শেহতীয়াভাৱে দিল্লীৰ যন্তৰ মন্তৰত NEET প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছিল। সঘনাই যন্তৰ মন্তৰত প্ৰতিবাদ হৈ থকাৰ পিছত স্বাভাৱিকতে এটা প্ৰশ্ন উত্থাপন হব পাৰে যে কিয় প্ৰতিবাদকাৰীয়ে প্ৰতিবাদৰ বাবে যন্তৰ মন্তৰলৈ যায় আৰু কেতিয়াৰ পৰা এই পৰম্পৰা চলি আহিছে? আমোদজনক কথাটো হ’ল যে মহাৰাজা ছাৱাই জয় সিঙে ১৭২৪ চনত এই জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰটো নিৰ্মাণ কৰিছিল। ১৯৯৩ চনৰ পিছত ই ক্ৰমান্বয়ে ভাৰতৰ আটাইতকৈ প্ৰতীকী গণতান্ত্ৰিক প্ৰতিবাদস্থলীত পৰিণত হয়, কিয়নো ১৯৯৩ চনৰ পৰা যন্তৰ মন্তৰত প্ৰতিবাদৰ আৰম্ভ হয়। ইয়াৰ পূৰ্বে দিল্লীত ইণ্ডিয়া গেট আৰু ৰাজপথৰ সমীপৰ ব’ট ক্লাবত বৃহৎ ৰাজনৈতিক প্ৰতিবাদ আৰু সভা অনুষ্ঠিত হৈছিল।
১৯৮৮ চনত কৃষক নেতা মহেন্দ্ৰ সিং টিকাইতৰ নেতৃত্বত ৫ লাখ কৃষকে এসপ্তাহ ধৰি ব’ট ক্লাবত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ ফলত সমগ্ৰ VIP এলেকাত কাম-কাজ ব্যাহত হয়। ফলস্বৰূপে চৰকাৰে নিৰাপত্তা আৰু আইন-শৃংখলাৰ উদ্বেগ প্ৰকাশ কৰি ব’ট ক্লাবত বৃহৎ বিক্ষোভ নিষিদ্ধ কৰে। ইয়াৰ পিছত ইণ্ডিয়া গেটৰ সমীপৰ যন্তৰ মন্তৰ ৰোডক প্ৰতিবাদৰ বাবে নিৰ্দিষ্ট স্থান হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। যদিও কেতিয়াও কোনো নিৰ্দিষ্ট নিয়ম-নীতি জাৰি কৰা হোৱা নাই বা কোনো চৰকাৰী অধিসূচনা জাৰি কৰা হোৱা নাই, তথাপিও যন্তৰ মন্তৰ হৈ পৰিল দিল্লীৰ মূল প্ৰতিবাদী অঞ্চল।
যন্তৰ মন্তৰৰ আন্দোলনৰ ইতিহাস
২০১১ – আন্না হাজাৰেৰ লোকপাল আন্দোলন: এই আন্দোলন আছিল অন্যতম ব্যাপক আৰু ফলপ্ৰসূ আন্দোলন, যাৰ ফলত ২০১৩ চনত লোকপাল আইন প্ৰণয়ন কৰা হয়।যদিও জন লোকপালৰ সকলো দাবী পূৰণ নহ’ল, তথাপিও এই আন্দোলনে ভাৰতীয় ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন আনিলে। আম আদমী পাৰ্টি এই আন্দোলনৰ পৰাই উদ্ভৱ হোৱা এটা ৰাজনৈতিক দল।
২০১২ – নিৰ্ভয়া ধ*ৰ্ষণ গোচৰৰ পিছত ন্যায়ৰ দাবী: ক্ষিপ্ৰ ন্যায়িক প্ৰক্ৰিয়া, অপৰাধমূলক আইন সংশোধন আৰু মহিলাৰ সুৰক্ষাৰ সৈতে জড়িত অসংখ্য আইনী পৰিৱৰ্তন কাৰ্যকৰী কৰা হয়। কিন্তু মহিলাৰ সুৰক্ষাৰ সমস্যাটো সমাধান নোহোৱাকৈয়ে ৰৈ গ’ল।
২০১৪ – নিডো তানিয়াৰ মৃ*ত্যুৰ বিৰুদ্ধে প্ৰতিবাদ: লাজপট নগৰত অৰুণাচল প্ৰদেশৰ ২০ বছৰীয়া ছাত্ৰ নিডো তানিয়াক হ*ত্যা কৰাৰ পিছত প্ৰতিবাদৰ সূত্ৰপাত হয়। নিডো আছিল অৰুণাচল প্ৰদেশৰ কংগ্ৰেছৰ বিধায়ক নিডো পবিত্ৰৰ পুত্ৰ।
