চিগাৰেটে কেন্সাৰৰ আশংকা বৃদ্ধি কৰে বুলি জনা সত্ত্বেও বহু লোক ধূমপানৰ আসক্তিত আক্ৰান্ত হৈ থাকে। The Lancet Regional Health – Western Pacificত প্ৰকাশিত এক নতুন গৱেষণাই ধূমপান কমোৱা বা এৰিবলৈ সহায়ক কিছুমান উপায়ৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিছে। ভাৰতত প্ৰায় ১৩.৫ কোটি লোকে ধূমপান কৰে আৰু প্ৰতিবছৰ ধুমপান সম্বন্ধীয় বিভিন্ন ৰোগত লাখ লাখ লোকৰ মৃত্যু হয়। তথাপিও কোনো চিকিৎসকৰ সহায় নোলোৱাকৈ ধূমপান এৰিবলৈ সক্ষম হোৱাৰ হাৰ ৪%তকৈও কম। এনে পৰিস্থিতিত The Lancet Regional Health – Western Pacificত প্ৰকাশিত এই গৱেষণাই ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰিছে।
ল’ব লাগিব নিউজিলেণ্ডৰ দৰে পদক্ষেপ
গৱেষণা অনুসৰি, নিউজিলেণ্ডে পৰম্পৰাগত তম্বাকু নিয়ন্ত্ৰণ ব্যৱস্থাৰ লগতে নিয়ন্ত্ৰিত নিক’টিন বিকল্প (Regulated Nicotine Options) গ্ৰহণ কৰি ধূমপানৰ হাৰত অভিলেখযোগ্য হ্ৰাস আনিবলৈ সক্ষম হৈছে। গৱেষণাত কোৱা হৈছে যে বিংশ শতিকাৰ মাজভাগত নিউজিলেণ্ডত পুৰুষৰ মাজত দৈনিক ধূমপানৰ হাৰ প্ৰায় ৪০% আৰু মহিলাৰ মাজত প্ৰায় ইয়াৰ এক-তৃতীয়াংশ আছিল। বহু বছৰৰ ধৰি কৰ বৃদ্ধি, গ্ৰাফিক সতৰ্কবাণী আৰু প্লেইন পেকেজিঙৰ দৰে ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত ২০১৫–১৬ চনত ধূমপানৰ হাৰ ১৫%লৈ হ্ৰাস আহে। ইয়াৰ পিছত ২০১৮–১৯ চনত নিয়ন্ত্ৰিত নিক’টিন বিকল্পসমূহক ধূমপান এৰিবলৈ সহায়ক উপায় হিচাপে অন্তৰ্ভুক্ত কৰাৰ পিছত ২০২২–২৩ চনত এই হাৰ ৭%তকৈও কম হৈ পৰে।
বিশেষজ্ঞসকলৰ মতামত
বিশেষজ্ঞসকলৰ বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে হাওঁফাওঁৰ কেন্সাৰ, COPD আৰু হৃদযন্ত্ৰ-সম্পৰ্কীয় বহু গুৰুতৰ ৰোগৰ মুখ্য কাৰণ নিক’টিন নহয়; বৰঞ্চ তম্বাকু জ্বলোৱাৰ ফলত উৎপন্ন হোৱা ৭,০০০তকৈ অধিক বিষাক্ত ৰাসায়নিক পদাৰ্থ। সেয়ে ভাৰতত নীতি নিৰ্ধাৰণৰ সময়ত এই পাৰ্থক্য বুজাটো অতি প্ৰয়োজনীয়।
যুৱপ্ৰজন্মৰ সুৰক্ষাৰ বাবেও কঠোৰ নিয়ম
গৱেষণাত এইটোও প্ৰকাশ পাইছে যে নিউজিলেণ্ডে প্ৰাপ্তবয়স্কসকলৰ মাজত ধূমপান কমোৱাৰ লগতে যুৱপ্ৰজন্মক সুৰক্ষা দিয়াৰ উদ্দেশ্যে কঠোৰ নিয়ম প্ৰয়োগ কৰিছিল। তাত ১৮ বছৰৰ ন্যূনতম বয়সৰ সীমা, ফ্লেভাৰযুক্ত পণ্যৰ ওপৰত নিয়ন্ত্ৰণ, ডিচপ’জেবল ভেপ নিষিদ্ধকৰণ, আৰু নিক’টিনৰ নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰা হৈছিল। এই ব্যৱস্থাসমূহৰ ফলত কিশোৰ-কিশোৰীৰ মাজত দৈনিক ধূমপানৰ হাৰো অভিলেখযোগ্যভাৱে হ্ৰাস পাইছে।
ভাৰতত গ্ৰহণ কৰিব পৰা ব্যৱস্থা
ভাৰতত বিশ্ব স্বাস্থ্য সংস্থা (WHO)-ই ইতিমধ্যে Nicotine Replacement Therapy (NRT)-ক Essential Medicines List-ত অন্তৰ্ভুক্ত কৰিছে। আনহাতে, Drugs Technical Advisory Board (DTAB)-এ ২ মিলিগ্ৰাম নিক’টিন গামক Schedule Kৰ অধীনত ৰাখিছে। বিশেষজ্ঞসকলৰ মতে, ভাৰতে বৰ্তমানৰ তম্বাকু নিয়ন্ত্ৰণ নীতিসমূহ অধিক শক্তিশালী কৰাৰ লগতে ধূমপান এৰিবলৈ বৈজ্ঞানিকভাৱে প্ৰমাণিত চিকিৎসা আৰু সহায়ক সুবিধাসমূহৰ বিস্তাৰ কৰিব লাগিব, যাতে তম্বাকুজনিত ৰোগ আৰু মৃত্যুৰ সংখ্যা ফলপ্ৰসূভাৱে হ্ৰাস কৰিব পৰা যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















