• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

2 months ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

8 minutes ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

49 minutes ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

1 hour ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

2 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

3 hours ago
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

3 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

4 hours ago
পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

অষ্টম দৰমহা আয়োগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বন্ধ হ’ব নেকি? NC-JCM এ প্ৰকাশ কৰিছে সম্পূৰ্ণ সত্য

5 hours ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

6 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

7 hours ago
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত কেনেধৰণৰ ৰং লগোৱা উচিত

editor by editor
June 27, 2026
in জীৱনশৈলী, ফেশ্বন, বিবিধ, স্বাস্থ্য
0
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ
0
SHARES
270
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহুতে বিশ্বাস কৰে যে এবাৰ চুলিত ৰং ব্যৱহাৰ কৰিলে লাহে লাহে সকলো চুলি বগা হৈ যায় আৰু তাৰ পিছত নিয়মীয়াকৈ ৰুট টাচ-আপ কৰিবলগীয়া হয়। কিন্তু এই ধাৰণাটো বৈজ্ঞানিকভাৱে সঠিক নহয়। চুলি বিশেষজ্ঞ তথা ডাৰ্মেট’লজিষ্টসকলৰ মতে, চুলিৰ ৰংঙে পোনপটীয়াকৈ চুলি বগা নকৰে। ৰঙে কেৱল মূৰৰ ছালৰ ওপৰত ওলাই থকা চুলিৰ অংশত কাম কৰে, আনহাতে চুলিৰ ৰং নিৰ্ধাৰণ হোৱা প্ৰক্ৰিয়া আৰম্ভ হয় মূৰৰ ছালৰ তলত থকা হেয়াৰ ফলিক’লত। সেয়ে চুলিৰ ৰং এবাৰ কৰিলে পিছলৈ বাকী থকা ক’লা চুলিবোৰো বগা হৈ যায় বুলি কোনো প্ৰত্যক্ষ বিজ্ঞানসন্মত তথ্য নাই। বহুতে লক্ষ্য কৰে যে চুলিত লগোৱা ৰং লাহে লাহে মচি যোৱাৰ পিছত চুলি বগা দেখা যায়। তেতিয়া তেওঁলোকে ভাবে যে ৰঙৰ বাবেই চুলি বগা হৈছে। কিন্তু বাস্তৱত চুলি বগা হোৱাৰ প্ৰক্ৰিয়া আগতেই আৰম্ভ হৈছিল। ৰঙে কেৱল সেই বগা চুলিবোৰ সাময়িকভাৱে ওপৰে ওপৰে ক’লা কৰে। ৰং আঁতৰি যোৱাৰ পিছত স্বাভাৱিকভাৱে বগা চুলিবোৰ পুনৰ দৃশ্যমান হয়।

কি কি কাৰণত চুলি বগা হয়?

চুলিৰ স্বাভাৱিক ৰং নিৰ্ভৰ কৰে মেলানিন নামৰ ৰঞ্জকৰ ওপৰত। হেয়াৰ ফলিক’লত থকা মেলানোচাইট কোষে এই মেলানিন উৎপাদন কৰে। যেতিয়ালৈকে এই কোষসমূহে যথেষ্ট মেলানিন উৎপাদন কৰে, তেতিয়ালৈকে নতুনকৈ গজা চুলি ক’লা বা স্বাভাৱিক ৰঙৰেই থাকে। কিন্তু মেলানিন উৎপাদন কমি গ’লে নতুনকৈ গজা চুলি বগা হ’বলৈ আৰম্ভ কৰে। এই প্ৰক্ৰিয়াত হেয়াৰ কালাৰৰ কোনো ভূমিকা নাথাকে। চুলি বগা হোৱাৰ কেইবাটাও মূল কাৰণ আছে। বয়স বৃদ্ধি হ’লে মেলানিন উৎপাদনৰ ক্ষমতা স্বাভাৱিকভাৱে কমি যায়। ইয়াৰ উপৰিও বংশগত বৈশিষ্ট্য, দীৰ্ঘদিনীয়া মানসিক চাপ, অপুষ্টি, বিশেষকৈ ভিটামিন ডি, ভিটামিন বি-১২, বায়’টিন আৰু আইৰণৰ অভাৱ, লগতে অক্সিডেটিভ ষ্ট্ৰেছ আদিয়েও চুলি সোনকালে বগা কৰিব পাৰে। ধূমপান, অত্যধিক ৰ’দ, প্ৰদূষণ আৰু শৰীৰত দীৰ্ঘদিনীয়া প্ৰদাহ থাকিলেও এই সমস্যাৰ আশংকা বৃদ্ধি পায়।

