গ্ৰীষ্ম আৰু বৰ্ষাকালত সহজে পোৱা কঁঠাল কেৱল সুস্বাদু ফলেই নহয়, ই পুষ্টিগুণেৰে ভৰপূৰ এক উৎকৃষ্ট খাদ্য। কঁঠালত প্ৰচুৰ পৰিমাণে ফাইবাৰ, ভিটামিন A, ভিটামিন C, পটাছিয়াম, মেগনেছিয়াম, কেলচিয়াম, সামান্য প্ৰ’টিন, এণ্টিঅক্সিডেণ্ট আৰু ফাইট’কেমিকেল থাকে। এই উপাদানসমূহে শৰীৰক সুস্থ ৰখাৰ লগতে বিভিন্ন ৰোগৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰে। গৱেষণাৰ মতে, কঁঠালত থকা ফাইট’কেমিকেল আৰু এণ্টিঅক্সিডেণ্টে শৰীৰৰ প্ৰদাহ (Inflammation) হ্ৰাস কৰাত, ক্ষতিকাৰক বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত আৰু কিছুমান কৰ্কটৰ আশংকা কমোৱাত সহায়ক হ’ব পাৰে। কঁঠালৰ আটাইতকৈ ডাঙৰ উপকাৰিতা হ’ল ইয়াত থকা প্ৰচুৰ ফাইবাৰ। এই ফাইবাৰে কোষ্ঠকাঠিন্য দূৰ কৰি হজম প্ৰক্ৰিয়া উন্নত কৰে আৰু অন্ত্ৰ সুস্থ ৰখাত সহায় কৰে। ভিটামিন C-এ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি বিভিন্ন সংক্ৰমণৰ পৰা সুৰক্ষা দিয়ে।

আনহাতে, পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰি হৃদযন্ত্ৰ সুস্থ ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰি, কঁঠালত থকা ভিটামিন A আৰু কেৰ’টিনয়ডে চকুৰ স্বাস্থ্য সুৰক্ষিত ৰাখে। মেগনেছিয়াম আৰু কেলচিয়ামে হাড় মজবুত কৰে, আনহাতে মেগনেছিয়ামে পেশী আৰু স্নায়ুতন্ত্ৰৰ স্বাভাৱিক কাৰ্যক্ষমতা বজাই ৰখাত সহায় কৰে। কঁঠালত থকা কাৰ্বহাইড্ৰেটে শৰীৰক যথেষ্ট শক্তিও যোগান ধৰে।
কেঁচা আৰু পকা কঁঠাল দুয়োটাই পুষ্টিকৰ, যদিও দুয়োটাৰ গুণাগুণ একে নহয়। কেঁচা কঁঠালত ষ্টাৰ্চ আৰু ফাইবাৰৰ পৰিমাণ পকা কঁঠালতকৈ বেছি থাকে। সেয়েহে ই বহু সময়লৈ পেট ভৰাই ৰাখে আৰু তে*জত চেনিৰ মাত্ৰা হঠাতে বৃদ্ধি নকৰে। এই কাৰণে ওজন বা ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব বিচৰা লোকৰ বাবে কেঁচা কঁঠাল অধিক উপযোগী। আনহাতে, পকা কঁঠালত ষ্টাৰ্চ প্ৰাকৃতিক চেনিলৈ ৰূপান্তৰিত হোৱাৰ বাবে ই শৰীৰক দ্ৰুত শক্তি যোগান ধৰে আৰু ফল হিচাপে খোৱাৰ বাবে উত্তম।
কঁঠাল বিভিন্ন ধৰণে খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰি। কেঁচা কঁঠালৰ তৰকাৰী, পোলাও, বিৰিয়ানী, কাটলেট, কাবাব, টিক্কী, কোফ্তা, আচাৰ, পকোৰা, দাইল বা চাম্বাৰত ব্যৱহাৰ কৰিব পাৰি। কঁঠালৰ গুটিও সিজাই বা ভাজি খাব পাৰি অথবা তৰকাৰীত ব্যৱহাৰ কৰিব পাৰি। পকা কঁঠাল পোনপটীয়াকৈ ফল হিচাপে বা ফলৰ চালাডত মিহলাই খাব পাৰি।
বহু পৰিমানে কঁঠাল খালে হ’ব পৰা অপকাৰিতা
যদিও কঁঠাল অতি পুষ্টিকৰ, তথাপিও অত্যধিক পৰিমাণে খালে কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে। বেছি কঁঠাল খালে গেছ, পেট ফুলি যোৱা, বদহজম বা পেট গধুৰ অনুভৱ হ’ব পাৰে। কিছুমান লোকৰ ক্ষেত্ৰত কঁঠাল এলাৰ্জিও হ’ব পাৰে, যাৰ ফলত খজুৱতি, ছালত ৰেচ, ফুলা বা শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধা দেখা দিব পাৰে। পকা কঁঠালত প্ৰাকৃতিক চেনিৰ পৰিমাণ বেছি হোৱাৰ বাবে ডায়েবেটিছ ৰোগীয়ে বিশেষ সাৱধানতা অৱলম্বন কৰি সীমিত পৰিমাণেহে খাব লাগে। অত্যধিক পকা কঁঠাল খালে ওজন বৃদ্ধিৰ আশংকাও থাকে।
কিছুমান ব্যক্তিয়ে কঁঠাল খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। বিশেষকৈ যিসকলৰ কঁঠালত এলাৰ্জি আছে, ডায়েবেটিছ নিয়ন্ত্ৰণত সমস্যা আছে, কিডনীৰ গুৰুতৰ ৰোগত ভুগি আছে বা বিশেষ ঔষধ সেৱন কৰি আছে, তেওঁলোকে সাৱধান হোৱা প্ৰয়োজন। এজন সুস্থ ব্যক্তিৰ বাবে দৈনিক প্ৰায় ১৫০ৰ পৰা ৩০০ গ্ৰাম কঁঠাল খোৱাটো সাধাৰণতে নিৰাপদ বুলি ধৰা হয়। কঁঠাল যিমানেই পুষ্টিকৰ নহওক কিয়, আন যিকোনো ফলৰ দৰেই ইয়াকো সদায় নিৰ্দিষ্ট পৰিমাণেহে খাব লাগে। তেতিয়াহে ইয়াৰ সম্পূৰ্ণ স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