• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

2 weeks ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

9 minutes ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

16 minutes ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

51 minutes ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

2 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

3 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

4 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

5 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

6 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

6 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

7 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

7 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

খৰচ মাত্ৰ ৫০০০টকা, মাহিলী আয় ৪০ৰপৰা ৫০ হাজাৰ টকা!

editor by editor
August 6, 2026
in জীৱনশৈলী, নিয়োগ, বাণিজ্য, বিবিধ, স্বাস্থ্য
0
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ
0
SHARES
5.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ সপোন বহু লোকেই দেখে। কিন্তু অধিক পুঁজিৰ প্ৰয়োজন, ব্যৱসায়ত লোকচানৰ আশংকা আৰু অনিশ্চয়তাৰ বাবে বহুতে কোনো এটা ব্যৱসায় আৰম্ভ কৰিবলৈ ভয় কৰে। কিন্তু নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ বিচাৰি থকাসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ‘প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিয়োজনা’ (PMBJP) এক লাভজনক আৰু তুলনামূলকভাৱে নিৰাপদ ব্যৱসায়িক সুযোগ হিচাপে আত্মপ্ৰকাশ কৰিছে। সম্প্ৰতি দেশজুৰি এতিয়ালৈকে ২০ হাজাৰতকৈও অধিক জন ঔষধি কেন্দ্ৰ স্থাপন হৈছে। এই আঁচনিৰ জৰিয়তে চৰকাৰৰ সহায়ত অতি কম খৰচতে নিজৰ মেডিকেল ষ্ট’ৰ আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰি। ইয়াৰ জৰিয়তে জনসাধাৰণে কম মূল্যত উন্নত মানৰ ঔষধ লাভ কৰাৰ লগতে উদ্যোক্তাসকলেও নিয়মীয়া আয়ৰ সুবিধা লাভ কৰিছে।

জন ঔষধি কেন্দ্ৰ কি?

জন ঔষধি কেন্দ্ৰ হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ পদক্ষেপ, য’ত বজাৰৰ তুলনাত ৫০%ৰ পৰা ৯০%লৈকে কম মূল্যত উচ্চমানৰ জেনেৰিক ঔষধ বিক্ৰী কৰা হয়। লেবৰেটৰী ৰিএজেণ্ট আৰু ভেকচিন বাদ দি ‘ৰাষ্ট্ৰীয় অত্যাৱশ্যকীয় ঔষধ তালিকা’ত অন্তৰ্ভুক্ত প্ৰায় সকলো জেনেৰিক ঔষধ ইয়াত উপলব্ধ। কম মূল্যত ঔষধ লাভ কৰাৰ বাবে এই কেন্দ্ৰসমূহত সদায় গ্ৰাহকৰ ভিৰ দেখা যায়। ফলত এই ব্যৱসায়ত চাহিদা অব্যাহত থাকে আৰু উপাৰ্জনৰ সম্ভাৱনাও যথেষ্ট ভাল।

চৰকাৰৰ তথ্যই কি কয়?

শেহতীয়াকৈ সংসদত দিয়া তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিয়োজনাৰ জৰিয়তে দেশবাসীয়ে এতিয়ালৈকে প্ৰায় ৪৫ হাজাৰ কোটি টকা সঞ্চয় কৰিবলৈ সক্ষম হৈছে। বৰ্তমান দেশৰ প্ৰায় ৭৮০খন জিলাত এই আঁচনি কাৰ্যকৰী হৈ আছে। জন ঔষধি কেন্দ্ৰৰ পৰিচালকে বিক্ৰী হোৱা প্ৰতিটো ঔষধৰ ওপৰত ২০ শতাংশ লাভ কৰে। ইয়াৰ উপৰিও চৰকাৰে ব্যৱসায় আৰম্ভ কৰিবলৈ সৰ্বাধিক ৫ লাখ টকা পৰ্যন্ত প্ৰণোদনা আগবঢ়ায়। এই ধন মাহিলী বিক্ৰীৰ ভিত্তিত কিস্তিত বেংক একাউণ্টত জমা কৰা হয়। ইয়াৰ লগতে মহিলা উদ্যোক্তা, দিব্যাংগ, অনুসূচিত জাতি-জনজাতি (SC/ST)ৰ আবেদনকাৰী অথবা নীতি আয়োগে নিৰ্ধাৰণ কৰা আকাংক্ষী জিলাত কেন্দ্ৰ স্থাপন কৰাসকলক কম্পিউটাৰ, আচবাব আদি তথ্য-প্ৰযুক্তি আৰু আন্তঃগাঁথনিৰ বাবে অতিৰিক্ত ২ লাখ টকা পৰ্যন্ত সহায় আগবঢ়োৱা হয়।

