দৈনন্দিন জীৱনশৈলীৰ বাবে বহু লোকৰ নিশা বহু দেৰিলৈ টোপনি নাহে বা বাৰে বাৰে টোপনি ভাঙি যায়। এনে সমস্যাক সাধাৰণ বুলি ভাবি অৱহেলা কৰা উচিত নহয়। কিছুমান সহজ অভ্যাস আৰু কৌশল অৱলম্বন কৰিলে শান্তিপূৰ্ণ আৰু গুণগত টোপনি লাভ কৰাত সহায় হ’ব পাৰে। ভাল টোপনি শৰীৰ আৰু মগজু—দুয়োটাৰে বাবে অতি প্ৰয়োজনীয়। কিন্তু বৰ্তমানৰ ব্যস্ত জীৱনশৈলী, কামৰ চাপ, ৰাতি দেৰিলৈকে মোবাইল ব্যৱহাৰ আৰু অনিয়মীয়া দৈনন্দিন অভ্যাসৰ বাবে বহু লোকৰ টোপনিৰ সমস্যা দেখা দিছে। কিছুমান লোকৰ বিচনাত পৰাৰ পিছতো বহু দেৰিলৈ টোপনি নাহে, আনহাতে বহু লোকৰ মাজ ৰাতিত বাৰে বাৰে টোপনি ভাঙে। ইয়াৰ ফলত পিছদিনা ক্লান্তি, খং, মনোযোগৰ অভাৱ আৰু কামত অসুবিধাৰ সৃষ্টি হ’ব পাৰে। মাজে মাজে টোপনি আহিবলৈ অলপ সময় লোৱাটো স্বাভাৱিক হ’ব পাৰে। কিন্তু যদি এই সমস্যা বাৰে বাৰে দেখা দিয়ে, তেন্তে জীৱনশৈলী আৰু অভ্যাসত কিছুমান পৰিৱৰ্তন অনাটো উপকাৰী হ’ব পাৰে। কিছুমান সহজ পদ্ধতিয়ে শৰীৰ আৰু মনক শিথিল কৰি সোনকালে টোপনি অহাত সহায় কৰিব পাৰে।
এই সহজ উপায়বোৰ অনুসৰণ কৰক
যদি ৰাতি সোনকালে টোপনি নাহে, তেন্তে তলৰ অভ্যাসবোৰে সহায় কৰিব পাৰে—শুবলৈ যোৱাৰ আগতে কোঠাৰ পোহৰ মৃদু কৰি ৰাখক। মোবাইল, লেপটপ বা টিভিৰ স্ক্ৰীণৰ পৰা দূৰত থাকক। প্ৰতিদিনে একে সময়তে শুবলৈ যাওক আৰু সাৰ পাওক, যাতে শৰীৰৰ বডি ক্লক (জৈৱিক সময়চক্ৰ) সঠিকভাৱে কাম কৰে। ৪-৭-৮ শ্বাস-প্ৰশ্বাস পদ্ধতি অনুসৰণ কৰিব পাৰে। এই পদ্ধতি এনেধৰণৰ- ৪ ছেকেণ্ড নাকেৰে লাহে লাহে শ্বাস লওক, ৭ ছেকেণ্ড শ্বাস ধৰি ৰাখক, তাৰ পিছত ৮ ছেকেণ্ড মুখেৰে ধীৰে ধীৰে শ্বাস এৰি দিয়ক। ধ্যান (Meditation) বা প্ৰগ্ৰেছিভ মাচল ৰিলাক্সেচন পদ্ধতিও উপকাৰী হ’ব পাৰে। ইয়াত শৰীৰৰ বিভিন্ন পেশী কেইছেকেণ্ডমান টান কৰি ধৰি পুনৰ ঢিলা কৰি দিয়া হয়, যাৰ ফলত শৰীৰে অধিক আৰাম অনুভৱ কৰে। ইয়াৰ পিছতো যদি প্ৰায় ২০ মিনিট ধৰি টোপনি নাহে, তেন্তে বিচনাৰ পৰা উঠি যিকোনো কিতাপ পঢ়িব পাৰে।
কোঠাৰ তাপমাত্ৰা আৰামদায়ক কৰি ৰাখক। অধিক শব্দ এৰাই চলক। দিনত নিয়মিত ব্যায়াম কৰক, কিন্তু শুবলৈ যোৱাৰ ঠিক আগতে গধুৰ ব্যায়াম নকৰিব।
কোনবোৰ অভ্যাস এৰাই চলিব?
চাহ, কফি বা কেফেইনযুক্ত পানীয় গ্ৰহণ নকৰিব, কিয়নো ই টোপনি দূৰ কৰাতহে সহায় কৰে। ৰাতি অত্যধিক গধুৰ বা বেছি মছলাযুক্ত আহাৰ গ্ৰহণ নকৰিব। বিচনাত পৰি দীঘলীয়া সময় মোবাইল ব্যৱহাৰ বা টিভি চোৱা এৰাই চলক। দেৰিলৈকে কাম কৰা বা চিন্তাত ডুবি থকাও ভাল টোপনিৰ বাধা হ’ব পাৰে। শুবলৈ যোৱাৰ আগতে শৰীৰ আৰু মনক শিথিল কৰা অভ্যাস গঢ়ি তোলক।
কেতিয়া চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে?
যদি দীঘলীয়া সময় ধৰি নিয়মিত টোপনি নাহে, মাজ ৰাতি বাৰে বাৰে টোপনি ভাঙে বা টোপনিৰ অভাৱৰ বাবে দিনটো ক্লান্তি, খং, মনোযোগৰ অভাৱ আৰু দৈনন্দিন কামত অসুবিধা হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।
ইয়াৰ উপৰিও, যদি টোপনিৰ সমস্যাৰ লগত জোৰেৰে নাক ঘোঁৰোৱা, শুই থাকোঁতে শ্বাস বন্ধ হোৱা যেন অনুভৱ হোৱা বা আন কোনো স্বাস্থ্যজনিত সমস্যা থাকে, তেন্তে প্ৰয়োজনীয় পৰীক্ষা কৰোৱাটো উচিত। সময়মতে চিকিৎসা ল’লে সমস্যাৰ মূল কাৰণ ধৰা পেলাব পৰা যায় আৰু উপযুক্ত চিকিৎসা লাভ কৰা সম্ভৱ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















