অসমৰ সাংস্কৃতিক তথা সংগীত জগতলৈ নামি আহিছে এক দুখজনক খবৰ। ৰাজ্যৰ এগৰাকী প্ৰতিভাৱান সংগীত শিল্পী, সংগীত পৰিচালক হৰজিৎ দিয়াজ আৰু নাই। শুকুৰবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। হৰজিৎ দিয়াজৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অসমৰ সংগীত মহলত গভীৰ শোকৰ ছাঁ পৰিছে। এগৰাকী সৃষ্টিশীল সংগীত কৰ্মীৰ আকস্মিক প্ৰয়াণে অসমৰ সংগীত জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে। অৱশ্যে তেওঁৰ মৃত্যুৰ কাৰণ, আৰু অন্যান্য চিকিৎসাজনিত তথ্যৰ বিষয়ে এই মুহূৰ্তলৈকে নিশ্চিত তথ্য সদৰী কৰা নাই পৰিয়ালৰ লোকে।

বলীউডৰ সংগীততো হৰজিতে আগবঢ়াইছিল উল্লেখযোগ্য অৱদান। হৰজিৎ দিয়াজৰ সংগীত-যাত্ৰাৰ অন্যতম উল্লেখযোগ্য দিশ হৈছে হিন্দী সংগীত জগতত তেওঁৰ কাম। তেওঁ ২০২২ চনত MX Player-ত মুক্তি পোৱা ‘Aashram’ ৱেব ছিৰিজৰ সংগীতৰ সৈতেও জড়িত আছিল। ‘Aashram’ৰ সংগীত সংকলনত তেওঁৰ নাম composer আৰু producer হিচাপে পোৱা যায়। বিশেষকৈ ‘Baba Garibon Wale’ গীতটোত Sunny Inder, Sanoj Kumar আৰু Sakshi Holkarৰ সৈতে composer হিচাপে কাম কৰিছিল হৰজিতে।

ইয়াৰ উপৰি ‘Tujhme Samai Saari Duniya’ গীততো তেওঁ আবদান আগবঢ়াইছে। গীতটোত শ্বাহজাদ আলী আৰু ছানী ইন্দৰে কণ্ঠদান কৰিছিল। আনহাতে ‘Awaara Parinda’ গীতটোৰ সংগীত ৰচনাতো হৰজিৎ দিয়াজে আবদান আগবঢ়াইছে। এই গীতটো ৰমীয়ে কণ্ঠদান কৰিছিল। অসমৰ পৰা গৈ হিন্দী বিনোদন উদ্যোগটোৰ এটা বৃহৎ প্ৰকল্পত সংগীত সৃষ্টিৰ অংশীদাৰ হোৱা হৰজিৎ দিয়াজৰ সংগীত-যাত্ৰা আছিল বহুমুখী।

‘মহাজোদ্ধাৰ খলনায়ক’ৰ এটা গীতৰ সংগীত পৰিচালনাৰ সৈতে তেওঁ জড়িত আছিল। গীতটো হৰজিৎ দিয়াজে কম্প’জ কৰিছিল, গীতটোৰ কথা লিখিছিল পলাশ সূৰ্য গগৈয়ে আৰু কণ্ঠদান কৰিছিল শংকুৰাজ কোঁৱৰে।
তেওঁৰ প্ৰয়াণে সেই সৃষ্টিশীল যাত্ৰাৰ অৱসান ঘটালে যদিও তেওঁৰ সংগীত আৰু কৰ্মৰ স্মৃতি অনুৰাগীৰ মাজত জীয়াই থাকিব।
হৰজিৎ দিয়াজৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতত গভীৰ শোক। সংগীতৰ জগতত তেওঁৰ অৱদান আৰু স্মৃতি সদায়েই স্মৰণীয় হৈ থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















