হাজাৰ তিৰস্কাৰ-অপমানক একাষৰীয়া কৰি বানপীড়িতৰ কাষত আজি শুকুৰ আলীয়ে দেখুৱাইছে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰি থকা বানাক্ৰান্তৰ মুখত হাঁহি বিৰিঙাবলৈ দিনে-নিশাই শ্ৰমদান কৰিছে শুকুৰ আলী আৰু তেওঁৰ সহযোগীসকলে। দমকল নিৰ্মাণৰ পৰা আৰম্ভ কৰি বানৰ পানী শুকোৱাৰ পিছত ঘৰৰ ভিতৰৰ পলস পৰিষ্কাৰ কৰালৈকে সেৱাৰ কামত ব্যস্ত শুকুৰ আলী আৰু তেওঁৰ সৈতে যোৱা যুৱকসকল।
বান মানেই কেৱল পানীৰ সোঁত নহয়। বান মানেই কাৰোবাৰ ঘৰ, কাৰোবাৰ সপোন, কাৰোবাৰ জীৱন-জীৱিকা মুহূৰ্ততে উটুৱাই নিয়াৰ এক ভয়ংকৰ বাস্তৱতা। বানৰ পানী শুকাই যোৱাৰ পিছতো বন্যাৰ্তৰ দুখ-কষ্টৰ যেন অন্ত নপৰে। বান শুকাই যোৱাৰ পিছতহে বন্যাৰ্তই সন্মুখীন হয় আচল সংগ্ৰাম। খোৱাপানীৰ সংকট, বোকা-পলসত পোত খোৱা ঘৰ, নষ্ট হোৱা সা-সম্পত্তি আৰু অনিশ্চিত ভৱিষ্যৎ—এই সকলোবোৰৰ মাজতে সংগ্ৰাম চলাই যাবলগীয়া হয় বানপীড়িত লোকসকলে।
এনে এক কঠিন সময়তে মানৱতাৰ এক অনন্য নিদৰ্শন দেখুৱাইছে শুকুৰ আলীয়ে। এটুপি পানীৰ বাবে হাহাকাৰ দেখি থিয় হৈ থাকিব নোৱাৰিলে শুকুৰে। বানপীড়িত অঞ্চলত উপস্থিত হৈ শুকুৰ আলীয়ে প্ৰত্যক্ষ কৰিলে এক হৃদয়বিদাৰক দৃশ্য। বানপানীৰ মাজত দিন পাৰ কৰা লোকসকলৰ সন্মুখত আটাইতকৈ ডাঙৰ সমস্যাসমূহৰ ভিতৰত এটা আছিল বিশুদ্ধ খোৱাপানীৰ অভাৱ। এটুপি পানীৰ বাবেই হাহাকাৰ কৰিবলগীয়া হৈছিল বহু পৰিয়ালে। বানপানীয়ে বহু ঠাইৰ পানীৰ উৎস দূষিত কৰি পেলোৱাৰ ফলত খোৱাপানীৰ সংকটে অধিক জটিল ৰূপ ধাৰণ কৰিছিল।
এই দৃশ্যসমূহ দেখি নিজকে ধৰি ৰাখিব নোৱাৰিলে শুকুৰ আলীয়ে। বন্যাৰ্তৰ অসহায় অৱস্থা দেখি হুকহুকাই কান্দি উঠিল হাজাৰ তিৰষ্কাৰ-অপমান সহ্য কৰি অহা শুকুৰ আলী। কিন্ত কেৱল দুখ প্ৰকাশ কৰিয়েই ক্ষান্ত থকা নাই শুকুৰ আলী, হাতে-কামে লাগিও সহায় কৰিছে বন্যাৰ্তক। বানপীড়িতৰ সহায়ৰ বাবে বহুজনেই বিভিন্ন ধৰণে আগবাঢ়ি আহে। কোনোবাই খাদ্য দিয়ে, কোনোবাই কাপোৰ-কানি দিয়ে, কোনোবাই ঔষধ বা আৰ্থিক সাহায্য আগবঢ়ায়। কিন্তু সকলোৰে সামৰ্থ্য একে নহয়। শুকুৰ আলীৰ হাততো হয়তো আৰ্থিক সাহায্য দিব পৰাকৈ নাছিল ধন। কিন্তু তেওঁৰ আছিল ইচ্ছাশক্তি, পৰিশ্ৰম কৰাৰ মানসিকতা আৰু মানুহৰ বাবে কিবা এটা কৰাৰ গভীৰ তাগিদা। সেয়েহে টকা দিব নোৱাৰিলেও তেওঁ নিজৰ শ্ৰমকেই বানপীড়িতৰ বাবে উৎসৰ্গা কৰিলে।