চুলিৰ ৰঙৰ প্ৰকাৰসমূহ

চুলিৰ ৰঙৰো বিভিন্ন প্ৰকাৰ আছে। সাময়িক চুলিৰ ৰঙে চুলিৰ ওপৰত মাত্ৰ এখন আৱৰণ সৃষ্টি কৰে, যি কেইবাবাৰ চেম্পু কৰাৰ পিছত আঁতৰি যায়। ছেমি-পাৰ্মানেণ্ট কলাৰে চুলিৰ ভিতৰলৈ কিছু পৰিমাণে প্ৰৱেশ কৰি ৰং দিয়ে, কিন্তু সময়ৰ লগে লগে ইয়াৰ প্ৰভাৱো কমি যায়। পাৰ্মানেণ্ট হেয়াৰ কলাৰে ৰাসায়নিক পদাৰ্থৰ সহায়ত চুলিৰ কিউটিক’ল খুলি ৰং গভীৰভাৱে প্ৰৱেশ কৰায়, যাৰ ফলত ৰং বহুদিন স্থায়ী হয়। কিন্তু এই ৰঙো মূৰৰ ছালৰ তলত থকা হেয়াৰ ফলিক’ল বা DNAত কোনো প্ৰভাৱ পেলাব নোৱাৰে।

কেনেধৰণৰ চুলিৰ ৰং ব্যৱহাৰ কৰিব?

যদিও চুলিৰ ৰঙেৰে চুলি বগা নকৰে, তথাপিও নিম্নমানৰ বা বাৰে বাৰে ব্যৱহাৰ কৰা পাৰ্মানেণ্ট হেয়াৰ কলাৰে চুলি আৰু মূৰৰ ছালৰ ক্ষতি কৰিব পাৰে। ইয়াত থকা হাইড্ৰ’জেন পেৰাক্সাইডে চুলিৰ স্বাভাৱিক ৰং হ্ৰাস কৰে আৰু বাৰে বাৰে ব্যৱহাৰ কৰিলে অক্সিডেটিভ ষ্ট্ৰেছ বৃদ্ধি কৰিব পাৰে। এম’নিয়াই চুলিৰ কিউটিক’ল খুলি দিয়াৰ ফলত চুলি শুকান, নিৰ্জীৱ আৰু সহজে ভাঙি যোৱা হয়। আনহাতে, পি.পি.ডি. (PPD) নামৰ ৰাসায়নিক পদাৰ্থই সংবেদনশীল ছালত এলাৰ্জি, খজুৱতি, জ্বলনৰ সৃষ্টি কৰিব পাৰে।

সেয়েহে চুলিৰ ৰং বাছনি কৰাৰ সময়ত এম’নিয়া-মুক্ত আৰু PPD-মুক্ত সামগ্ৰী বাছনি কৰা উচিত। কম পেৰাক্সাইডযুক্ত, ছেমি-পাৰ্মানেণ্ট বা উদ্ভিদ-ভিত্তিক চুলিৰ ৰং যেনে উন্নত মানৰ হেনা ব্যৱহাৰ কৰাটো অধিক নিৰাপদ। ৰঙৰ ব্যৱহাৰৰ আগতে সদায় পেচ টেষ্ট কৰাটো প্ৰয়োজনীয়। যিসকলৰ মূৰৰ ছাল সংবেদনশীল, তেওঁলোকে অত্যধিক চুলিৰ ৰঙৰ ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে। দীৰ্ঘদিন চুলি ক’লা আৰু সুস্থ ৰাখিবলৈ কেৱল হেয়াৰ কালাৰৰ ওপৰত নিৰ্ভৰ নকৰি সুষম আহাৰ, পৰ্যাপ্ত পুষ্টি, মানসিক চাপ নিয়ন্ত্ৰণ আৰু সুস্থ জীৱনশৈলী বজাই ৰখাটো অতি প্ৰয়োজনীয়। যদি চুলিৰ ৰং ব্যৱহাৰৰ পিছত চুলি বেছিকৈ সৰে, ভাঙে, পাতল হয় অথবা মূৰৰ ছালত খজুৱতি, জ্বলা-পোৰা বা এলাৰ্জিৰ সমস্যা দেখা দিয়ে, তেন্তে তৎক্ষণাত এজন ডাৰ্মেট’লজিষ্টৰ পৰামৰ্শ লোৱা উচিত।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Hair Colour
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

August 30, 2026
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য
বিনোদন

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

August 30, 2026
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?
বিনোদন

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

August 30, 2026
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ
জীৱনশৈলী

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

August 30, 2026
Next Post
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ'ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.