কপিল শৰ্মা শ্ব’ৰ পৰাই জনপ্ৰিয়তা লাভ কৰিছিল অভিনেত্ৰী সুমোনা চক্ৰৱৰ্তীয়ে। ইয়াৰ উপৰিও তেওঁ কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰে। কাজল-ৰাণী পৰিয়ালৰ সৈতেও তেওঁৰ ভাল সম্পৰ্ক আছে। ফলত মুখাৰ্জী পৰিয়ালৰ দুৰ্গা পূজাতো তেওঁক দেখা যায়।
কপিল শৰ্মাৰ অন স্ক্ৰীণ পত্নী সুমোনা চক্ৰৱৰ্তীয়ে ছ’চিয়েল মিডিয়াত নিজৰ কিছু শাৰীৰিক সমস্যা শ্বেয়াৰ কৰিছে। ৩৮ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে লিখিছে যে তেওঁ এণ্ডোমেট্ৰিয়াছিছ ৰোগত আক্ৰান্ত আৰু শেহতীয়াকৈ তেওঁৰ অস্ত্ৰোপচাৰ হৈছে।
প্ৰায় দুমাহ ধৰি তেওঁ লাইমলাইটৰ পৰা আঁতৰি আছিল। ছ’চিয়েল মিডিয়াতো সক্ৰিয় নাছিল অভিনেত্ৰীগৰাকী। প্ৰত্যাৱৰ্তনৰ কথা ঘোষণা কৰি তেওঁ যোৱা ৬০-৭০ দিনৰ অৱস্থা আৰু কাৰ্যকলাপৰ বিষয়ে বিতংভাৱে কয়।
সুমোনাই প্ৰকাশ কৰে যে তেওঁ এণ্ডোমেট্ৰিয়াছিছ নামৰ এক গুৰুতৰ ৰোগত ভুগি আছিল। বছৰ বছৰ ধৰি ঔষধেৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ পিছত যোৱা মাহৰ ৪ তাৰিখে অস্ত্ৰোপচাৰ কৰা হয় যেতিয়া বিষটো অসহ্যকৰ হৈ পৰে। চিকিৎসাৰ অন্তত অভিনেত্ৰীগৰাকীয়ে বেড ৰেষ্টত আছিল।
এণ্ডোমেট্ৰিয়াছিছ (Endometriosis) হৈছে এক বেদনাদায়ক স্বাস্থ্য সমস্যা, য’ত জরায়ুৰ ভিতৰত আৱৰণ সৃষ্টি কৰা কোষবোৰ (এণ্ডোমেট্ৰিয়াম) জরায়ুৰ বাহিৰত বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত মাহেকীয়াৰ সময়ত তীব্ৰ বিষ, পেট ফুলা, বমি ভাব আৰু দীৰ্ঘম্যাদী শ্ৰোণী (pelvic) বিষৰ সৃষ্টি হ’ব পাৰে।
এণ্ডোমেট্ৰিয়াছিছ কি?
ই এক দীৰ্ঘদিনীয়া অৱস্থা য’ত জৰায়ুত আৱৰণৰ সৃষ্টি কৰা কোষবোৰ (যেনে ডিম্বাশয়, ফেল’পিয়ান টিউব বা পেলভিছত) বৃদ্ধি পায়। ইয়াৰ ফলত অশান্তি আৰু তীব্ৰ বিষ হয়।
ইয়াৰ ফলত মাহেকীয়াৰ তীব্ৰ বিষ, যৌন সম্পৰ্কৰ সময়ত বিষ, অত্যাধিক ৰক্তক্ষৰণ আনকি বন্ধ্যাত্বও হ’ব পাৰে। ইয়াৰ কোনো নিৰাময় নাই যদিও বিষৰ ঔষধ, হৰম’ন থেৰাপী বা অস্ত্ৰোপচাৰৰ দ্বাৰা লক্ষণসমূহ নিয়ন্ত্ৰণ কৰিব পাৰি।
এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ অভিনেত্ৰীগৰাকীয়ে অস্ত্ৰোপচাৰ কৰিছে। পোষ্টটোত লিখিছে, “হেল্ল’, দুমাহৰ পিছত ঘূৰি অহাত মই অতি সুখী। যোৱা দুমাহ ধৰি অনুপস্থিত হৈ আছো। ইচ্ছাকৃতভাৱে ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি আহিছো। ৪ মে’ত এণ্ডোমেট্ৰিয়াছিছৰ অস্ত্ৰোপচাৰ হৈছিল। অস্ত্ৰোপচাৰ নকৰাকৈ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিলো, কিন্তু সফল নহ’ল। সকলো প্ৰচেষ্টা সত্ত্বেও বেছি বেয়া হৈ যায়, আৰু অস্ত্ৰোপচাৰ একমাত্ৰ বিকল্প আছিল। যোৱা দুমাহ ধৰি, মই মোৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত কাম কৰি আহিছো।”
অভিনেত্ৰী সুমোনাই অনুৰাগীৰ সৈতে তেওঁৰ স্বাস্থ্যৰ আপডেট শ্বেয়াৰ কৰিছে। দ্ৰুতগতিত সুস্থ হৈ উঠিছে আৰু এতিয়া বহুত ভাল লাগিছে বুলিও কয়। এই কঠিন সময়ত তেওঁৰ যত্ন লোৱা চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলক ‘ফেৰস্তা’ বুলি অভিহিত কৰি তেওঁ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে।
সুমোনাই স্পষ্ট কৰি দিয়ে যে, তেওঁ নিজৰ অসুস্থতাৰ বিষয়ে প্ৰচাৰ বা সহানুভূতিৰ বাবে শ্বেয়াৰ কৰা নাই। তেওঁৰ একমাত্ৰ লক্ষ্য হৈছে মহিলাসকলৰ মাজত এই অৱস্থাৰ বিষয়ে সজাগতা সৃষ্টি কৰা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















