• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

2 months ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

4 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

4 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

5 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

5 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

6 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

7 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

7 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

8 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

8 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

9 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

9 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

জৰুৰীকালীন জমা, বীমা, নতুন দক্ষতা আহৰণত দিয়ক গুৰুত্ব

editor by editor
July 4, 2026
in জীৱনশৈলী, নিয়োগ, বাণিজ্য, বিবিধ
0
হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips
0
SHARES
170
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩৫ বছৰ বয়স পাৰ হোৱাৰ পিছতে চাকৰিৰ দৰমহাকেইটাই সমগ্ৰ পৰিয়ালৰ দায়িত্ব বহন কৰাৰ এক গুৰুত্বপূৰ্ণ আধাৰ হৈ পৰে। লাহে লাহে সন্তানৰ শিক্ষা, বাহন, গৃহকে ধৰি বিভিন্ন সৰু-ডাঙৰ সম্পত্তিৰ বাবে লোৱা ঋণৰ কিস্তি, পিতৃ-মাতৃৰ চিকিৎসা আৰু প্ৰতিমাহে বিভিন্ন সমস্যাৰ বাবে বাঢ়ি অহা খৰচৰ মাজত যদি হঠাতে চাকৰি হেৰুৱাবলগীয়া হয়, তেন্তে পৰিস্থিতি কেনেকুৱা হ’ব আপোনাৰ? এই প্ৰশ্নই আজিকালি বহু ব্যক্তিগত চাকৰিয়ালৰ মনত উদ্বেগ আৰু মানসিক চাপৰ সৃষ্টি কৰে। কিন্তু এই ভয়ত জীৱন কটোৱাৰ পৰিৱৰ্তে আগতীয়াকৈ কিছুমান প্ৰস্তুতি ল’লে কঠিন সময়তো আত্মবিশ্বাস অটুট ৰাখিব পাৰি।

প্ৰথমে এটা জৰুৰীকালীন জমা (Emergency Fund) গঢ়ি তোলক

যদি আপোনাৰ সমগ্ৰ জীৱন কেৱল মাহিলী দৰমহাৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হয়, তেন্তে চাকৰি হেৰুৱাৰ ভয় অধিক অনুভৱ হ’ব। সেয়ে অন্ততঃ ৬ মাহৰ অত্যাৱশ্যকীয় খৰচৰ সমান ধন জৰুৰীকালীন সময়ৰ বাবে জমা ৰাখিবলৈ চেষ্টা কৰক। ইয়াত ঘৰুৱা ব্যয়, EMI, সন্তানৰ স্কুলৰ মাচুল আৰু অন্যান্য অপৰিহাৰ্য খৰচসমূহ অন্তৰ্ভুক্ত কৰক। এনে সঞ্চয়ে সংকটৰ সময়ত চিন্তা ভাবনা কৰি সিদ্ধান্ত ল’বলৈ সময় দিয়ে।

নতুন দক্ষতা আহৰণ কেতিয়াও বন্ধ নকৰিব

বৰ্তমানৰ চাকৰিৰ বজাৰ দ্ৰুতগতিত সলনি হৈ আছে। নতুন প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু কাম কৰাৰ ধৰণ অহৰহ পৰিবৰ্তন হৈছে। সেয়ে ৩৫ বছৰ বয়স মানেই সকলো শিকি শেষ হোৱা নহয়; বৰং নিজকে সময়ৰ সৈতে খাপ খুৱাই সদায় নতুন দক্ষতা আয়ত্ত কৰাৰ সময়। নিজে কাম কৰা ক্ষেত্ৰখনৰ নতুন জ্ঞান আৰু দক্ষতা আহৰণ কৰিলে নতুন সুযোগ বিচাৰি উলিওৱা সহজ হয় আৰু আত্মবিশ্বাসো বৃদ্ধি পায়।

