• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

1 month ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

2 minutes ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

27 minutes ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

1 hour ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

2 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

3 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

3 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

4 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

4 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

6 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

7 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

যন্তৰ মন্তৰৰ আন্দোলনৰ ইতিহাস

editor by editor
July 29, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শেহতীয়াভাৱে দিল্লীৰ যন্তৰ মন্তৰত NEET প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছিল। সঘনাই যন্তৰ মন্তৰত প্ৰতিবাদ হৈ থকাৰ পিছত স্বাভাৱিকতে এটা প্ৰশ্ন উত্থাপন হব পাৰে যে কিয় প্ৰতিবাদকাৰীয়ে প্ৰতিবাদৰ বাবে যন্তৰ মন্তৰলৈ যায় আৰু কেতিয়াৰ পৰা এই পৰম্পৰা চলি আহিছে? আমোদজনক কথাটো হ’ল যে মহাৰাজা ছাৱাই জয় সিঙে ১৭২৪ চনত এই জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰটো নিৰ্মাণ কৰিছিল। ১৯৯৩ চনৰ পিছত ই ক্ৰমান্বয়ে ভাৰতৰ আটাইতকৈ প্ৰতীকী গণতান্ত্ৰিক প্ৰতিবাদস্থলীত পৰিণত হয়, কিয়নো ১৯৯৩ চনৰ পৰা যন্তৰ মন্তৰত প্ৰতিবাদৰ আৰম্ভ হয়। ইয়াৰ পূৰ্বে দিল্লীত ইণ্ডিয়া গেট আৰু ৰাজপথৰ সমীপৰ ব’ট ক্লাবত বৃহৎ ৰাজনৈতিক প্ৰতিবাদ আৰু সভা অনুষ্ঠিত হৈছিল।
১৯৮৮ চনত কৃষক নেতা মহেন্দ্ৰ সিং টিকাইতৰ নেতৃত্বত ৫ লাখ কৃষকে এসপ্তাহ ধৰি ব’ট ক্লাবত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ ফলত সমগ্ৰ VIP এলেকাত কাম-কাজ ব্যাহত হয়। ফলস্বৰূপে চৰকাৰে নিৰাপত্তা আৰু আইন-শৃংখলাৰ উদ্বেগ প্ৰকাশ কৰি ব’ট ক্লাবত বৃহৎ বিক্ষোভ নিষিদ্ধ কৰে। ইয়াৰ পিছত ইণ্ডিয়া গেটৰ সমীপৰ যন্তৰ মন্তৰ ৰোডক প্ৰতিবাদৰ বাবে নিৰ্দিষ্ট স্থান হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। যদিও কেতিয়াও কোনো নিৰ্দিষ্ট নিয়ম-নীতি জাৰি কৰা হোৱা নাই বা কোনো চৰকাৰী অধিসূচনা জাৰি কৰা হোৱা নাই, তথাপিও যন্তৰ মন্তৰ হৈ পৰিল দিল্লীৰ মূল প্ৰতিবাদী অঞ্চল।

