যিমানেই মানৱ সমাজ আধুনিকতাৰ উত্তৰণলৈ গতি কৰিছে সিমানেই যেন এচাম মানুহ বৰ্বৰ হৈ গৈ আছে। সময়ে সময়ে এনে বৰ্বৰ, নৰাধম লোকৰ চৰিত্ৰ বিভিন্ন ঘটনাৰ জৰিয়তে প্ৰকাশ পাই আহিছে। পুনৰ তেনে এটা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত এগৰাকী যুৱতীয়ে নিজ মাতৃক হ*ত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়া এক ঘটনা পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰৰ প্ৰতাপ নগৰত। ‘চুপাৰি কি*লাৰ’ক ৭ লাখ টকা চুপাৰি দি নিজ মাতৃকে হ*ত্যা কৰা অভিযুক্ত যুৱতীগৰাকী সম্প্ৰতি আৰক্ষীৰ জিম্মাত। অভিযুক্ত যুৱতীগৰাকীৰ লগতে আন ৭ অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আনহাতে, বলৰাম ওৰফে ৰবি নামৰ এজন অভিযুক্ত এতিয়াও পলাতক হৈ আছে।
কেনেকৈ পোহৰলৈ আহিল ঘটনাটো
ঘটনাৰ বিৱৰণী অনুসৰি বিগত ৩ জুলাইত ৰাজস্থানৰ প্ৰতাপ নগৰত এখন স্কৰপিঅ’ৰ খুন্দাত নীৰজ শৰ্মা নামৰ এগৰাকী মহিলা থিতাতে নিহত হয়। আৰম্ভণিতে ঘটনাটো এক সাধাৰণ পথ দুৰ্ঘটনা যেন লাগিছিল। কিন্তু মৃতকৰ আত্মীয়-স্বজনে হ*ত্যাৰ সন্দেহ প্ৰকাশ কৰাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তকালত আৰক্ষীয়ে ঘটনাস্থলৰ আশে-পাশে থকা ১০০ৰো অধিক চিচিটিভি কেমেৰাৰ ফুটেজ পৰ্যালোচনা কৰে। প্ৰত্যক্ষদৰ্শীৰ বক্তব্য অনুসৰি, এখন দ্ৰুতবেগী স্ক’ৰ্পিঅ’ গাড়ীয়ে মহিলাগৰাকীক খুন্দিয়াই ঘটনাস্থলৰ পৰা পলাই যায়। ইয়াৰ পিছত ৰাজস্থান, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন ঠাইত অভিযান চলাই আৰক্ষীয়ে ৭ অভিযুক্তক আটক কৰে। জেৰা চলোৱাৰ সময়তে এই ঘটনাৰ মাষ্টাৰমাইণ্ড যে মহিলাগৰাকীৰ কন্যা সেই কথা পোহৰলৈ আহে।
হ*ত্যাৰ কথা স্বীকাৰ অভিযুক্ত কন্য়াৰ
আৰক্ষীৰ জেৰাত মৃ*ত মহিলাগৰাকীৰ কন্যাই স্বীকাৰ কৰে যে, পিতৃৰ মৃত্যুৰ পিছত পিতৃৰ ঠাইত চৰকাৰী চাকৰিটো লাভ কৰিব বিচাৰিছিল। কিন্তু মাতৃয়ে নিজেই সেই চাকৰিত যোগদান কৰাত তেওঁ ক্ষুব্ধ হৈ পৰে। এই ঘটনাত অভিযুক্তক সংগ দিয়ে বৰদেউতাক আৰু সম্বন্ধীয় ভাতৃয়ে। নীৰজ শৰ্মাক হত্যাৰ বিগত ৩ মাহ ধৰি পৰিকল্পনা কৰি আছিল বুলিও আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে মুখ্য অভিযুক্তই।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