কেৱল দৰমহাৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰশীল নহ’ব

সম্ভৱ হ’লে উপাৰ্জনৰ এটা বিকল্প উৎস গঢ়ি তোলক। ইয়াৰ বাবে ডাঙৰ ব্যৱসায় আৰম্ভ কৰিব লাগিব বুলিয়েই কোনো কথা নাই। বৰঞ্চ ডাঙৰ ব্যৱসায়ত আপুনি সম্পূৰ্ণ সময় দিলেহে ভাল ফলাফল লাভ কৰিব। গতিকে দিনটোৰ ৩/৪ ঘণ্টা সময় দি সৰু ব্যৱসায় চাকৰিৰ লগে লগে চলাই নিব পাৰি নেকি চেষ্টা কৰিব চাব পাৰে। তেনে ব্যৱসায় অতি কম মূলধেনেৰে আৰম্ভ কৰিব পৰা তেনে বহু ব্যৱসায় আছে। দৰমহাৰ লগে লগে তেনে সৰু ব্যৱসায়ৰ পৰাও কিছু ধন আপোনাৰ হাতলৈ আহিব। ইয়াৰ উপৰিও ফ্ৰিলেঞ্চিং, পৰামৰ্শদাতা (Consulting) হিচাপে কাম কৰা, অনলাইন সেৱা, ব্যক্তিগত শিক্ষক হিচাপে কাম কৰা অথবা নিজৰ বিশেষ দক্ষতাৰ জৰিয়তে অতিৰিক্ত আয় কৰিও ভৱিষ্যতৰ অনিশ্চয়তাৰ সময়ত সহায় লাভ কৰিব পাৰি। ইয়াৰ ফলত প্ৰয়োজনৰ সময়ত আন এটা বিকল্প পথ হাতত থকাৰ নিশ্চয়তা থাকে।

পেছাদাৰী সম্পৰ্ক শক্তিশালী কৰি ৰাখক

বহুতে একেটা প্ৰতিষ্ঠানত দীঘলীয়া সময় কাম কৰাৰ পিছত পুৰণি সহকৰ্মী বা উদ্যোগৰ লোকসকলৰ সৈতে যোগাযোগ কমাই দিয়ে। কিন্তু শক্তিশালী পেছাদাৰী নেটৱৰ্কে বহু সময়ত নতুন চাকৰি বা নতুন সুযোগ লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়ে পুৰণি সহকৰ্মীসকলৰ সৈতে নিয়মিত যোগাযোগ ৰাখক আৰু পেছাদাৰী প্লেটফৰ্মসমূহতো সক্ৰিয় উপস্থিতি বজাই ৰাখক।

স্বাস্থ্য আৰু স্বাস্থ্য বীমাক অৱহেলা নকৰিব

চাকৰি হেৰুৱালে কেৱল দৰমহাই নহয়, বহু ক্ষেত্ৰত কোম্পানীয়ে আগবঢ়োৱা চিকিৎসা বীমাৰ সুবিধাও বন্ধ হৈ যায়। সেয়ে আগতীয়াকৈ ব্যক্তিগত স্বাস্থ্য বীমা (Health Insurance) গ্ৰহণ কৰাটো বুদ্ধিমানৰ কাম। লগতে মানসিক চাপ হ্ৰাস কৰিবলৈ পৰ্যাপ্ত নিদ্ৰা, নিয়মীয়া ব্যায়াম আৰু সুস্থ জীৱন শৈলী অনুসৰণ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। শৰীৰ আৰু মন দুয়োটা সুস্থ থাকিলে যিকোনো কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাটো সহজ হয়।

ভয় নহয়, প্ৰস্তুতিয়েই হ’ল সফলতাৰ চাবিকাঠি

চাকৰি সদায় থাকিব নে নাথাকিব, সেয়া আমাৰ নিয়ন্ত্ৰণত নাথাকে। কিন্তু সেই সম্ভাৱ্য পৰিস্থিতিৰ বাবে আগতীয়াকৈ প্ৰস্তুতি লোৱাটো সম্পূৰ্ণৰূপে আমাৰ হাতত আছে। যদি আপোনাৰ হাতত পৰ্যাপ্ত সঞ্চয় থাকে, নতুন দক্ষতা থাকে, শক্তিশালী পেছাদাৰী সম্পৰ্ক থাকে আৰু বিকল্প উপাৰ্জনৰ ব্যৱস্থাও থাকে, তেন্তে চাকৰি হেৰুৱাৰ ভয় বহু পৰিমাণে কমি যায়। সেয়ে ভৱিষ্যতৰ অমূলক চিন্তাত বৰ্তমানৰ শান্তি নষ্ট নকৰি, প্ৰতিটো পৰিস্থিতিৰ বাবে নিজকে সাজু কৰি ৰখাটোৱেই হ’ল প্ৰকৃত দূৰদৰ্শিতা আৰু বুদ্ধিমত্তাৰ পৰিচয়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24job
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি
জীৱনশৈলী

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

September 8, 2026
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!
ভাৰত

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

September 8, 2026
Next Post
সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.