বাস্তুশাস্ত্ৰৰ জ্ঞান কেৱল ঘৰৰ নিৰ্মাণকলা আৰু নক্সাৰ মাজতেই সীমাবদ্ধ নহয়; গছ-গছনিৰ ক্ষেত্ৰতো ইয়াৰ বিশেষ নিয়ম আছে। সাধাৰণতে গছ মানুহৰ অপকাৰী নহয়। গছেই আমাক অক্সিজেন প্ৰদান কৰে। কিন্তু বস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ চৌহদ বা মুখ্যদ্বাৰৰ কাষত কিছুমান গছ থাকিলে আপোনাৰ ঘৰলৈ আনিব পাৰে নেতিবাচক প্ৰভাৱ। বাস্তু শাস্ত্ৰ অনুসৰি গছ-গছনিয়ে ঘৰত ইতিবাচক শক্তি, সু-স্বাস্থ্য আৰু সমৃদ্ধি আনে। বহুতে নিজৰ ঘৰৰ মুখ্য দুৱাৰ বিভিন্ন গছ-গছনিৰে সজাই তোলে, কিন্তু বাস্তু মতে কিছুমান বিশেষ গছ-গছনি মুখ্য দুৱাৰৰ ওচৰত ৰোপণ কৰা উচিত নহয়। আহক, জানো ঘৰৰ মুখ্য দুৱাৰৰ কাষত কোনবোৰ গছ-গছনি শুভ আৰু কোনবোৰ অশুভ বুলি ধৰা হয়।
কোন দিশত গছ-গছনি ৰোপণ কৰা উচিত?
বাস্তু শাস্ত্ৰ অনুসৰি ঘৰত গছ-গছনি নিৰ্দিষ্ট দিশত ৰোপণ কৰিলে ঘৰলৈ শক্তিৰ প্ৰবাহে বিশেষ প্ৰভাৱ পেলায়। সঠিক দিশত গছ-গছনি থাকিলে ঘৰত ইতিবাচক শক্তি বৃদ্ধি পায়, স্বাস্থ্য উন্নত হয় আৰু ধন-সম্পত্তিও বৃদ্ধি পায়।
উত্তৰ আৰু পূব দিশ
এই দুয়োটা দিশ অধিকাংশ গছ-গছনিৰ বাবে উত্তম বুলি গণ্য কৰা হয়, কাৰণ এইফালে যথেষ্ট সূৰ্যৰ পোহৰ পোৱা যায়। ঘৰৰ এই দিশত গছ-গছনি থাকিলে সুখ-সমৃদ্ধি বৃদ্ধি পায়।
দক্ষিণ আৰু পশ্চিম দিশ
বাস্তু অনুসৰি এই দিশসমূহতো গছ-গছনি ৰোপণ কৰিব পাৰি। বিশেষকৈ দক্ষিণ-পশ্চিম দিশত কাঁইটযুক্ত গছ থাকিলে নেতিবাচক শক্তিৰ পৰা সুৰক্ষা পোৱা যায় বুলি বিশ্বাস কৰা হয়।
ঈশান কোণ (উত্তৰ-পূব দিশ)
এই দিশত তুলসী গছ ৰোপণ কৰাটো অতি শুভ বুলি ধৰা হয়। তুলসী গছে ঘৰত পবিত্ৰতা আৰু ইতিবাচক শক্তি বজাই ৰাখে।
মুখ্য দুৱাৰৰ বাবে শুভ গছ-গছনি
বাস্তু শাস্ত্ৰ অনুসৰি কিছুমান গছ-গছনি মুখ্য দুৱাৰৰ ওচৰত ৰোপণ কৰিলে সৌভাগ্য, সুস্বাস্থ্য আৰু সমৃদ্ধি বৃদ্ধি পায়।
তুলসী গছ
ঘৰৰ মুখ্য দুৱাৰত তুলসী গছ ৰোপণ কৰাটো অতি পবিত্ৰ বুলি গণ্য কৰা হয়। হিন্দু সংস্কৃতিত তুলসীক শান্তি, পবিত্ৰতা আৰু ইতিবাচক শক্তিৰ প্ৰতীক হিচাপে মানা যায়। ই বায়ু শুদ্ধ কৰাতো সহায় কৰে।
মানী প্লাণ্ট
মানী প্লাণ্টক আৰ্থিক স্থিৰতা আৰু সমৃদ্ধিৰ প্ৰতীক বুলি ধৰা হয়। মুখ্য দুৱাৰৰ দক্ষিণ-পূব কোণত ইয়াক ৰখা শুভ বুলি কোৱা হয়।
এৰেকা পাম
এৰেকা পাম মুখ্য দুৱাৰত ৰখা অতি শুভ বুলি বিবেচনা কৰা হয়। ই বায়ুৰ গুণগত মান উন্নত কৰাৰ লগতে ঘৰত ইতিবাচক শক্তিৰ প্ৰবাহ বৃদ্ধি কৰে।
বাঁহ গছ
