মানুহ-বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস আৰু দীৰ্ঘম্যাদী সমাধানৰ লক্ষ্যৰে অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে। ১৫ জুলাইত অসম বিধানসভাত বিধায়কসকল, বন বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু অন্যান্য অংশীদাৰসকলৰ উপস্থিতিত অনুষ্ঠিত পৰামৰ্শমূলক বৈঠকত আগবঢ়োৱা মতামত আৰু পৰামৰ্শৰ ভিত্তিত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে এই সিদ্ধান্তসমূহ অনুমোদন জনাইছে।
এই সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম হৈছে বন্যপ্ৰাণীৰ আক্ৰমণত কোনো ব্যক্তিৰ মৃ*ত্যু হ’লে প্ৰদান কৰা অনুকম্পামূলক সাহায্য ৪ লাখ টকাৰ পৰা ৬ লাখ টকালৈ বৃদ্ধি কৰা। সংশ্লিষ্ট জিলা আয়ুক্তসকলৰ অধীনত সংৰক্ষিত কৰ্পাছ ফাণ্ডৰ জৰিয়তে এই সাহায্য ক্ষতিগ্ৰস্ত পৰিয়াললৈ অধিক ক্ষিপ্ৰতাৰে প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও কৃষকসকলক অধিক সকাহ দিয়াৰ লক্ষ্যৰে বন্যপ্ৰাণীৰ ফলত হোৱা শস্য ক্ষতিৰ ক্ষতিপূৰণো পুনৰ নিৰ্ধাৰণ কৰা হৈছে। পূৰ্বে প্ৰতিটো পৰিয়ালক ৭,৫০০ টকা প্ৰদান কৰাৰ পৰিৱৰ্তে এতিয়া প্ৰতি বিঘাত ৮,০০০ টকা হাৰত ক্ষতিপূৰণ প্ৰদান কৰা হ’ব, যাতে ক্ষতিগ্ৰস্ত খেতিয়কসকলে অধিক বাস্তৱসন্মত সহায় লাভ কৰিব পাৰে।
দীৰ্ঘম্যাদী আৰু বিজ্ঞানভিত্তিক ব্যৱস্থাপনা কৌশলৰ অংশ হিচাপে সংঘাতপ্ৰৱণ অঞ্চলসমূহৰ বাবে আঞ্চলিকভাৱে ‘মানুহ-বন্যপ্ৰাণী সংঘাত বিপদ হ্ৰাস সমিতি’ গঠন কৰা হৈছে। সাংসদ, বিধায়ক, বন বিভাগ, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA) আৰু সংশ্লিষ্ট ক্ষেত্ৰৰ বিশেষজ্ঞসকলক লৈ গঠিত এই সমিতিসমূহে অঞ্চলভিত্তিক, বিজ্ঞানসন্মত আৰু সমন্বিত ‘মানুহ-বন্যপ্ৰাণী সংঘাত বিপদ হ্ৰাস পৰিকল্পনা’ প্ৰস্তুত কৰিব, যাতে অঞ্চলভেদে সৃষ্টি হোৱা সমস্যাসমূহৰ বাবে উপযুক্ত আৰু ফলপ্ৰসূ সমাধান ৰূপায়ণ কৰিব পৰা যায়।
ইফালে, ৰাজ্যৰ বিভিন্ন জিলাত কৃষি আৰু উদ্যান শস্যত বৃদ্ধি পোৱা বান্দৰৰ উপদ্ৰৱৰ প্ৰতি লক্ষ্য ৰাখি বান্দৰ বন্ধ্যাকৰণ (Monkey Sterilisation) কাৰ্যসূচীৰ সম্ভাৱনা অধ্যয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে বন বিভাগ আৰু পশুপালন বিভাগৰ এক যুটীয়া দলে হিমাচল প্ৰদেশ ভ্ৰমণ কৰি তাত চলি থকা বিশেষায়িত Monkey Sterilisation Centre (MSC)সমূহৰ কাৰ্যপ্ৰণালী, শল্য চিকিৎসা পদ্ধতি আৰু কাৰ্যসূচীটোৰ ফলপ্ৰসূতা অধ্যয়ন কৰিব। এই মূল্যায়নৰ ভিত্তিত অসমত অনুৰূপ ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা বিবেচনা কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















