• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

2 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

48 minutes ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

1 hour ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

1 hour ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

3 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

3 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

4 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

5 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

6 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

6 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

8 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

9 hours ago
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

ভয়, অন্ধবিশ্বাস, হাস্যৰস আৰু বাস্তৱতাৰ এক মনোগ্ৰাহী চলচ্চিত্ৰ–অভিজ্ঞতা

editor by editor
July 4, 2026
in বিনোদন, বিবিধ, লেখা
0
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস
0
SHARES
27
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত হাঁহটোৰ ৰহস্য ভাঙিল। কিন্তু ‘চুপা-চুপি’ চাই বুজিলোঁ, আচল ৰহস্যটো হাঁহটো নাছিল। আচল ৰহস্য আছিল মানুহৰ মন। জংঘলৰ মাজত থকা এটা পৰিত্যক্ত ৰাইচ মিল। সময়ৰ ধূলি জমা হোৱা সেই নিৰ্জন পৰিসৰৰ পৰা আৰম্ভ হয় ‘চুপা-চুপি’ৰ কাহিনী। তাৰ পাছত ছবিখনে দৰ্শকক চিনাকি কৰাই দিয়ে কেইজনমান যুৱক, এটি দম্পত্তিৰ সৈতে। পৃথক জীৱন, পৃথক সমস্যা, পৃথক সপোন, পৃথক হতাশা। সমাজৰ প্ৰান্তিক বাস্তৱতাৰে গঢ় লোৱা এই চৰিত্ৰসমূহ প্ৰথমে যেন সাধাৰণ মানুহৰ কাহিনী। কিন্তু লাহে লাহে সেই জীৱনবোৰ এক বিন্দুত আহি মিলিত হয়, আৰু তাৰ পৰাই আৰম্ভ হয় এখন বৃহৎ আখ্যান।

চাৰিজন যুৱকে হাঁহ চুৰি কৰাক কেন্দ্ৰ কৰি সংঘটিত হোৱা এক আপাত–সাধাৰণ ঘটনাই হঠাতে অপ্রত্যাশিত ৰূপ লয়। তাৰ পাছত কাহিনী আগবাঢ়ে ভয়, গুজব, অন্ধবিশ্বাস আৰু বহু বছৰ ধৰি লুকুৱাই ৰখা এক সত্যৰ দিশে। লোকবিশ্বাসে অভিশপ্ত বুলি মানি অহা এখন জংঘল, তাৰ সৈতে জড়িত অসংখ্য কাহিনী, আৰু সেই কাহিনীৰ আঁৰত লুকাই থকা বাস্তৱ— এই সকলোবোৰৰ মাজেৰে ‘চুপা-চুপি’ লাহে লাহে পৰিণত হয় এক মনস্তাত্ত্বিক আৰু সামাজিক থ্ৰীলাৰলৈ।

প্ৰণৱ ভৰালীৰ ৰচনা আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে, দুঘণ্টা একত্ৰিছ মিনিটৰ এখন ছবি, অথচ এপলকো সময়ৰ বোজা অনুভৱ নোহোৱা। আজিৰ সময়ত দৰ্শকৰ মনোযোগ ধৰি ৰখাটোৱেই চলচ্চিত্ৰৰ অন্যতম ডাঙৰ চেলেঞ্জ। সেই পৰীক্ষাত ‘চুপা-চুপি’ সফল। ছবিখনে কেতিয়াবা হাঁহুৱাইছে, কেতিয়াবা উৎকণ্ঠিত কৰিছে, কেতিয়াবা স্তব্ধ কৰি তুলিছে, আৰু কেতিয়াবা ভাবিবলৈ বাধ্য কৰে। এয়াই এখন পূৰ্ণাংগ চলচ্চিত্ৰৰ লক্ষণ। আচলতে ‘চুপা-চুপি’ ভূতৰ ছবি নহয়। ই ভয়ৰ ছবি। ভয় কেনেকৈ সৃষ্টি হয়, কেনেকৈ মানুহৰ মনত বাস সাঁজে ভয়ে, কেনেকৈ অন্ধবিশ্বাস সমাজৰ ওপৰত আধিপত্য বিস্তাৰৰ অস্ত্ৰ হৈ উঠে এই ভয়, সেই কথা ছবিখনে বুজাইছে। এইখিনিতেই ছবিখনে মনোৰঞ্জনৰ সীমা অতিক্ৰম কৰি সমাজৰ প্ৰতিচ্ছবি হৈ উঠিছে।

