• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

3 weeks ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

1 hour ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

2 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

2 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

3 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

4 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

6 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

6 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

6 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

7 hours ago
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

8 hours ago
আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

9 hours ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

সাহিত্যৰথীৰ কালজয়ী সাহিত্যক দেশ-বিদেশৰ বিস্তৃত পাঠক সমাজৰ ওচৰলৈ নিয়াৰ প্ৰয়াস

editor by editor
June 19, 2026
in অসম, উত্তৰ-পূব, বিবিধ, লেখা
0
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন
0
SHARES
31
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নিৰ্বাচিত কুৰিটা চুটি গল্পৰ ইংৰাজী অনুবাদ ‘মুক্তি এণ্ড আদাৰ ষ্ট’ৰিজ’ বৃহস্পতিবাৰে কলকাতাৰ অসম ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নাতিনী ইৰা ঘোষে গ্ৰন্থখন উন্মোচন কৰে। অনুষ্ঠানত অসম আৰু পশ্চিমবংগৰ বিশিষ্ট গৱেষক, সাহিত্যিক আৰু বৌদ্ধিক ক্ষেত্ৰৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণি হয় এক মংগলাচৰণৰ জৰিয়তে, যিয়ে অনুষ্ঠানটোৰ এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ সূচনা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে ভাষণ প্ৰদান কৰি ত্ৰিদিৱ ভাগৱতীয়ে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰ চিৰন্তন প্ৰাসংগিকতাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে-লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যই আজিও অসমীয়া সমাজক গভীৰভাৱে প্ৰভাৱিত কৰি আহিছে আৰু সমসাময়িক ভাৰততো সমানে প্ৰাসংগিক হৈ আছে। লগতে তেওঁ বেজবৰুৱাৰ সাহিত্যক অনুবাদৰ জৰিয়তে বহল পাঠক সমাজৰ মাজলৈ লৈ যোৱাৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে। ইয়াৰ পিছত গ্ৰন্থখনৰ অনুবাদক ৰিতুল ভাগ‍ৱতীয়ে সাহিত‍্যৰথীৰ এই কুৰিটা গল্পৰ ইংৰাজী অনুবাদৰ যাত্ৰা আৰু অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। মূল ৰচনাৰ সাহিত্যিক সত্বা আৰু মাধুৰ্যতা অক্ষুণ্ণ ৰাখি নতুন পাঠকৰ মাজলৈ এই গল্পসমূহ আগবঢ়োৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰে ধ্ৰুৱজ্যোতি পাৰমাণিক, সম্বলপুৰস্থিত বেজবৰুৱাৰ পৈতৃক বাসগৃহ সংৰক্ষণত উল্লেখযোগ্য ভূমিকা পালন কৰা বিশিষ্ট ইতিহাসবিদ তথা লেখক দীপক পাণ্ডা, বিশিষ্ট সাহিত্যিক পণ্ডিত দক্ষিণাৰঞ্জন ভট্টাচাৰ্য আৰু কিংবদন্তী অসমীয়া পণ্ডিত-সাহিত্যিক মহেশ্বৰ নেওগৰ কন্যা নৱমল্লিকা নেওগে। বক্তাসকলে বেজবৰুৱাৰ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অসামান্য অৱদানৰ ওপৰত আলোকপাত কৰাৰ লগতে তেওঁৰ সাহিত্যিক ঐতিহ্য ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ আৰু অধিক প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি সঞ্চালনা কৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা মেম’ৰিয়েল ট্ৰাষ্টৰ সম্পাদক ৰণ্টু কুমাৰ ডেকাই। সভাত সভাপতিত্ব কৰে ট্ৰাষ্টৰ সভাপতি প্ৰদ্যুৎ কুমাৰ চৌধুৰীয়ে আৰু অনুষ্ঠানৰ সামগ্ৰিক সমন্বয়ৰ দায়িত্ব পালন কৰে আয়োজক সম্পাদক দীপক কুমাৰ তালুকদাৰে। ‘মুক্তি এণ্ড আদাৰ ষ্ট’ৰিজ’ৰ প্ৰকাশে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কালজয়ী সাহিত্যক ইংৰাজী অনুবাদৰ জৰিয়তে দেশ-বিদেশৰ বিস্তৃত পাঠক সমাজৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Literature
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

July 9, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?
বিনোদন

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

July 9, 2026
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান
জীৱনশৈলী

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

July 9, 2026
Next Post
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.