কোনে আবেদন কৰিব পাৰে?

জন ঔষধি কেন্দ্ৰ স্থাপনৰ বাবে আবেদনকাৰীৰ কিছুমান মৌলিক যোগ্যতা থাকিব লাগিব।
আবেদনকাৰীৰ D.Pharm অথবা B.Pharm ডিগ্ৰী থাকিব লাগিব। যদি আবেদনকাৰীৰ নিজস্ব ফাৰ্মাচী ডিগ্ৰী নাথাকে, তেন্তে স্বীকৃতিপ্ৰাপ্ত ফাৰ্মাচিষ্ট নিযুক্তি দি তেওঁৰ জৰিয়তেও লাইচেঞ্চ লাভ কৰিব পাৰে। কমেও ১২০ বৰ্গফুট আয়তনৰ নিজা অথবা ভাড়াৰ পকী দোকান থাকিব লাগিব। আধাৰ কাৰ্ড, PAN কাৰ্ড, ফাৰ্মাচিষ্টৰ পঞ্জীয়ন প্ৰমাণ পত্ৰ আৰু বেংক পাছবুক আদি প্ৰয়োজনীয় নথি-পত্ৰ দাখিল কৰিব লাগিব।

কেনেকৈ আবেদন কৰিব?

এই আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইন পদ্ধতিৰে কৰিব লাগে। প্ৰথমে PMBJPৰ চৰকাৰী ৱেবছাইটত গৈ ‘Apply for PMBJK’ অপচনত ক্লিক কৰিব লাগিব। তাৰ পিছত মোবাইল নম্বৰ, ই-মেইল আদি তথ্য দি পঞ্জীয়ন সম্পূৰ্ণ কৰিব লাগিব। আবেদন পত্ৰত প্ৰয়োজনীয় সকলো তথ্য পূৰণ কৰি নথি-পত্ৰৰ স্কেন কপি আপলোড কৰাৰ পিছত আবেদন জমা দিব লাগিব। নথি-পত্ৰ পৰীক্ষাৰ পিছত সকলো তথ্য সঠিক পোৱা গ’লে অনুমোদন আৰু লাইচেঞ্চ প্ৰদান কৰা হয়।

যিসকলে কম বিনিয়োগেৰে দীৰ্ঘম্যাদী আৰু স্থিৰ আয়ৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেওঁলোকৰ বাবে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিয়োজনা এক উৎকৃষ্ট সুযোগ। ইয়াৰ জৰিয়তে এফালে জনসাধাৰণে কম মূল্যত মানসম্পন্ন ঔষধ লাভ কৰে, আনফালে উদ্যোক্তাসকলে চৰকাৰী সহায় আৰু নিয়মীয়া আয়ৰ সুবিধা লাভ কৰে। অৱশ্যে ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে সংশ্লিষ্ট নিয়ম-কানুন ভালদৰে বুজি বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো সদায়ে যুক্তিসংগত।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24BussinessJan Aushadhi Kendra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?
ভাৰত

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

August 19, 2026
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য
বাণিজ্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

August 19, 2026
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’
বিনোদন

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

August 19, 2026
Next Post
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

'ভাইজান' ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.