• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

1 month ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

3 minutes ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

27 minutes ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

1 hour ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

2 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

3 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

3 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

4 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

4 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

6 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

7 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

সমীক্ষাত অসমৰ উদ্বেগজনক তথ্য

editor by editor
July 29, 2026
in অসম, জীৱনশৈলী, ফেশ্বন, বিবিধ, লেখা
0
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!
0
SHARES
272
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্কুলীয়া কিশোৰ-কিশোৰীসকল দেশৰ ভৱিষ্যৎ। কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা এক সমীক্ষাই অভিভাৱক আৰু শিক্ষক—উভয়ৰে উদ্বেগ বহুগুণে বৃদ্ধি কৰিছে। কৈশোৰকাল এনে এক সংবেদনশীল সময়, যেতিয়া সঠিক দিশ-নিৰ্দেশনা আৰু যত্নৰ অভাৱত সন্তানসকল সহজেই কুসংগ, ভুল অভ্যাস আৰু মাদকাসক্তিৰ দৰে বিপজ্জনক পথলৈ ঢাল খাই পৰিব পাৰে। শেহতীয়া এই গৱেষণাই সেয়াই স্পষ্ট কৰি দিছে যে, কিশোৰ-কিশোৰীসকলেই মাদকদ্ৰব্য ব্যৱহাৰৰ ক্ষেত্ৰত আটাইতকৈ অধিক বিপদাশংকাপূৰ্ণ গোটত পৰে।

১০৮খন বিদ্যালয়ৰ ৬ হাজাৰতকৈ অধিক শিক্ষাৰ্থীৰ ওপৰত সমীক্ষা

শেহতীয়াকৈ ১০৮খন বিদ্যালয়ৰ ৬,০০০ৰো অধিক কিশোৰ-কিশোৰীৰ ওপৰত চলোৱা এক সমীক্ষাত এক উদ্বেগজনক ছবি পোহৰলৈ আহিছে। গৱেষণাখনত দেখা গৈছে যে, প্ৰতি পাঁচজন কিশোৰ-কিশোৰীৰ ভিতৰত এজনৰ মাদকদ্ৰব্য ব্যৱহাৰৰ প্ৰৱণতা মধ্যম বা উচ্চ বিপদাশংকাৰ পৰ্যায়ত থাকিব পাৰে। এই গৱেষণা বিশ্বখ্যাত চিকিৎসা সাময়িকী ‘দ্য ল্যানচেট ৰিজিঅ’নেল হেল্থ–ছাউথইষ্ট এছিয়া’ত প্ৰকাশ পাইছে।

অসমকে ধৰি কেইবাখনো ৰাজ্যৰ তথ্য অন্তৰ্ভুক্ত

সমীক্ষাখনত উত্তৰ প্ৰদেশৰ গোৰখপুৰ, অসমৰ কামৰূপ, মহাৰাষ্ট্ৰৰ নাগপুৰ, গুজৰাটৰ ৰাজকোট, ঝাৰখণ্ডৰ দেৱঘৰ আৰু পুডুচেৰীৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ্থীক সামৰি লোৱা হৈছিল। সমীক্ষাৰ ফলাফল অনুসৰি, ২১.৪ শতাংশ কিশোৰ-কিশোৰীক মাদকদ্ৰব্য ব্যৱহাৰৰ ক্ষেত্ৰত মধ্যম (১০.৩%) অথবা উচ্চ (১১.১%) বিপদাশংকাপূৰ্ণ শ্ৰেণীত ৰখা হৈছে। বিশেষকৈ গুৱাহাটী (কামৰূপ) আৰু দেৱঘৰৰ বিদ্যালয়সমূহত উচ্চ বিপদাশংকাপূৰ্ণ কিশোৰ-কিশোৰীৰ অনুপাত অধিক দেখা গৈছে। আনহাতে, নাগপুৰ আৰু পুডুচেৰীত তুলনামূলকভাৱে কম বিপদাশংকাপূৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা বেছি। গৱেষকসকলে এই মূল্যায়নৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মান্যতাপ্ৰাপ্ত স্ক্ৰিনিং টেষ্ট ব্যৱহাৰ কৰিছে।

অত্যাধিক ডিজিটেল এক্সপ’জাৰেই মূল কাৰণ

এই গৱেষণাই কেৱল মাদকদ্ৰব্য ব্যৱহাৰৰ বিপদাশংকাৰ কথাই উল্লেখ কৰা নাই, ইয়াৰ আঁৰৰ কাৰণসমূহো বিশদভাৱে বিশ্লেষণ কৰিছে। গৱেষণাৰ মতে, কিশোৰ-কিশোৰীৰ মাজত অত্যাধিক ডিজিটেল এক্সপ’জাৰ আৰু মাদকদ্ৰব্য সহজলভ্য হোৱাই এই সমস্যাৰ অন্যতম মুখ্য কাৰণ। গৱেষকসকলে মত প্ৰকাশ কৰিছে যে, এই সমস্যাক নিয়ন্ত্ৰণ কৰিবলৈ কেৱল বিদ্যালয় বা পৰিয়ালৰ উদ্যোগ যথেষ্ট নহ’ব। ইয়াৰ বাবে সমাজভিত্তিক সজাগতা, সহপাঠী-নেতৃত্বাধীন (Peer-led) কাৰ্যসূচী, অভিভাৱকৰ সক্ৰিয় ভূমিকা আৰু বিদ্যালয়ভিত্তিক পৰামৰ্শমূলক ব্যৱস্থাকে ধৰি বহুমুখী হস্তক্ষেপৰ প্ৰয়োজন।

বিশেষজ্ঞসকলৰ মতে, সন্তানক মোবাইল, ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা দিয়াৰ পৰিৱৰ্তে অভিভাৱকে নিয়মীয়া তদাৰক, খোলামেলা যোগাযোগ আৰু মানসিক সমৰ্থন নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়। সময়মতে সচেতনতা আৰু সঠিক দিশ-নিৰ্দেশনাই কিশোৰ-কিশোৰীসকলক মাদকাসক্তিৰ দৰে ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24drugsSchool Student
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!
বাণিজ্য

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

September 10, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
Next Post
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.