২০১৫ – ৱান ৰেংক ৱান পেঞ্চন (OROP): প্ৰাক্তন সেনাবাহিনীৰ এই দীৰ্ঘদিনীয়া আন্দোলন ২০১৫ চনৰ জুন মাহত ৰিলে অনশনৰ জৰিয়তে আৰম্ভ হৈছিল আৰু নৱেম্বৰ মাহত চৰকাৰে অ’আৰঅ’পি কাৰ্যকৰী কৰাৰ লগে লগে শেষ হৈছিল। কিন্তু ইয়াৰ খচৰাত কেইবাটাও সংগঠনৰ মতানৈক্য অব্যাহত থাকিল।
২০১৯-নাগৰিকত্ব সংশোধনী আইন (CAA) : ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ – আইন প্ৰত্যাহাৰ কৰা নহ’ল, কিন্তু এই আন্দোলনে এক বৃহৎ ৰাষ্ট্ৰীয় বিতৰ্কৰ সূচনা কৰি ৰাজনৈতিক বক্তৃতাত প্ৰভাৱ পেলায়।
২০২৩ চনৰ মল্লযুঁজাৰুৰ প্ৰতিবাদঃ ২০২৩ চনৰ জানুৱাৰী মাহত ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাট, সাক্ষী মালিক, আৰু বজৰং পুনিয়াৰ নেতৃত্বত যৌ*ন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ তদানীন্তন সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে ধৰ্ণা প্ৰতিবাদ সাব্যস্ত কৰে। ক্ৰীড়া মন্ত্ৰালয়ৰ আশ্বাস আৰু তদন্ত সমিতি গঠনৰ পিছতে এই প্ৰতিবাদ স্থগিত ৰখা হয়।
তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নহোৱাত ২০২৩ চনৰ ২৩ এপ্ৰিলত পুনৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে মল্লযুঁজাৰুসকলে।জুন মাহত ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে হোৱা বৈঠকত প্ৰতিবাদ স্থগিত ৰখা হয়। ফলত: বিষয়টোৰ তদন্ত হ’ল, অভিযোগৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ল, কিন্তু আন্দোলনৰ সকলো দাবী পূৰণ নহ’ল।
২০২৬ চনৰ জুলাই মাহত NEET exam paper leak: এই বিষয়ৰ পৰা আৰম্ভ হোৱা আন্দোলনটোৱে শিক্ষা আৰু পৰীক্ষা সংস্কাৰ আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰ ওপৰত গুৰুত্ব আৰোপ কৰি থাকিল। ২৫ জুলাইত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰি প্ৰতিবাদ সামৰণি পৰে। জেন-জিয়ে ইয়াক এক ডাঙৰ জয় হিচাপে লয়।
ইয়াৰ উপৰিও যন্তৰ মন্তৰত প্ৰতিবাদত বহি নিজৰ দাবীৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। তাত এদিনীয়া প্ৰতিবাদো অনুষ্ঠিত হয়। যন্তৰ মন্তৰত আৰম্ভ কৰা আন্দোলনসমূহৰ সফলতাৰ হাৰৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰাটো ন্যায্য নহয়, কিন্তু তাত আৰম্ভ কৰা প্ৰতিটো আন্দোলনে সকলো দাবী পূৰণ কৰাটো এনেকুৱা নহয়। অসংখ্য সৰু-বৰ প্ৰতিবাদ হৈছে যাৰ প্ৰভাৱ সজাগতা সৃষ্টিত সীমাবদ্ধ আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















