বিৱাহ কেৱল দুজন মানুহৰ মাজৰ এক সামাজিক সম্পৰ্ক নহয়; ই জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম। এই সিদ্ধান্তই কেৱল বৰ্তমান নহয়, ভৱিষ্যতৰ জীৱন, সুখ-শান্তি আৰু পৰিয়ালৰ ভিত্তিও নিৰ্ধাৰণ কৰে। যদি জীৱনসংগী বুজাবুজিসম্পন্ন আৰু সহানুভূতিশীল হয়, তেন্তে বৈবাহিক জীৱন সুখময় হৈ উঠে। কিন্তু যদি দুয়োজনৰ মাজত মানসিক মিল, পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ অভাৱ থাকে, তেন্তে সম্পৰ্কত অশান্তি বৃদ্ধি পাই কেতিয়াবা বিচ্ছেদলৈকে গতি কৰিব পাৰে।
বহু সময়ত দেখা যায় যে পৰিয়ালৰ হেঁচা, সমাজৰ আশা বা বয়সৰ চাপত বহুতে ততাতৈয়াকৈ বিয়াৰ সিদ্ধান্ত লয়। পিছত বাস্তৱ জীৱনত নানা সমস্যাৰ সন্মুখীন হৈ সেই সিদ্ধান্তৰ বাবে অনুতাপ কৰিবলগীয়া হয়। বিয়াৰ আগতে প্ৰতিগৰাকীয়ে মনত ৰাখিবলগীয়া ৫টা গুৰুত্বপূৰ্ণ বিষয় হৈছে এনেধৰণৰ
প্ৰথমতে, নিজকে সুধক—বিয়া কিয় কৰিব বিচাৰে?
বিয়াৰ সিদ্ধান্ত লোৱাৰ আগতে নিজকে সঁচাকৈয়ে প্ৰশ্ন কৰাটো অতিকৈ প্ৰয়োজনীয় যে—আপুনি নিজৰ ইচ্ছাৰে বিৱাহ বান্ধোনত আৱদ্ধ হ’ব বিচাৰিছে নে কেৱল পিতৃ-মাতৃৰ সন্তুষ্টিৰ বাবে, সমাজৰ চাপত বা ‘এই বয়সত বিয়া কৰিবই লাগে’ ধাৰণাৰ বাবে? যদি সিদ্ধান্তটো নিজৰ আন্তৰিক ইচ্ছাৰ পৰা অহা নহয়, তেন্তে বিৱাহৰ দৰে বান্ধোনত সম্পূৰ্ণ মন-প্ৰাণেৰে বান্ধ খোৱাটো কঠিন হ’ব। ইয়াৰ ফলত এসময়ত মানসিক অশান্তি আৰু অসন্তুষ্টিৰ সৃষ্টি হ’ব পাৰে।
দ্বিতীয়তে, মতানৈক্য কেনেকৈ দূৰ কৰিব
যিকোনো সম্পৰ্কতে মতানৈক্য হোৱাটো স্বাভাৱিক। কিন্তু সেই মতানৈক্য কেনেদৰে সমাধান কৰা হয়, ইয়াৰ ওপৰতো বহু সময়ত সম্পৰ্কৰ সফলতা নিৰ্ধাৰণ কৰে। আপুনি শান্তভাৱে কথা পাতি সমস্যা সমাধান কৰিব পাৰে নে সহজেই খং উঠি পৰিস্থিতি জটিল কৰি তোলে? যদি নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেন্তে বিয়াৰ পিছত সৰু-সুৰা বিষয়েও ডাঙৰ সংঘাতৰ ৰূপ ল’ব পাৰে।
তৃতীয়তে, আৰ্থিক বিষয় আৰু দায়িত্বসমূহ আগতেই স্পষ্ট কৰি লওক
বৈবাহিক জীৱনত ধনৰ ব্যৱস্থাপনা আৰু দায়িত্বৰ বণ্টন অত্যন্ত গুৰুত্বপূৰ্ণ। আয়-ব্যয় কেনেকৈ চলিব, সঞ্চয় কেনেকৈ কৰা হ’ব আৰু ঘৰুৱা দায়িত্ব কেনেদৰে ভাগ-বতৰা কৰা হ’ব—এই সকলো বিষয় বিয়াৰ আগতেই খোলাখুলিভাৱে আলোচনা কৰা উচিত। মতানৈক্য থাকিলে সেইবোৰ আগতেই জানিব পাৰিলে ভৱিষ্যতৰ বহু সমস্যা এৰাব পৰা যায়।
চতুৰ্থতে, ব্যক্তিগত পৰিসৰ (Personal Space) সম্পৰ্কে আলোচনা কৰক
অনেকে ভাবে যে বিয়াৰ পিছত ব্যক্তিগত পৰিসৰৰ প্ৰয়োজন নাথাকে। কিন্তু এটা সুস্থ সম্পৰ্কত ব্যক্তিগত স্বাধীনতা আৰু নিজস্ব সময়ৰ যথেষ্ট গুৰুত্ব আছে। বিয়াৰ পিছতো বন্ধু-বান্ধৱ, ব্যক্তিগত চখ, পছন্দৰ কাম আৰু নিজস্ব সময় জীৱনৰ অংশ হৈ থাকিব পাৰে। এই বিষয়ত দুয়োৰে ধাৰণা আৰু আশা-আকাংক্ষা আগতেই স্পষ্ট হ’লে পিছত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা কমে।
পঞ্চমতে, ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে স্পষ্ট হওক
বিয়াৰ পিছত কেনেধৰণৰ জীৱন বিচাৰে, সেয়া আগতেই আলোচনা কৰাটো অত্যন্ত জৰুৰী। যৌথ পৰিয়ালত থাকিব নে পৃথকে থাকিব, কেৰিয়াৰ, জীৱনধাৰা আৰু ইজনে সিজনৰ পৰা কি আশা ৰাখে—এই সকলো বিষয় স্পষ্টভাৱে আলোচনা কৰা উচিত। যদি এই গুৰুত্বপূৰ্ণ বিষয়সমূহত দুয়োৰে চিন্তাধাৰা সম্পূৰ্ণ বেলেগ হয়, তেন্তে ভৱিষ্যতে সম্পৰ্কত সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা বৃদ্ধি পায়।
বিয়া জীৱনৰ এনে এক সিদ্ধান্ত, যাক কেৱল আৱেগ, পৰিয়ালৰ চাপ বা সামাজিক প্ৰথাৰ ওপৰত ভিত্তি কৰি ল’ব নালাগে। নিজৰ মনৰ ইচ্ছা, পাৰস্পৰিক বুজাবুজি, আৰ্থিক পৰিকল্পনা, ব্যক্তিগত স্বাধীনতা আৰু ভৱিষ্যতৰ লক্ষ্যৰ বিষয়ে আগতেই সৎ আৰু খোলামেলা আলোচনা কৰিলে এক সুস্থ, স্থায়ী আৰু সুখী বৈবাহিক জীৱনৰ ভেটি শক্তিশালী হয়। সঠিক সিদ্ধান্তই কেৱল দুজন মানুহকেই নহয়, তেওঁলোকৰ সমগ্ৰ ভৱিষ্যৎ জীৱনকো সুন্দৰ কৰি তুলিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















