• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

2 months ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

44 minutes ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

2 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

2 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

3 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

3 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

15 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

16 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

16 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

16 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

17 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

17 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

মতানৈক্য, আৰ্থিক বিষয়, দায়িত্বৰ বিষয়ে খোলাখুলি হোৱাটো প্ৰয়োজনীয়

editor by editor
July 10, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা
0
SHARES
151
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিৱাহ কেৱল দুজন মানুহৰ মাজৰ এক সামাজিক সম্পৰ্ক নহয়; ই জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম। এই সিদ্ধান্তই কেৱল বৰ্তমান নহয়, ভৱিষ্যতৰ জীৱন, সুখ-শান্তি আৰু পৰিয়ালৰ ভিত্তিও নিৰ্ধাৰণ কৰে। যদি জীৱনসংগী বুজাবুজিসম্পন্ন আৰু সহানুভূতিশীল হয়, তেন্তে বৈবাহিক জীৱন সুখময় হৈ উঠে। কিন্তু যদি দুয়োজনৰ মাজত মানসিক মিল, পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ অভাৱ থাকে, তেন্তে সম্পৰ্কত অশান্তি বৃদ্ধি পাই কেতিয়াবা বিচ্ছেদলৈকে গতি কৰিব পাৰে।

বহু সময়ত দেখা যায় যে পৰিয়ালৰ হেঁচা, সমাজৰ আশা বা বয়সৰ চাপত বহুতে ততাতৈয়াকৈ বিয়াৰ সিদ্ধান্ত লয়। পিছত বাস্তৱ জীৱনত নানা সমস্যাৰ সন্মুখীন হৈ সেই সিদ্ধান্তৰ বাবে অনুতাপ কৰিবলগীয়া হয়। বিয়াৰ আগতে প্ৰতিগৰাকীয়ে মনত ৰাখিবলগীয়া ৫টা গুৰুত্বপূৰ্ণ বিষয় হৈছে এনেধৰণৰ

প্ৰথমতে, নিজকে সুধক—বিয়া কিয় কৰিব বিচাৰে?

বিয়াৰ সিদ্ধান্ত লোৱাৰ আগতে নিজকে সঁচাকৈয়ে প্ৰশ্ন কৰাটো অতিকৈ প্ৰয়োজনীয় যে—আপুনি নিজৰ ইচ্ছাৰে বিৱাহ বান্ধোনত আৱদ্ধ হ’ব বিচাৰিছে নে কেৱল পিতৃ-মাতৃৰ সন্তুষ্টিৰ বাবে, সমাজৰ চাপত বা ‘এই বয়সত বিয়া কৰিবই লাগে’ ধাৰণাৰ বাবে? যদি সিদ্ধান্তটো নিজৰ আন্তৰিক ইচ্ছাৰ পৰা অহা নহয়, তেন্তে বিৱাহৰ দৰে বান্ধোনত সম্পূৰ্ণ মন-প্ৰাণেৰে বান্ধ খোৱাটো কঠিন হ’ব। ইয়াৰ ফলত এসময়ত মানসিক অশান্তি আৰু অসন্তুষ্টিৰ সৃষ্টি হ’ব পাৰে।

দ্বিতীয়তে, মতানৈক্য কেনেকৈ দূৰ কৰিব

যিকোনো সম্পৰ্কতে মতানৈক্য হোৱাটো স্বাভাৱিক। কিন্তু সেই মতানৈক্য কেনেদৰে সমাধান কৰা হয়, ইয়াৰ ওপৰতো বহু সময়ত সম্পৰ্কৰ সফলতা নিৰ্ধাৰণ কৰে। আপুনি শান্তভাৱে কথা পাতি সমস্যা সমাধান কৰিব পাৰে নে সহজেই খং উঠি পৰিস্থিতি জটিল কৰি তোলে? যদি নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেন্তে বিয়াৰ পিছত সৰু-সুৰা বিষয়েও ডাঙৰ সংঘাতৰ ৰূপ ল’ব পাৰে।

