• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

2 months ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

4 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

4 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

5 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

5 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

6 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

7 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

8 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

8 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

9 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

10 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

11 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

৫০টা সন্দেহজনক একাউণ্টৰ বিৰুদ্ধে CIDৰ তদন্ত

editor by editor
August 6, 2026
in অপৰাধ, অসম, বিবিধ, লেখা
0
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ নামত ছ’চিয়েল মিডিয়াৰ জৰিয়তে ধন সংগ্ৰহৰ অভিযোগক কেন্দ্ৰ কৰি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে ব্যাপক তদন্ত আৰম্ভ কৰিছে। তদন্তকাৰী সংস্থাই সন্দেহ প্ৰকাশ কৰিছে যে কিছুমান ব্যক্তি বা গোটে বান সাহায্যৰ নামত জনসাধাৰণৰ সহানুভূতিৰ সুযোগ লৈ অনলাইন জালিয়াতিৰে ধন সংগ্ৰহ কৰি আছে। অসম আৰক্ষীৰ সূত্ৰ অনুসৰি, বৰ্তমান চাইবাৰ চেলে তেনে প্ৰায় ৫০টা সন্দেহজনক ছ’চিয়েল মিডিয়া একাউণ্ট কটকটীয়াকৈ নিৰীক্ষণ কৰি আছে। এই একাউণ্টসমূহৰ জৰিয়তে বিভিন্ন UPI ID, QR Code আৰু অনলাইন পেমেণ্টৰ মাধ্যম প্ৰচাৰ কৰি বান সাহায্যৰ বাবে অনুদান বিচৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে।

CIDৰ তদন্তকাৰী বিষয়াসকলে জনাইছে যে এই সন্দেহজনক একাউণ্টসমূহৰ সৈতে জড়িত সকলো বেংক লেনদেন আৰু ডিজিটেল পেমেণ্টৰ তথ্য তীক্ষ্ণতাৰে পৰীক্ষা কৰা হ’ব। কোনে কিমান ধন সংগ্ৰহ কৰিছে, সেই ধন প্ৰকৃততে বানপীড়িতসকলৰ সহায়ত ব্যৱহাৰ কৰা হৈছে নে ব্যক্তিগত স্বাৰ্থত অপব্যৱহাৰ কৰা হৈছে—এই সকলো দিশ তদন্তৰ আওতালৈ অনা হৈছে।

CID-এ স্পষ্ট কৰি দিছে যে বান সাহায্যৰ নামত সংগৃহীত জনসাধাৰণৰ ধনৰ অপব্যৱহাৰ বা আত্মসাৎ কৰাৰ প্ৰমাণ পোৱা গ’লে সংশ্লিষ্ট ব্যক্তি বা সংগঠনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰয়োজনত তেনে সংশ্লিষ্ট লোকৰ বিৰুদ্ধে চাইবাৰ জালিয়াতি, প্ৰতাৰণা আৰু জনসাধাৰণক বিভ্ৰান্ত কৰাৰ দৰে অভিযোগত ফৌজদাৰী গোচৰো ৰুজু হ’ব পাৰে।

ইফালে, অসম আৰক্ষীয়ে সাধাৰণ ৰাইজক উদ্দেশ্যি বিশেষ সতৰ্কবাণী জাৰি কৰিছে। আৰক্ষীয়ে আহ্বান জনাইছে যে যিকোনো ব্যক্তি বা সংগঠনলৈ ধন প্ৰেৰণ কৰাৰ আগতে তেওঁলোকৰ পৰিচয়, বিশ্বাসযোগ্যতা আৰু বৈধতা নিশ্চিত কৰিব লাগে। বিশেষকৈ কেৱল ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্ট, UPI ID বা QR Code দেখি ধন স্থানান্তৰ নকৰিবলৈ ৰাইজক অনুৰোধ জনোৱা হৈছে।

আৰক্ষীৰ মতে, বানৰ দৰে দুৰ্যোগৰ সময়ত বহু অসাধু চক্ৰই মানৱীয় সহানুভূতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি প্ৰতাৰণাৰ অপচেষ্টা কৰে। সেয়ে কেৱল চৰকাৰীভাৱে অনুমোদিত সংস্থা, জিলা প্ৰশাসন, চৰকাৰী সাহায্য পুঁজিৰ লগতে সুপৰিচিত আৰু বিশ্বাসযোগ্য স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তেহে অনুদান আগবঢ়োৱাটো অধিক নিৰাপদ।

লগতে, যদি কোনো লোকে ছ’চিয়েল মিডিয়াত সন্দেহজনক ধন সংগ্ৰহ অভিযান, অচিনাকি UPI ID, QR Code বা ভুৱা সাহায্যৰ আবেদন দেখা পায়, তেন্তে তৎক্ষণাত অসম আৰক্ষী বা চাইবাৰ অপৰাধ শাখাক অৱগত কৰিবলৈও অনুৰোধ জনোৱা হৈছে। সময়মতে অভিযোগ দাখিল কৰিলে এনে জালিয়াতি ৰোধ কৰাৰ লগতে জনসাধাৰণৰ ধন সুৰক্ষিত ৰখাত সহায় হ’ব বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।

দুৰ্যোগৰ সময়ত সহায়-সহযোগিতাৰ মানসিকতা সমাজৰ এক ইতিবাচক দিশ। কিন্তু সেই মানৱীয় অনুভূতিক পুঁজি কৰি যদি কোনো অসাধু চক্ৰই অবৈধভাৱে ধন সংগ্ৰহ কৰে, তেন্তে সেয়া কেৱল আইন ভংগ কৰাই নহয়, প্ৰকৃত বানপীড়িতসকলৰ অধিকাৰৰ প্ৰতিও এক গুৰুতৰ অন্যায়। সেইবাবে সকলো নাগৰিকক সচেতন হৈ দায়িত্বশীলভাৱে অনুদান আগবঢ়াবলৈ অসম আৰক্ষীয়ে পুনৰ আহ্বান জনাইছে।

এই প্ৰতিবেদনটো যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24assam flood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
Next Post
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.