বিশ্ব ফুটবলৰ অন্যতম জনপ্ৰিয় তাৰকা এৰ্লিং হালাণ্ডক অনুৰাগীসকলে ‘গ’ল মেচিন’ বুলি অভিহিত কৰে। তেওঁৰ অসাধাৰণ ফিটনেছ, গতিশীলতা আৰু খেলৰ সময়ত অবিশ্বাস্য শক্তিয়ে সকলোকে আকৰ্ষিত কৰে। বৰ্তমান আমেৰিকাত চলি থকা ফুটবল বিশ্বকাপত নৰৱেৰ তেওঁ কেইবাখনো মেচত জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। স্বাভাৱিকতেই হালাণ্ডে কি খায় আৰু কেনেদৰে নিজৰ দিনটো পাৰ কৰে এনেধৰণৰ কৌতুহল সদায়ে অনুৰাগীসকলৰ মাজত থাকে।
সুষম খাদ্যৰে দিনটোৰ আৰম্ভণি
হালাণ্ডৰ মতে, তেওঁৰ সু-স্বাস্থ্য আৰু শক্তিৰ মূল চাবিকাঠি কোনো দামী ছাপ্লিমেণ্ট বা তথাকথিত “ছুপাৰফুড” নহয়; বৰঞ্চ সুষম খাদ্য আৰু নিয়মীয়া জীৱনশৈলী। সাধাৰণতে তেওঁ দিনটোৰ আৰম্ভণি একাপ কফিৰে কৰে। বিভিন্ন সাক্ষাৎকাৰত তেওঁ কেঁচা গাখীৰ মিহলোৱা কফি খোৱাৰ কথা উল্লেখ কৰিছে। ইয়াৰ লগতে তেওঁ শুদ্ধ মৌও গ্ৰহণ কৰে। তেওঁৰ বিশ্বাস, কফিয়ে শৰীৰক সজীৱ কৰি ৰাখে, আনহাতে গাখীৰে হাড়, পেশী আৰু শৰীৰৰ সামগ্ৰিক বিকাশত সহায় কৰে। পুৱা শুই উঠিয়েই হালাণ্ডে কিছু সময় ঘৰৰ বাহিৰলৈ ওলাই সতেজ বতাহ আৰু পুৱাৰ কোমল ৰ’দ উপভোগ কৰে। এই অভ্যাসে মানসিক সতেজতাৰ লগতে শৰীৰৰ বাবে ভিটামিন-ডি লাভ কৰাতো সহায়ক হয়। ইয়াৰ পিছত তেওঁ পুষ্টিকৰ নাস্তা গ্ৰহণ কৰে। সাধাৰণতে নাস্তাত সিজোৱা বা ভজা কণী আৰু ছ’ৰড’ (Sourdough) ব্ৰেড থাকে। ছ’ৰড’ ব্ৰেড ফাৰমেণ্টেড হোৱা বাবে ই সহজে হজম হয় আৰু অন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী বুলি ধৰা হয়।
হালাণ্ডৰ আহাৰত কণী আৰু মৌ
হালাণ্ডে নিয়মীয়াকৈ কণী খায়। কণীত উচ্চমানৰ প্ৰ’টিন, স্বাস্থ্যকৰ চৰ্বি আৰু ভিটামিন A, D, E, K আদি বহু গুৰুত্বপূৰ্ণ পুষ্টি উপাদান থাকে। ইয়াৰ উপৰিও মৌ তেওঁৰ প্ৰিয় খাদ্য, যি শৰীৰক প্ৰাকৃতিক শক্তি যোগান ধৰে। হালাণ্ডে সাধাৰণ আৰু স্বাস্থ্যকৰভাৱে খাদ্য প্ৰস্তুত কৰিবলৈ ভাল পায়। তেওঁ মাংসত সাধাৰণতে কেৱল নিমখ আৰু black papper ব্যৱহাৰ কৰে আৰু অধিকাংশ ক্ষেত্ৰত গ্ৰিল কৰি খায়। ইয়াৰ ফলত মাংস বাহিৰৰ পৰা খৰখৰীয়া আৰু ভিতৰৰ পৰা কোমল আৰু ৰসাল হৈ থাকে।
হালাণ্ডৰ প্ৰিয় খাদ্য কি?
হালাণ্ডৰ প্ৰিয় খাদ্যৰ ভিতৰত বিফ ষ্টেক অন্যতম। ইয়াৰ লগতে হালাণ্ডে Beef Liver-ও খাই ভাল পায়। এই ধৰণৰ খাদ্যত আয়ৰন, ভিটামিন B12, ভিটামিন A আদি বহু পুষ্টি উপাদান থাকে। হালাণ্ডে প্ৰতিদিনে প্ৰায় ৬,০০০ কেলৰি শক্তি গ্ৰহণ কৰে। অৱশ্যে, এই পৰিমাণ তেওঁৰ দৰে পেছাদাৰী ফুটবলাৰৰ কঠোৰ অনুশীলন আৰু অধিক শক্তিৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গ্ৰহণীয় কিন্তু সাধাৰণ মানুহৰ বাবে ৬০০০ কেলৰি উপযুক্ত নহ’বও পাৰে।
ফিটনেছ ৰুটিন
খাদ্যৰ লগতে হালাণ্ডে নিয়মীয়াকৈ ষ্ট্ৰেচিং, ম’বিলিটি এক্সাৰচাইজ, ৰেড লাইট থেৰাপি, আইচ বাথ, ছাউনা (Sauna) ছেছন আদি অনুশীলন কৰে। এই অভ্যাসসমূহে শৰীৰৰ নমনীয়তা আৰু সামগ্ৰিক ফিটনেছ বজাই ৰখাত সহায় কৰে। হালাণ্ডৰ খাদ্যাভ্যাস আৰু ব্যায়ামৰ ৰুটিন তেওঁৰ দৰে উচ্চস্তৰৰ পেছাদাৰী ক্ৰীড়াবিদৰ শাৰীৰিক প্ৰয়োজন অনুসৰি গ্ৰহণীয়। সাধাৰণ ব্যক্তিয়ে এনে খাদ্য বা দৈনিক ৬,০০০ কেলৰি গ্ৰহণ কৰাৰ আগতে চিকিৎসক বা পুষ্টিবিদৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়। সুস্বাস্থ্যৰ বাবে সুষম আহাৰ, নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত টোপনি আৰু শৃংখলাবদ্ধ জীৱনশৈলীয়েই আটাইতকৈ গুৰুত্বপূৰ্ণ।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















