‘মোৰ স্কুলীয়া জীৱন বৰ্ডিং স্কুলত পাৰ হৈছে। মই অষ্টম শ্ৰেণীত পঢ়ি থকা সময়ত মই নিৰ্যাতনৰ বলি হৈছিলো। স্কুলৰ ক্লাছ শেষ হোৱাৰ পিছত আমি সহপাঠীসকলৰ লগত একেলগে ছাত্ৰাৱাসত বহি এদিন কথা পাতি আছিলো। এনেতে হঠাতে এজন দশম শ্ৰেণীৰ ছাত্ৰ মোৰ ওচৰলৈ আহি মই বহি থকা বিচনাখনতে বহিল আৰু হঠাতে তেওঁ মোক কম্বলৰ ভিতৰত স্পৰ্শ কৰিবলৈ দিলে। তেতিয়া তাত প্ৰায় ৩০-৪০জনমান ছাত্ৰ-ছাত্ৰী আছিল। মই হতবাক হৈ পৰিলো। মই একপ্ৰকাৰ নিঠৰ হৈ পৰিলো। সেই সময়ত মই কি কৰিব লাগে একো বুজিয়েই নাপালো। মই নাজানিছিলো মই কি কৰিব লাগে। চিঞৰিম নে প্ৰতিবাদ কৰিম নে সহ্য কৰি থাকিম। মই আচলতে সেই মুহূৰ্তত একোৱেই কৰিব নোৱাৰিলো।’ শেহতীয়াকৈ নিজৰ স্কুলীয়া জীৱনৰ এই ঘটনা বৰ্ণনা কৰিছে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা ৰাম কাপুৰে। জনপ্ৰিয় ৰিয়েলিটী শ্ব লক আপ-২ৰ এটা খণ্ডত এইদৰেই নিজৰ স্কুলীয়া জীৱনৰ এই ঘটনাটো দৰ্শকৰ সন্মুখত বৰ্ণনা কৰে অভিনেতাগৰাকীয়ে। অভিনেতাজনে এই দুৰ্ভাগ্যজনক অভিজ্ঞতাটোৰ বিষয়ে বৰ্ণনা কৰি পুনৰাই কয় যে- ‘এই ঘটনাৰ পিছত মই বহুত সলনি হলো। মই বৰ নিৰৱে থকা কৰিলো, ট্ৰমাত পৰিলো। অৱশ্যে এই ঘটনাৰ কিছুদিন পিছত সি এদিন মোৰ ওচৰলৈ আহি মোক এই ঘটনাৰ বাবে ক্ষমা খোজে। ইয়াৰ পিছত যেতিয়াই তেওঁ মোক লগ পাই তেতিয়াই তেওঁৰ সেই ভুলৰ বাবে যে অনুতপ্ত সেই কথা প্ৰকাশ কৰিছিল।’
এই ঘটনাই সলনি কৰিলে চিন্তাধাৰা
অভিনেতাজনে লগতে প্ৰকাশ কৰে যে তেওঁৰ ওপৰত অন্যায় কৰা ব্যক্তিজনে পিছত তেওঁৰ ট্ৰমা দূৰ কৰাত সহায় কৰিছিল। ৰাম কাপুৰে পুনৰাই কয়, “এয়া শুনিবলৈ আচৰিত লাগিব কিন্তু মোৰ লগত সেই ঘৃণনীয় কাম কৰা ব্যক্তিজনেই পিছত মোক সুস্থ হোৱাত সহায় কৰিলে। পিছলৈ আমি ভাল বন্ধু হৈ পৰিলোঁ। এইটো এটা গোপন কথা যিটো মোৰ সন্তান আৰু মোৰ পিতৃ-মাতৃয়েও নাজানে—এই বিষয়ে কেৱল মোৰ পত্নীয়েহে জানে।”
দুৰ্ভাগ্যজনক অভিজ্ঞতাটোৱেও দিলে শিক্ষা
ৰাম কাপুৰে লগতে কয়-শৈশৱত ঘটা সেই ঘটনাৰ পিছৰে পৰা মোৰ LGBTQ সম্প্ৰদায়ৰ লোকৰ প্ৰতি মোৰ ভয় নোহোৱা হৈ যায়। আমাৰ সমাজৰ বহু মানুহৰ LGBTQ সম্প্ৰদায়ৰ লোকৰ প্ৰতি ভয় ভাব আছে। কিন্তু মোৰ এই সম্প্ৰদায়ৰ প্ৰতি কোনো ভয় বা সংকোচ নাই। তেওঁলোকৰ মনৰ অনুভৱক সন্মান কৰো। তেওঁলোকক মই সম্পূৰ্ণৰূপে বুজি পাওঁ বুলি ভাৱোঁ। সেই দশম শ্ৰেণীৰ ছাত্ৰজন এতিয়াও মোৰ বন্ধু। হৰমন পৰিৱৰ্তনৰ মাজেৰে পাৰ হোৱা সেই বয়সত তেনে এটা ঘটনা ঘটাটো হয়টো তেতিয়া কোনো অস্বাভাৱিক নাছিল। কিন্তু তাৰ পিছত মই কেতিয়াও তেওঁক দ্বিতীয়বাৰ সেই ৰূপত পোৱা নাই।
অভিনেত্ৰী জেনেলিয়াৰ প্ৰতিক্ৰিয়া
ৰাম কাপুৰৰ এই ঘটনাৰ পিছতে অভিনেত্ৰী জেনেলিয়া ডিছুজা দেশমুখে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অভিনেত্ৰী জেনেলিয়াই ইনষ্টাগ্ৰামত শ্ব’টোৰ এখন ছবি শ্বেয়াৰ কৰে, য’ত শ্ব’টোৰ সঞ্চালক তথা তেওঁৰ স্বামী ৰিতেশ দেশমুখে অভিনেতা ৰাম কাপুৰক আলিংগন কৰা দেখা গৈছে। ৰাম কাপুৰৰ ঘটনাটোৰ কথা জানিব পাৰি জেনেলিয়াই আৱেগিক হৈ পৰে। ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ লিখে, “@iamramkapoor, আপুনি মোক কান্দুৱাই পেলালে আৰু পৃথিৱীখনক চোৱাৰ এক অতি সুন্দৰ দৃষ্টিভংগী সকলোৰে আগত দাঙি ধৰিলে।” ইয়াৰ লগতে জেনেলিয়াই ৰাম কাপুৰৰ সাহস আৰু সত্য কথা মুকলিকৈ প্ৰকাশ কৰাৰ মানসিকতাৰো ভূয়সী প্ৰশংসা কৰে। তেওঁ লগতে কয় যে-ৰাম কাপুৰে এক ব্যতিক্ৰমধৰ্মী ৰিয়েলিটি শ্ব’ৰ অংশ হৈ দৰ্শকৰ আগত এক অনন্য উদাহৰণ দাঙি ধৰিছে। আনহাতে, ৰাম কাপুৰৰ পত্নী গৌতমী কাপুৰেও স্বামীৰ এই স্বীকাৰোক্তিক সমৰ্থন জনায়। তেওঁৱো ৰামৰ সাহস আৰু সত্য কথা সকলোৰে আগত নিঃসংকোচে প্ৰকাশ কৰাৰ বাবে তেওঁৰ শলাগ লয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