আমাৰ সমাজত আজিও বহু ক্ষেত্ৰত গুজব আৰু অন্ধবিশ্বাসৰ শক্তি যুক্তিৰ শক্তিতকৈ বেছি। বহু সময়ত অলৌকিকতাৰ আৱৰণৰ আঁৰত লুকাই থাকে মানুহৰেই স্বাৰ্থ, লোভ, অপৰাধবোধ বা কোনো ভয়ংকৰ সত্য। ‘চুপা-চুপি’য়ে সেই অন্ধকাৰ অংশটোক স্পৰ্শ কৰিছে। কিন্তু উপদেশমূলক ভংগীত নহয়; চলচ্চিত্ৰৰ ভাষাৰে।
চলচ্চিত্ৰখনৰ অন্যতম শক্তি ইয়াৰ চিত্ৰনাট্য। হাজাৰোধিক সংখ্যক চৰিত্ৰ, একাধিক উপ–আখ্যান, কমেডি, একশ্বন, আবেগ, ৰহস্য আৰু সামাজিক বক্তব্য— এই সকলোবোৰক একে সূত্ৰত গাঁথি শেষলৈকে আগ্ৰহ অটুট ৰখাটো সহজ কাম নহয়। কিন্তু প্ৰণৱ ভৰালীয়ে সেই কাম সফলভাৱে কৰিছে। কাহিনীটো যিদৰে আৰম্ভ হয়, তাৰ পৰা যিদৰে সংঘাতে গঢ় লয়, আৰু শেষত যিদৰে সত্যৰ মুখামুখি হয়, তাত এজন পৰিচালকৰ পৰিপক্কতা স্পষ্ট। বিশেষকৈ ছবিখনিৰ মূল চৰিত্ৰসমূহৰ পৃথক পৃথক জীৱন আৰু তেওঁলোকৰ বাস্তৱতা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ছবিখনে ধৈৰ্য দেখুৱাইছে। সেই ধৈৰ্যই পাছৰ ঘটনাবোৰক অধিক বিশ্বাসযোগ্য কৰি তুলিছে। দৰ্শকে চৰিত্ৰবোৰক চিনি পায়, বুজি উঠে আৰু সেইবাবেই তেওঁলোকৰ যাত্ৰাৰ সৈতে নিজকে জড়িত অনুভৱ কৰিব পাৰিছে।

কেনেকুৱা ছবি?

অভিনয়ৰ ক্ষেত্ৰত ‘চুপা-চুপি’ৰ সাফল্য বিশেষভাৱে উল্লেখযোগ্য। এই ছবিখন কোনো এজন নায়ক–নির্ভৰ ছবি নহয়। এইখন এখন সমষ্টিগত অভিনয়ৰ ছবি। ছবিখনৰ আটাইতকৈ উল্লেখযোগ্য দিশ হ’ল— কোনো চৰিত্ৰই অভিনয় কৰা যেন অনুভৱ নোহোৱাটো, যেন বাস্তৱ জীৱনৰ মানুহবোৰেই কেমেৰাৰ সন্মুখত উপস্থিত হোৱা যেন অনুভৱ হয়।

উল্লেখ্যযে, গাঁওবুঢ়াৰ চৰিত্ৰত অৰুণ নাথে যি অভিনয় কৰিছে, সেয়া নিঃসন্দেহে ছবিখনৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ। এই বয়সতো তেওঁ যি শৰীৰী ভাষা, অভিব্যক্তি আৰু মানসিক অন্তঃদ্বন্দ ফুটাই তুলিছে, সেয়া এক কিংবদন্তি অভিনেতাৰ পক্ষেহে সম্ভৱ। গাঁওবুঢ়া কেৱল এটা চৰিত্ৰ নহয়; ভয়, ক্ষমতা, গোপনতা আৰু অপৰাধবোধৰ এক জটিল মানসিক জগত। অৰুণ নাথে সেই জগতখনক বিশ্বাসযোগ্য কৰি তুলিছে।

কমল লোচনকো এই ছবিখনিত কিছু নতুন ৰূপত দেখা গৈছে। দৰ্শকে তেওঁৰ পৰা যি আশা কৰে, সেয়া পোৱাৰ উপৰি কমলে একশ্বনৰ দৃশ্যসমূহতো শক্তিশালী উপস্থিতি দেখুৱাইছে। কৌশিক ভৰদ্বাজ, জিৎ কলিতা, সপ্তৰ্ষী গগৈ, বেদব্ৰত বৰা, কিশোৰ তহবিলদাৰ, স্নিগ্ধা গগৈ, ভাৰ্গৱী গোস্বামী, ৰাগিনী কৌশিক আদি প্ৰতিগৰাকী শিল্পীয়ে নিজৰ নিজৰ চৰিত্ৰত বিশ্বাসযোগ্য অভিনয় আগবঢ়াইছে।

এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখ কৰিব লাগিব হিমাংশু প্ৰসাদ দাসৰ কথা। তেওঁৰ উপস্থিতি হয়তো সীমিত, কিন্তু কেতিয়াবা এজন অভিনেতাৰ দক্ষতা সময়ৰ দৈৰ্ঘ্যৰে জোখা নাযায়। অতি কম সময়ৰ উপস্থিতিতো তেওঁ নিজৰ অভিনয়–ক্ষমতাৰ স্বাক্ষৰ ৰাখিবলৈ সক্ষম হৈছে। কাৰিকৰী দিশৰ পৰা ‘চুপা-চুপি’ অসমীয়া চলচ্চিত্ৰৰ বাবে আশাব্যঞ্জক সংকেত। চন্দ্ৰ কুমাৰ দাসৰ চিত্ৰগ্ৰহণে ছবিখনক এক স্বকীয় দৃশ্য–ভাষা দিছে। বিশেষকৈ নিশাৰ দৃশ্যসমূহ, জংঘলৰ পৰিৱেশ আৰু বৃহৎ জনসমাগমৰ দৃশ্যবোৰত তেওঁৰ দক্ষতা স্পষ্টকৈ ফুটি উঠিছে। উদীপ্ত কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাই ছবিখনৰ গতি অক্ষুণ্ণ ৰাখিছে। আৱহ সংগীত, শব্দ–বিন্যাস আৰু একশ্বন দৃশ্যসমূহেও ছবিখনৰ প্ৰভাৱ বহুগুণে বৃদ্ধি কৰিছে।

