটা জটিল বিষয়ৰ সমাধানৰ ওপৰতে চুক্তিখনৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব। যদি এই বিষয়সমূহত দুয়োপক্ষই এটা নিৰ্দিষ্ট বিন্দুত সন্মতি কৰে, তেন্তে মধ্যপ্ৰাচ্যত এক নতুন শান্তিৰ অধ্যায় আৰম্ভ হ’ব পাৰে। অন্যথা, এই চুক্তিও পূৰ্বৰ বহু শান্তি প্ৰচেষ্টাৰ দৰে ব্যৰ্থ হোৱাৰ আশংকা উলাই কৰিব নোৱাৰি।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24iran-us
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
Next Post
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ'ল ‘Period tax’

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.