দেশৰ অন্যতম জনপ্ৰিয় youtuber আৰু ষ্ট্ৰীমাৰ CarryMinati-এ অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে আয়োজন কৰা চেৰিটি লাইভষ্ট্ৰিমত প্ৰায় আঠ ঘণ্টাৰ ভিতৰতে মুঠ ১৩,০৩,৯৩৭ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয়। তেওঁৰ গেমিং চেনেল CarryisLiveত অনুষ্ঠিত এই লাইভ ষ্ট্ৰিমত অন-স্ক্ৰীণ ফাণ্ডৰেইজিং কাউণ্টাৰত ৮,২৩,৯৩৭ টকা দান হিচাপে সংগ্ৰহ হৈছিল। ইয়াৰ উপৰিও স্ক্ৰীণত প্ৰদৰ্শিত পৃথক তথ্য অনুসৰি, চূড়ান্ত সংগৃহীত ধনৰ পৰিমাণ আছিল ১৩,০৩,৯৩৭ টকা। এই সংগ্ৰহিত ধনৰ উপৰিও CarryMinati-এ ব্যক্তিগতভাৱেও ২ লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
লাইভ ষ্ট্ৰিমত CarryMinati-এ আন কেইবাজনো অংশগ্ৰহণকাৰীৰ সৈতে অনলাইন গেম খেলাৰ লগতে দৰ্শকসকলক অসম বানপীড়িতসকলৰ সহায়ৰ বাবে উদাৰভাৱে দান আগবঢ়াবলৈ আহ্বান জনায়। উল্লেখ্য যে liveStreamৰ দৰ্শকসকলে UPI পেমেণ্ট লিংকৰ জৰিয়তে অসমৰ বন্যাৰ্তলৈ দান আগবঢ়াইছিল। কেৱল এয়াই নহয় liveStreamটোত দৰ্শকসকলক চৰকাৰ পৰিচালিত BharatKosh প’ৰ্টেলৰ জৰিয়তেও NDRF লৈও পোনপটীয়াকৈ অনুদান আগবঢাবলৈ অনুৰোধ কৰা হৈছিল।
লাইভষ্ট্ৰিমৰ বিৱৰণীত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে, অনুষ্ঠানটোৰ জৰিয়তে সংগৃহীত সকলো দান BharatKosh-ৰ মাধ্যমেৰে NDRF-লৈ প্ৰেৰণ কৰা হ’ব। মঙলবাৰে নিশা ৮ বজাত আৰম্ভ হোৱা কেৰী মিনতীৰ এই liveStream অনুষ্ঠানটো প্ৰায় আঠ ঘণ্টা ধৰি চলিছিল।
উল্লেখ্য যে, বান সাহায্যৰ বাবে CarryMinatiৰ এয়াই প্ৰথম পদক্ষেপ নহয়। ২০২০ চনতো অসম আৰু বিহাৰৰ বানপীড়িতসকলৰ সহায়ৰ উদ্দেশ্যে অনুষ্ঠিত এক চেৰিটি লাইভষ্ট্ৰিমত তেওঁৰ দৰ্শকে ১০,৩১,১৩৭ টকা দান কৰিছিল। পিছত তেওঁ নিজে ১ লাখ টকা যোগ কৰি মুঠ সাহায্যৰ পৰিমাণ ১১.৩১ লাখ টকাৰো অধিকলৈ বৃদ্ধি কৰিছিল।
কেৱল কেৰী মিনতীয়েই নহয়, অসমৰ বাহিৰৰ কেইবাগৰাকীও ইউটুবাৰ বা ইনফ্লুৱেঞ্চাৰে অসমৰ বন্যাৰ্তলৈ বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াইছে। উত্তৰাখণ্ডৰ ইউটুবাৰ UK07খ্যাত বাবু ভায়ায়ো অসমৰ বান পীড়িতসকললৈ আৰ্থিক সাহায্য আগবঢ়াইেছে। বাবু ভায়াই বন্যাৰ্তসকললৈ এক লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ইয়াৰ উপৰিও দিল্লীৰ বাইকাৰ তথা ইউটুবাৰ jatt prabhjot-এও অসমৰ বন্যাৰ্তৰ কাষত থিয় দিছে।

jatt prabhjot-এ কেৱল আৰ্থিক সাহায্যই নহয়, বান পীড়িত অঞ্চল শিৱসাগৰলৈ আহি খাদ্যবস্তু, দৰৱ, বিভিন্ন পেকেটিং সামগ্ৰী, আঁঠুৱা, গামোচা, আণ্ডাৰগ্ৰামেণ্ট, পেণ্ট, চাৰ্ট, মেখেলা চাদৰ, চেলৱাৰকে ধৰি অত্যাৱশ্যকীয় বস্ত্ৰ, চাৰ্জিং লাইট, টৰ্চ লাইট আদি বিভিন্ন সামগ্ৰী বিতৰণ কৰিছে। jatt prabhjotক এই ক্ষেত্ৰত সহায় কৰিছে অসমৰ আন এজন ইউটুবাৰ সমীৰণে। অসমৰ বাহিৰৰ ইউটুবাৰসকলৰ উপৰিও অসমৰ জনপ্ৰিয় ইউটুবাৰ দিম্পু বৰুৱা, সময় গগৈ, ভাস্কৰৰ লগতে প্ৰায় অধিকাংশ ইউটুবাৰ বা ইনফ্লুৱেঞ্চাৰে বন্যাৰ্তসকলক সাহায্য প্ৰদান কৰিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















