ধূম্ৰপান স্বাস্থ্যৰ পক্ষে হানিকাৰক! সেয়ে সকলোৱে বিশ্বাস কৰে যে, কেৱল ধূম্ৰপায়ীসকলৰহে কৰ্কট হোৱাৰ আশংকা থাকে। চিকিৎসকে কয় যে কেৱল ধূম্ৰপায়ীসকলেহে বিপদত পৰিছে। কিন্তু আপুনি জানেনে ধূমপান নকৰা লোকৰ বাবেও ধূমপান সেৱনকাৰীৰ সংগ বিপদজনক।
যদি আপোনাৰ সংগীয়ে ধূমপান কৰিবলা পচন্দ কৰে, তেন্তে আপুনি সেই অভ্যাস আঁতৰাবলৈ চেষ্টা কৰক। সংগীৰ সেই অভ্যাসে আপোনাক বিপদত পেলাব পাৰে।
আমেৰিকাৰ এজন বিশেষজ্ঞই এই বিষয়ে কৈছে। এটা নতুন অধ্যয়নত দেখা গৈছে যে ধূমপান নকৰাসকলেও ধূমপানৰ পৰা ক্ষতি হ’ব পাৰে। এই অধ্যয়নটো আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ত কৰা হৈছিল, য’ত গৱেষকসকলে কৈছে যে ধূমপান নকৰিলেও সেই ধোঁৱাই কাষত থকা ব্যক্তিৰ হাওঁফাওঁৰ ক্ষতি কৰিব পাৰে।
যদি আপোনাৰ সংগীয়ে ধূম্ৰপান সেৱন কৰে, তেন্তে তেওঁক চুম্বন কৰিলে ধোঁৱাই মুখৰ দুৰ্গন্ধ, ডিঙিৰ বিষ, এলাৰ্জী, মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সমস্যা আদিৰ সৃষ্টি কৰিব পাৰে।
চুম্বনৰ পূৰ্বে সংগীক এইকেইটা কাম কৰিব দিয়ক
- চুম্বনৰ পূৰ্বে মাউথৱাছ ব্যৱহাৰ কৰিবলৈ বা দাঁত ব্ৰাছ কৰিবলৈ দিয়ক।
- চিগাৰেট খোৱাৰ পিছত কমেও ১৫-২০ মিনিট অপেক্ষা কৰক।
- আপোনাৰ সংগীক ধূমপান এৰিবলৈ উৎসাহিত কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















