প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসভাত অচিৰেই এক বৃহৎ ৰদবদল হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে। যদিও এই সন্দৰ্ভত এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, তথাপিও নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব সলনি হ’ব পাৰে অথবা দুই এগৰাকী নতুন সাংসদক মন্ত্ৰীসভাত নতুনকৈ স্থান দিয়া হ’ব পাৰে।
এই জল্পনাৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ নাম বিশেষভাৱে চৰ্চালৈ আহিছে। প্ৰতিবেদন অনুসৰি, সাম্প্ৰতিক সময়ত বিভিন্ন পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল (Paper Leak) ঘটনাক কেন্দ্ৰ কৰি ধৰ্মেন্দ্ৰ প্ৰধানে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। ইয়াৰ ফলতেই তেওঁৰ দায়িত্ব বা বিভাগ সলনি হোৱাৰ সম্ভাৱনা আছে বুলি বিভিন্ন সূত্ৰই সম্ভাৱনা ব্যক্ত কৰিছে। ইয়াৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ দায়িত্বৰো পৰিৱৰ্তন আহিব পাৰে বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে। পঞ্জাব অথবা শিখ সম্প্ৰদায়ৰ আন কোনো নেতাক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনাও প্ৰকাশ কৰা হৈছে। একে সময়তে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী আৰু শক্তি মন্ত্ৰী মনোহৰ লাল খট্টৰৰ বিভাগসমূহতো সালসলনি হ’ব পাৰে বুলি জল্পনা চলিছে।
মোদী কেবিনেটত স্থান পাব পাৰে নতুন মুখে
আনহাতে, কেবিনেট সম্প্ৰসাৰণত নতুন মুখকো সুযোগ দিয়াৰ সম্ভাৱনা আছে। বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ পুত্ৰ তথা লোকসভা সাংসদ শ্ৰীকান্ত শিন্দেক গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হ’ব পাৰে। লগতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নীতীশ কুমাৰকো কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। ইয়াৰ উপৰিও তৃণমূল কংগ্ৰেছ এৰি অহা সুখেন্দু শেখৰ ৰায়ৰ নামো চৰ্চাত আছে। চৰ্চাত আছে AAPৰ পৰা বিজেপিলৈ অহা জনপ্ৰিয় নেতা ৰাঘৱ চাড্ডাৰ নামো।
লক্ষ্য বিধানসভা নিৰ্বাচন, উত্তৰ প্ৰদেশক বিশেষ গুৰুত্ব
ইফালে, ভাৰতীয় জনতা পাৰ্টীয়ে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন ২০২৭-ৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যিক সংগঠনত ব্যাপক সালসলনি কৰিছে। নতুন ৰাজ্যিক কমিটীত প্ৰায় ৬০ শতাংশ নতুন মুখক স্থান দিয়া হৈছে। উপ-সভাপতি, সাধাৰণ সম্পাদক আৰু মন্ত্ৰীৰ পদ বৃদ্ধি কৰাৰ লগতে obc সম্প্ৰদায় আৰু মহিলাসকলক অধিক সুযোগ দিয়াৰ চেষ্টা কৰা হৈছে। উল্লেখ্য যে, শেহতীয়াকৈ কেৰালাৰ জ্যেষ্ঠ বিজেপি নেতা জৰ্জ কুৰিয়ানে ৰাজ্যসভাৰ কাৰ্যকাল শেষ হোৱাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগ-পত্ৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গ্ৰহণ কৰিছে। আনহাতে, ৰাজ্যসভাৰ কাৰ্যকাল শেষ হোৱাৰ পিছতো ৰবনীত সিং বিট্টু, পংকজ চৌধুৰী আৰু হৰ্ষ মালহোত্ৰাই কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি আছে। অৱশ্যে, এতিয়ালৈকে কেবিনেট ৰদবদল অথবা নতুন মন্ত্ৰী অন্তৰ্ভুক্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