দিন-নিশাই বানবিধ্বস্ত অঞ্চলত শ্ৰমদানত ব্যস্ত হৈ পৰিল শুকুৰ আলী। নিজৰ লগতে কেইবাজনো যুৱকক লগত লৈ তেওঁ আৰম্ভ কৰিলে সহায়ৰ কাম। বন্যাৰ্তৰ বাবে নিৰ্মাণ কৰিলে দমকল। খোৱাপানীৰ সমস্যাক অগ্ৰাধিকাৰ দি শুকুৰ আলীয়ে বানপীড়িত অঞ্চলত দমকল নিৰ্মাণৰ কামত হাত দিলে। এটুপি নিৰাপদ পানীৰ বাবে হাহাকাৰ কৰি থকা পৰিয়ালসমূহৰ বাবে এই দমকল যেন আশাৰ নতুন উৎস হৈ পৰিল। কোনো ডাঙৰ ঘোষণা বা প্ৰচাৰৰ পিছত নহয়, নিজৰ সামৰ্থ্য অনুসৰি প্ৰত্যক্ষভাৱে কাম কৰি দেখুৱালে শুকুৰ আলীয়ে।
বানৰ পানী কমিলেই বানপীড়িতৰ সমস্যা শেষ নহয়। পানী শুকোৱাৰ পিছত ঘৰ-দুৱাৰত জমা হোৱা পলস আৰু বোকাই নতুন সমস্যাৰ সৃষ্টি কৰে। বহু পৰিয়ালৰ ঘৰৰ ভিতৰলৈ সোমাই পৰে ডাঠ পলস। ঘৰ পৰিষ্কাৰ কৰিবলৈ শাৰীৰিক শ্ৰমৰ প্ৰয়োজন হয়। বহু সময়ত পৰিয়ালৰ সদস্যসকলে অকলে এই কাম সম্পূৰ্ণ কৰাটো কঠিন হৈ পৰে। এই ক্ষেত্ৰতো পিছে পিছ পৰি নাথাকিল শুকুৰ আলী। নিজৰ সৈতে লৈ যোৱা যুৱকসকলৰ সহযোগত বানপীড়িত অঞ্চলত সোমাই ঘৰসমূহৰ ভিতৰত জমা হোৱা পলস-বোকা গুচোৱাৰ কামতো হাত উজান দিলে তেওঁলোকে। কোৰ, বেলচা আদি লৈ ঘৰৰ ভিতৰৰ পলস উলিয়াই পৰিয়ালসমূহক পুনৰ ঘৰলৈ ঘূৰি যোৱাৰ পথ প্ৰশস্ত কৰি দিলে।
শুকুৰ আলীক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তিৰস্কাৰ, সমালোচনা বা অপমানৰ কথা চৰ্চালৈ আহিছে। কিন্তু সেই সকলোবোৰক একাষৰীয়া কৰি তেওঁ এইবাৰ বন্যাৰ্তৰ কাষত থিয় দিলে। মানুহৰ বিপদৰ সময়ত ব্যক্তিগত মতভেদ, তিৰস্কাৰ বা অপমানতকৈ মানৱীয়তাই যে ডাঙৰ—শুকুৰ আলীৰ শ্ৰমদানে যেন সেই বাৰ্তাই বহন কৰিছে। যি সময়ত বহুজনৰ বাবে বানপীড়িতক সহায় কৰাটো কেৱল সহানুভূতি প্ৰকাশতে সীমাবদ্ধ থাকে, সেই সময়ত শুকুৰ আলীয়ে কোৰ-বেলচা হাতত লৈ বন্যাৰ্তৰ মাজত নামি পৰাটো বিশেষভাৱে চৰ্চাৰ বিষয় হৈ পৰিছে।
শুকুৰ আলীৰ এই পদক্ষেপৰ পৰা এটা গুৰুত্বপূৰ্ণ শিক্ষা পোৱা যায়—সহায়ৰ মূল্য সদায় টকাৰে জুখিব নোৱাৰি। কোনোবাই লাখ টকা দান কৰিব পাৰে, আন কোনোবাই হয়তো এদিনৰ খাদ্য যোগান ধৰিব পাৰে। আকৌ কোনোবাই নিজৰ এদিনৰ শ্ৰম দান কৰিব পাৰে। সহায়ৰ ৰূপ বেলেগ হ’লেও উদ্দেশ্য যদি একে হয়, তেন্তে তাৰ মূল্যও কম নহয়। বানপীড়িতৰ বাবে এটুপি খোৱা পানী, পৰিষ্কাৰ কৰি দিয়া এটা কোঠা অথবা বোকা-পলসৰ পৰা উদ্ধাৰ কৰি দিয়া ঘৰ এটাৰ মূল্য হয়তো সেই মুহূৰ্তত বহু ডাঙৰ আৰ্থিক সাহায্যতকৈও অধিক। শুকুৰ আলীৰ এই পদক্ষেপৰ পিছতে এতিয়া সকলোৱে এটা কথাই কৈছে সময়ে সময়ে বিভিন্ন মন্তব্য, পদক্ষেপেৰে ছচিয়েল মিডিয়াত তিৰষ্কাৰ, অপমানৰ সন্মুখীন হোৱা ‘এইজন সেইজন শুকুৰ আলী নহয়’।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