অসমীয়া চলচ্চিত্ৰই ৯১ বছৰৰ যাত্ৰা সম্পূৰ্ণ কৰিছে। ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা নিশ্চিতভাৱে দীঘলীয়া যদিও সঁচা অৰ্থত অসমীয়া চলচ্চিত্ৰ এতিয়াও পূৰ্ণাংগ উদ্যোগ হৈ উঠা নাই। ইয়াৰ কাৰণ কেৱল পুঁজি নহয়, দৰ্শক–সংস্কৃতিও। দক্ষিণ ভাৰতত অথবা বাংলাত চিনেমা চোৱাটো এক সাংস্কৃতিক অভ্যাস। সেই অভ্যাসেই উদ্যোগ গঢ়ে। সেই অভ্যাসেই প্ৰযোজকক সাহস দিয়ে, নতুন কাহিনীক জন্ম দিয়ে। অসমীয়া চলচ্চিত্ৰৰ সমস্যা প্ৰতিভাৰ নহয়, সমস্যা বজাৰৰ। সমস্যা নিয়মীয়া দৰ্শক–সংস্কৃতিৰ। এই প্ৰেক্ষাপটত ‘চুপা-চুপি’ৰ প্ৰযোজক নৃপেন দাসে সাহসেৰে আগবাঢ়ি আহিছে। অসমীয়া চলচ্চিত্ৰৰ দৰে সীমিত বজাৰত বৃহৎ পৰিসৰৰ ছবি নিৰ্মাণ কৰা কোনো সৰু কথা নহয়। লাভ–লোকচানৰ নিশ্চয়তা নথকা অৱস্থাত কেৱল অসমীয়া চিনেমাৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি অহাটো নিজেই এক সাংস্কৃতিক দায়িত্ববোধৰ পৰিচয়। চলচ্চিত্ৰ এখন কেৱল পৰিচালক বা অভিনেতাৰ সৃষ্টি নহয়; ইয়াৰ আঁৰত থাকে এজন প্ৰযোজকৰ বিশ্বাস। সেই বিশ্বাস নাথাকিলে বহু কাহিনী ৰূপালী পৰ্দালৈ কেতিয়াও নাহিলহেঁতেন।

দুঘণ্টা একত্ৰিছ মিনিট ধৰি ‘চুপা-চুপি’য়ে দৰ্শকক মনোৰঞ্জন দিয়ে, হঁহুৱায়, উত্তেজিত কৰে, চিন্তা কৰায় আৰু শেষত এটা সম্পূৰ্ণ চলচ্চিত্ৰ–অভিজ্ঞতা উপহাৰ দিয়ে। ছবিখনত এটা ডাঙৰ ছাৰপ্ৰাইজ পাব দৰ্শকে, যিটো এতিয়াই কৈ দিয়াটো কঠিন।

‘চুপা-চুপি’ কেৱল এখন সফল চলচ্চিত্ৰ নহয়; ই অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাসৰ নাম। সীমিত সম্পদ, সীমিত বজাৰ আৰু সীমিত সুযোগৰ মাজতো যে উৎকৃষ্ট চলচ্চিত্ৰ নিৰ্মাণ সম্ভৱ, এই ছবিখনে সেই কথাই পুনৰ এবাৰ প্ৰমাণ কৰিলে।

দৰ্শকৰ দায়িত্ব

বলীউডৰ ছবি হওক, হলীউডৰ ছবি হওক, দক্ষিণ ভাৰতীয় ছবিও হওক— চাবই লাগে। কিন্তু নিজৰ ভাষাৰ ভাল শিল্পকো সম-মৰ্যাদা দিব লাগে। কিয়নো নিজৰ মাটিৰ কাহিনী, নিজৰ সমাজৰ প্ৰতিচ্ছবি আৰু নিজৰ সংস্কৃতিৰ স্মৃতি বহন কৰা শিল্পক সন্মান জনোৱাটো কেৱল বিনোদনৰ বিষয় নহয়; ই এক সাংস্কৃতিক দায়িত্ব। ‘চুপা-চুপি’ সেই দায়িত্ব পালন কৰাৰ এক সুন্দৰ সুযোগ।

(এই তথ্য প্ৰদান কৰিছে হেমন্ত শৰ্মাই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Assamese Moviechupa-chupi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

July 4, 2026
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ
বিনোদন

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

July 4, 2026
Next Post
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.