তৃতীয়তে, আৰ্থিক বিষয় আৰু দায়িত্বসমূহ আগতেই স্পষ্ট কৰি লওক

বৈবাহিক জীৱনত ধনৰ ব্যৱস্থাপনা আৰু দায়িত্বৰ বণ্টন অত্যন্ত গুৰুত্বপূৰ্ণ। আয়-ব্যয় কেনেকৈ চলিব, সঞ্চয় কেনেকৈ কৰা হ’ব আৰু ঘৰুৱা দায়িত্ব কেনেদৰে ভাগ-বতৰা কৰা হ’ব—এই সকলো বিষয় বিয়াৰ আগতেই খোলাখুলিভাৱে আলোচনা কৰা উচিত। মতানৈক্য থাকিলে সেইবোৰ আগতেই জানিব পাৰিলে ভৱিষ্যতৰ বহু সমস্যা এৰাব পৰা যায়।

চতুৰ্থতে, ব্যক্তিগত পৰিসৰ (Personal Space) সম্পৰ্কে আলোচনা কৰক

অনেকে ভাবে যে বিয়াৰ পিছত ব্যক্তিগত পৰিসৰৰ প্ৰয়োজন নাথাকে। কিন্তু এটা সুস্থ সম্পৰ্কত ব্যক্তিগত স্বাধীনতা আৰু নিজস্ব সময়ৰ যথেষ্ট গুৰুত্ব আছে। বিয়াৰ পিছতো বন্ধু-বান্ধৱ, ব্যক্তিগত চখ, পছন্দৰ কাম আৰু নিজস্ব সময় জীৱনৰ অংশ হৈ থাকিব পাৰে। এই বিষয়ত দুয়োৰে ধাৰণা আৰু আশা-আকাংক্ষা আগতেই স্পষ্ট হ’লে পিছত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা কমে।

পঞ্চমতে, ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে স্পষ্ট হওক

বিয়াৰ পিছত কেনেধৰণৰ জীৱন বিচাৰে, সেয়া আগতেই আলোচনা কৰাটো অত্যন্ত জৰুৰী। যৌথ পৰিয়ালত থাকিব নে পৃথকে থাকিব, কেৰিয়াৰ, জীৱনধাৰা আৰু ইজনে সিজনৰ পৰা কি আশা ৰাখে—এই সকলো বিষয় স্পষ্টভাৱে আলোচনা কৰা উচিত। যদি এই গুৰুত্বপূৰ্ণ বিষয়সমূহত দুয়োৰে চিন্তাধাৰা সম্পূৰ্ণ বেলেগ হয়, তেন্তে ভৱিষ্যতে সম্পৰ্কত সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা বৃদ্ধি পায়।

বিয়া জীৱনৰ এনে এক সিদ্ধান্ত, যাক কেৱল আৱেগ, পৰিয়ালৰ চাপ বা সামাজিক প্ৰথাৰ ওপৰত ভিত্তি কৰি ল’ব নালাগে। নিজৰ মনৰ ইচ্ছা, পাৰস্পৰিক বুজাবুজি, আৰ্থিক পৰিকল্পনা, ব্যক্তিগত স্বাধীনতা আৰু ভৱিষ্যতৰ লক্ষ্যৰ বিষয়ে আগতেই সৎ আৰু খোলামেলা আলোচনা কৰিলে এক সুস্থ, স্থায়ী আৰু সুখী বৈবাহিক জীৱনৰ ভেটি শক্তিশালী হয়। সঠিক সিদ্ধান্তই কেৱল দুজন মানুহকেই নহয়, তেওঁলোকৰ সমগ্ৰ ভৱিষ্যৎ জীৱনকো সুন্দৰ কৰি তুলিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Indian Marriage
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী
অপৰাধ

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

September 14, 2026
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
Next Post
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.