যন্তৰ মন্তৰৰ আন্দোলনৰ ইতিহাস

২০১১ – আন্না হাজাৰেৰ লোকপাল আন্দোলন: এই আন্দোলন আছিল অন্যতম ব্যাপক আৰু ফলপ্ৰসূ আন্দোলন, যাৰ ফলত ২০১৩ চনত লোকপাল আইন প্ৰণয়ন কৰা হয়।যদিও জন লোকপালৰ সকলো দাবী পূৰণ নহ’ল, তথাপিও এই আন্দোলনে ভাৰতীয় ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন আনিলে। আম আদমী পাৰ্টি এই আন্দোলনৰ পৰাই উদ্ভৱ হোৱা এটা ৰাজনৈতিক দল।
২০১২ – নিৰ্ভয়া ধ*ৰ্ষণ গোচৰৰ পিছত ন্যায়ৰ দাবী: ক্ষিপ্ৰ ন্যায়িক প্ৰক্ৰিয়া, অপৰাধমূলক আইন সংশোধন আৰু মহিলাৰ সুৰক্ষাৰ সৈতে জড়িত অসংখ্য আইনী পৰিৱৰ্তন কাৰ্যকৰী কৰা হয়। কিন্তু মহিলাৰ সুৰক্ষাৰ সমস্যাটো সমাধান নোহোৱাকৈয়ে ৰৈ গ’ল।
২০১৪ – নিডো তানিয়াৰ মৃ*ত্যুৰ বিৰুদ্ধে প্ৰতিবাদ: লাজপট নগৰত অৰুণাচল প্ৰদেশৰ ২০ বছৰীয়া ছাত্ৰ নিডো তানিয়াক হ*ত্যা কৰাৰ পিছত প্ৰতিবাদৰ সূত্ৰপাত হয়। নিডো আছিল অৰুণাচল প্ৰদেশৰ কংগ্ৰেছৰ বিধায়ক নিডো পবিত্ৰৰ পুত্ৰ।
২০১৫ – ৱান ৰেংক ৱান পেঞ্চন (OROP): প্ৰাক্তন সেনাবাহিনীৰ এই দীৰ্ঘদিনীয়া আন্দোলন ২০১৫ চনৰ জুন মাহত ৰিলে অনশনৰ জৰিয়তে আৰম্ভ হৈছিল আৰু নৱেম্বৰ মাহত চৰকাৰে অ’আৰঅ’পি কাৰ্যকৰী কৰাৰ লগে লগে শেষ হৈছিল। কিন্তু ইয়াৰ খচৰাত কেইবাটাও সংগঠনৰ মতানৈক্য অব্যাহত থাকিল।
২০১৯-নাগৰিকত্ব সংশোধনী আইন (CAA) : ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ – আইন প্ৰত্যাহাৰ কৰা নহ’ল, কিন্তু এই আন্দোলনে এক বৃহৎ ৰাষ্ট্ৰীয় বিতৰ্কৰ সূচনা কৰি ৰাজনৈতিক বক্তৃতাত প্ৰভাৱ পেলায়।
২০২৩ চনৰ মল্লযুঁজাৰুৰ প্ৰতিবাদঃ ২০২৩ চনৰ জানুৱাৰী মাহত ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাট, সাক্ষী মালিক, আৰু বজৰং পুনিয়াৰ নেতৃত্বত যৌ*ন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ তদানীন্তন সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে ধৰ্ণা প্ৰতিবাদ সাব্যস্ত কৰে। ক্ৰীড়া মন্ত্ৰালয়ৰ আশ্বাস আৰু তদন্ত সমিতি গঠনৰ পিছতে এই প্ৰতিবাদ স্থগিত ৰখা হয়।
তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নহোৱাত ২০২৩ চনৰ ২৩ এপ্ৰিলত পুনৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে মল্লযুঁজাৰুসকলে।জুন মাহত ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে হোৱা বৈঠকত প্ৰতিবাদ স্থগিত ৰখা হয়। ফলত: বিষয়টোৰ তদন্ত হ’ল, অভিযোগৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ল, কিন্তু আন্দোলনৰ সকলো দাবী পূৰণ নহ’ল।
২০২৬ চনৰ জুলাই মাহত NEET exam paper leak: এই বিষয়ৰ পৰা আৰম্ভ হোৱা আন্দোলনটোৱে শিক্ষা আৰু পৰীক্ষা সংস্কাৰ আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰ ওপৰত গুৰুত্ব আৰোপ কৰি থাকিল। ২৫ জুলাইত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰি প্ৰতিবাদ সামৰণি পৰে। জেন-জিয়ে ইয়াক এক ডাঙৰ জয় হিচাপে লয়।
ইয়াৰ উপৰিও যন্তৰ মন্তৰত প্ৰতিবাদত বহি নিজৰ দাবীৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। তাত এদিনীয়া প্ৰতিবাদো অনুষ্ঠিত হয়। যন্তৰ মন্তৰত আৰম্ভ কৰা আন্দোলনসমূহৰ সফলতাৰ হাৰৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰাটো ন্যায্য নহয়, কিন্তু তাত আৰম্ভ কৰা প্ৰতিটো আন্দোলনে সকলো দাবী পূৰণ কৰাটো এনেকুৱা নহয়। অসংখ্য সৰু-বৰ প্ৰতিবাদ হৈছে যাৰ প্ৰভাৱ সজাগতা সৃষ্টিত সীমাবদ্ধ আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cjp protestjantar mantar protest
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!
বাণিজ্য

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

September 10, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
Next Post
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.