• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

3 months ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

5 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

5 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

7 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

7 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

7 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

8 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

8 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

9 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

10 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

10 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

11 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

'আৰম্ভণিৰ পৰাই ৰেফাৰী আমাৰ বিৰুদ্ধে আছিল'

editor by editor
July 8, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ
0
SHARES
261
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত ফিফা বিশ্বকাপৰ Round of 16ত আৰ্জেণ্টিনাৰ হাতত ৩-২ গ’লত পৰাস্ত হোৱাৰ পিছতে ইজিপ্তৰ ফুটবলাৰ মুস্তাফা জিকোৱে ফিফাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ দাবী, এইবাৰ সমগ্ৰ টুৰ্ণামেণ্টখনেই ফিক্স কৰা হৈছে আৰু শেষত বিশ্বকাপ আৰ্জেণ্টিনায়ে জিকিব। ৭ জুলাইত অনুষ্ঠিত মেচখনৰ ৭৮ মিনিটলৈকে ইজিপ্তে সম্পূৰ্ণ অধিপত্য বিস্তাৰ কৰি আছিল। প্ৰথমে ইয়াছাৰ ইব্ৰাহিমে গ’ল কৰি দলক আগুৱাই নিয়াৰ পিছত দ্বিতীয়াৰ্ধত মুস্তাফা জিকোৱে আন এটা গ’ল স্ক’ৰ কৰি ব্যৱধান ২-০ কৰে। ইয়াৰ পিছতো ইজিপ্তে তৃতীয়বাৰৰ বাবে গলপষ্টত বল ভৰাইছিল যদিও VARৰ পৰীক্ষাৰ পিছত সেই গ’ল বাতিল কৰা হয়। এই সিদ্ধান্তৰ পিছতেই ক্ষুব্ধ হৈ পৰে জিকো।

মেচ শেষ হোৱাৰ পিছত তেওঁ ৰেফাৰী ফ্ৰাঁছোৱা লেতেক্সিয়েৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ তুলি কয়, ‘ৰেফাৰীৰ সিদ্ধান্ত সম্পূৰ্ণ ভুল। তেওঁ সমগ্ৰ দেশৰ পৰিশ্ৰম নষ্ট কৰি পেলালে।’ ইয়াতেই ক্ষান্ত নাথাকি তেওঁ আৰু কয়, ‘এই বিশ্বকাপ আৰ্জেণ্টিনাকেই দিয়া হৈছে। চেম্পিয়ন হ’বও আৰ্জেণ্টিনাই। ইয়াত ন্যায় নাই, একেবাৰেই ন্যায় নাই। আৰম্ভণিৰ পৰাই ৰেফাৰী আমাৰ বিৰুদ্ধে আছিল। আমাক ২-০ ব্যৱধানত জয়ী হ’বলৈ দিয়া নহ’ল। এইটো স্পষ্ট অন্যায়। সমগ্ৰ টুৰ্ণামেণ্টখন ফিক্স হৈ আছে।’

প্ৰকৃততে মেচখনত কি ঘটিছিল?

প্ৰথমাৰ্ধত ইয়াছাৰ ইব্ৰাহিমৰ গ’লৰ সহায়ত ইজিপ্তে অগ্ৰগতি লাভ কৰে। দ্বিতীয়াৰ্ধত মুস্তাফা জিকোৱে ইজিপ্তৰ হৈ দ্বিতীয়টো গ’ল দি ২-০ ব্যৱধানেৰে দলটোক শক্তিশালী অৱস্থানলৈ লৈ যায়। ইজিপ্তে তৃতীয় গ’লো কৰিছিল, কিন্তু VAR পৰীক্ষাৰ পিছত সেই গ’লটো বাতিল কৰা হয়। সেই সময়ত আৰ্জেণ্টিনাৰ বিদায় প্ৰায় নিশ্চিত যেন লাগিছিল। ৩৯ বছৰীয়া লিঅ’নেল মেছিৰ বিশ্বকাপ অভিযান Round of 16তেই সমাপ্ত হোৱাৰ আশংকাই দেখা দিছিল।

কিন্তু ৭৯ মিনিটত ক্ৰিষ্টিয়ান ৰোমেৰোৱে হেডাৰেৰে প্ৰথমটো গ’ল কৰি আৰ্জেণ্টিনাক প্ৰত্যাৱৰ্তন কৰোৱায়। ইয়াৰ মাত্ৰ চাৰি মিনিট পিছতেই মেছিয়ে সমতা সূচক গ’ল কৰি স্ক’ৰ ২-২ কৰে আৰু ইনজুৰি টাইমত ফাৰ্নান্দেজে বিজয়সূচক গ’লটো দি আৰ্জেণ্টিনাক ৩-২ গ’লৰ নাটকীয় জয় উপহাৰ দিয়ে। এই মেচখন কেৱল নাটকীয় প্ৰত্যাৱৰ্তনৰ বাবেই নহয়, একাধিক বিতৰ্কৰ বাবেও চৰ্চালৈ আহিছে। মেছিয়ে এটা পেনাল্টি মিছ কৰাৰ লগতে ইজিপ্তৰ এটা গ’ল VARৰ জৰিয়তে বাতিল কৰা হয়। সেই সিদ্ধান্তক কেন্দ্ৰ কৰিয়েই মুস্তাফা জিকোৱে ফিফাৰ বিৰুদ্ধে টুৰ্ণামেণ্ট ফিক্সিঙৰ অভিযোগ উত্থাপন কৰে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Fifa world cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!
বিজ্ঞান

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

October 12, 2026
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু
বিশ্ব

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

October 12, 2026
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’
বিনোদন

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

October 12, 2026
Next Post
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.