ক্ৰিকেট মেচৰ লাইভ সম্প্ৰচাৰৰ মাজত ‘প্ৰাপ্তবয়স্ক’ শ্ৰেণীৰ বিজ্ঞাপনৰ সম্প্ৰচাৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে চেম্বাৰ অব ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী (CTI)-এ। সংগঠনটোৱে এই সন্দৰ্ভত ICCৰ অধ্যক্ষ জয় শ্বাহলৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি বিশেষকৈ পৰিয়ালৰ সকলো সদস্যই একেলগে মেচ এখন উপভোগ কৰা সময়ত ক*ণ্ডম, ডেটিং এপ আৰু অন্যান্য প্ৰাপ্তবয়স্ক শ্ৰেণীৰ বিজ্ঞাপন সম্প্ৰচাৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপৰ আহ্বান জনাইছে। CTIৰ অধ্যক্ষ ব্ৰিজেশ গয়েলে পত্ৰখনত উল্লেখ কৰে যে বিগত ৪ জুলাইত ইংলেণ্ডৰ মেনচেষ্টাৰৰ অ’ল্ড ট্ৰেফ’ৰ্ডত অনুষ্ঠিত ভাৰত–ইংলেণ্ড দ্বিতীয় টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলখনৰ অভাৰৰ মাজত এটা বিশেষ কোম্পানীৰ ক*ণ্ডমৰ বিজ্ঞাপন সম্প্ৰচাৰ কৰা হৈছিল। ভাৰতৰ প্ৰতিখন মেচেই দেশৰ কোটি কোটি পৰিয়ালে একেলগে উপভোগ কৰে, তেনে সময়ত এনেধৰণৰ প্ৰাপ্তবয়স্ক শ্ৰেণীৰ বিজ্ঞাপনে পৰিয়ালসমূহৰ মাজত অস্বস্তিৰ সৃষ্টি কৰে।
CTIৰ কি দাবী?
সংগঠনটোৱে দাবী কৰিছে যে ভাৰতত প্ৰায় ৪৪ কোটি লোকে ক্ৰিকেট উপভোগ কৰে, যাৰ ভিতৰত ১৬ বছৰৰ তলৰ অসংখ্য শিশু আৰু কিশোৰো আছে। এনে পৰিস্থিতিত ক*ণ্ডম, ডেটিং এপ বা এনে ধৰণৰ এডাল্ট বিষয়বস্তুসম্পৰ্কীয় বিজ্ঞাপন সম্প্ৰচাৰ কৰিলে শিশুসকলৰ মনত বিভিন্ন প্ৰশ্নৰ উদ্ভৱ হয় আৰু অভিভাৱকসকলৰ বাবে অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ব্যক্তিগত অভিজ্ঞতাৰ কথাও পত্ৰখনত উল্লেখ কৰি ব্ৰিজেশ গয়েলে কয় যে-খেলখন চোৱাৰ সময়ত তেওঁৰ ১৩ বছৰীয়া পুত্ৰই ক*ণ্ডমৰ বিজ্ঞাপন দেখি ইয়াৰ বিষয়ে বিভিন্ন প্ৰশ্ন সোধে। সেই মুহূৰ্তত তেওঁ অস্বস্তিত পৰে। তেওঁৰ বিশ্বাস, দেশজুৰি বহু অভিভাৱকে একেধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হৈছে। CTI-এ ICCৰ ওচৰত দাবী জনাইছে যে সন্ধিয়া ৭ বজাৰ পৰা নিশা ১১ বজালৈকে ‘ফেমিলি ভিউইং টাইম’ হিচাপে ধৰি এই সময়ছোৱাত সম্প্ৰচাৰিত সকলো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত ক*ণ্ডম, ডেটিং এপ আৰু অন্যান্য এডাল্ট শ্ৰেণীৰ বিজ্ঞাপন সম্প্ৰচাৰত স্পষ্টভাৱে নিষেধাজ্ঞা আৰোপ কৰা হওক।
লগতে BCCI আৰু ICCৰ অধীনস্থ সকলো সদস্য ক্ৰিকেট ব’ৰ্ডে সম্প্ৰচাৰকাৰী সংস্থাসমূহৰ সৈতে হোৱা চুক্তিত ‘ফেমিলি ভিউইং কোড’ বাধ্যতামূলকভাৱে অন্তৰ্ভুক্ত কৰাৰো দাবী জনোৱা হৈছে। ইয়াৰ উপৰিও সংগঠনটোৱে দাবী কৰিছে যে, ভৱিষ্যতেও যদি এনে বিজ্ঞাপন সম্প্ৰচাৰ কৰা হয়, তেন্তে সংশ্লিষ্ট সম্প্ৰচাৰকাৰী সংস্থা আৰু ক্ৰিকেট ব’ৰ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চিটিআইৰ মতে, যিদৰে দেশত মাদকদ্ৰব্যৰ বিজ্ঞাপনত কঠোৰ নিয়ন্ত্ৰণ আছে, তেন্তে একেধৰণে এডাল্ট শ্ৰেণীৰ বিজ্ঞাপনকো পৰিয়ালৰ বাবে উপযোগী সময়ছোৱাত অনুমতি দিয়া উচিত নহয়।
চিটিআইয়ে আইচিচি অধ্যক্ষ জয় শ্বাহক আহ্বান জনাইছে যে, এই বিষয়টোক আগন্তুক আইচিচি ব’ৰ্ড বৈঠকৰ অগ্ৰাধিকাৰমূলক আলোচ্য বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হওক। লগতে শিশুসকলৰ মানসিক স্বাস্থ্য আৰু পৰিয়ালমুখী দৰ্শন-সংস্কৃতিৰ স্বাৰ্থত ৩০ দিনৰ ভিতৰত এক স্পষ্ট নীতি প্ৰস্তুত কৰাৰ দাবী জনোৱা হৈছে। সংগঠনটোৱে লগতে স্পষ্ট কৰি দিছে যে, প্ৰয়োজন হ’লে এই বিষয়টো সংসদ আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সন্মুখতো উত্থাপন কৰা হ’ব।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