বাস্তু শাস্ত্ৰত বাঁহ গছক ভাগ্য আৰু সৌভাগ্যৰ সৈতে জড়িত বুলি ধৰা হয়। ইয়াক ঘৰৰ ভিতৰত বা মুখ্য দুৱাৰৰ ওচৰত পূব অথবা দক্ষিণ-পূব দিশত ৰখা উত্তম।
জেড প্লাণ্ট
জেড প্লাণ্ট সমৃদ্ধি আৰু উন্নতিৰ প্ৰতীক। মুখ্য দুৱাৰৰ পূব দিশত ইয়াক ৰখা বিশেষ শুভ বুলি বিশ্বাস কৰা হয়।
স্নেক প্লাণ্ট
স্নেক প্লাণ্ট বায়ু বিশুদ্ধ কৰাৰ লগতে নেতিবাচক শক্তি দূৰ কৰাত সহায় কৰে। বাস্তু মতে, এই গছ ঘৰৰ ভাৰসাম্যহীন শক্তি কমোৱাতো উপকাৰী।
বাস্তু অনুসৰি অশুভ গছ-গছনি
যিদৰে কিছুমান গছ-গছনিয়ে ঘৰত ইতিবাচক শক্তি বৃদ্ধি কৰে, তেনেদৰে কিছুমান গছ-গছনিয়ে নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি বাস্তু শাস্ত্ৰত উল্লেখ আছে।
বনছাই গছ
বাস্তু অনুসৰি বনছাই গছ ঘৰৰ ভিতৰত বা বাহিৰত ৰোপণ কৰাটো শুভ নহয়। ই বিকাশ আৰু অগ্ৰগতিৰ পথত বাধা সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়।
কেক্টাছ আৰু কাঁইটযুক্ত গছ
কেক্টাছ বা যিকোনো কাঁইটযুক্ত গছে নেতিবাচক শক্তি আৰু পৰিয়ালিক অশান্তি বৃদ্ধি কৰে বুলি ধৰা হয়। সেইবাবে ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত এনে গছ পৰিহাৰ কৰা উচিত।
তেঁতেলি আৰু মেহেদী গছ
বাস্তু মতে তেঁতেলি আৰু মেহেদী গছ মুখ্য দুৱাৰৰ ওচৰত ৰোপণ কৰাটো অতি অশুভ। এই গছবোৰে নেতিবাচক শক্তিক আকৰ্ষণ কৰে বুলি বিশ্বাস কৰা হয়।
আঁহত গছ
বাস্তু আৰু ধৰ্মীয় বিশ্বাস অনুসৰি আঁহত গছ ঘৰত ৰোপণ কৰাটো অনুচিত। ইয়াৰ ফলত পৰিয়ালত কলহ, মানসিক চাপ আৰু অশান্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে বুলি কোৱা হয়।
কঁপাহ আৰু ৰেচম গছ
বাস্তু শাস্ত্ৰ অনুসৰি ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত কঁপাহ বা ৰেচম গছ ৰোপণ কৰা উচিত নহয়। এই গছবোৰে আৰ্থিক অসুবিধা আৰু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি বিশ্বাস কৰা হয়।
বাস্তু শাস্ত্ৰ অনুসৰি সঠিক গছ-গছনি আৰু সঠিক দিশৰ বাছনিয়ে ঘৰৰ পৰিৱেশ অধিক ইতিবাচক, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী কৰি তুলিব পাৰে। অৱশ্যে এই বিশ্বাসসমূহ সাংস্কৃতিক আৰু পৰম্পৰাগত ধাৰণাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। গছ-গছনি বাছনি কৰাৰ সময়ত সৌন্দৰ্য, পৰিৱেশ, বায়ুৰ গুণগত মান আৰু ব্যৱহাৰিক সুবিধাসমূহো সমানে গুৰুত্ব দিয়া উচিত।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















