কাকৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেই শেহতীয়াকৈ দেশজুৰি গাঁওসমূহৰ চৰকাৰী বিদ্যালয় উন্নয়নৰ লক্ষ্যৰে এক বিশেষ অভিযানৰ ঘোষণা কৰিছে। তেওঁ অভিভাৱকসকলক বিদ্যালয়সমূহত উপলব্ধ মৌলিক সুবিধাসমূহৰ ‘সামাজিক নিৰীক্ষণ’ (ছ’চিয়েল অডিট) কৰিবলৈ আহ্বান জনোৱাৰ লগতে দেশৰ সকলো গাঁও পঞ্চায়তৰ সভাপতি, গাঁওবুঢ়াক নিজৰ নিজৰ অঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহ উন্নত কৰাৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে। এই অভিযান অহা ১৫ আগষ্টৰ পৰা আৰম্ভ কৰা হ’ব। এক ভিডিঅ’ বাৰ্তাত দীপকেই জনায় যে তেওঁ মহাৰাষ্ট্ৰৰ হিংগোলি জিলাস্থিত নিজৰ গাঁওৰ পৰা এই উদ্যোগৰ আৰম্ভণি কৰিব আৰু গাঁওৰ গাঁওবুঢ়াক চৰকাৰী বিদ্যালয়সমূহৰ উন্নয়নৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনাব।
ভিডিঅ’ বাৰ্তাত দীপকেই কয়, “১৫ আগষ্টত আমি স্বাধীনতাৰ ৮০ বছৰ সম্পূৰ্ণ কৰিম। কিন্তু এই ৮০ বছৰত আমাৰ গাঁওসমূহৰ চৰকাৰী বিদ্যালয়সমূহেই আটাইতকৈ অধিক অৱহেলাৰ চিকাৰ হৈছে। আমি নতুন সংসদ ভৱন, নতুন প্ৰধানমন্ত্ৰীৰ আৱাস নিৰ্মাণ কৰিলোঁ, কিন্তু গাঁওসমূহত নতুন আৰু উন্নত বিদ্যালয় গঢ়ি তুলিবলৈ কিয় সক্ষম নহ’লোঁ? কৃষক আৰু শ্ৰমিকৰ সন্তানসকলক আমি দেশৰ ভৱিষ্যৎ বুলি গণ্য নকৰোঁ নেকি?”
CJPৰ প্ৰতিষ্ঠাপকজনে লগতে কয় যে-আজিও বহু গাঁওৰ শিশুৱে বিদ্যালয়লৈ যাবলৈ দীঘলীয়া পথ অতিক্ৰম কৰিবলগীয়া হয়। বহু বিদ্যালয়ত বিশুদ্ধ খোৱা পানী, শৌচালয় আদি মৌলিক সুবিধাও নাই। তেওঁৰ মতে, এই ১৫ আগষ্টৰ পৰা চৰকাৰী বিদ্যালয়সমূহৰ উন্নয়নৰ এক নতুন অভিযান আৰম্ভ হ’ব লাগে। দীপকেই জনায় যে তেওঁ ব্যক্তিগতভাৱে মহাৰাষ্ট্ৰৰ হিংগোলি জিলাৰ গাঁওসমূহত গৈ গাঁওবুঢ়াসকলক সৈতে সাক্ষাৎ কৰিব। যিসকল গাঁওবুঢ়াইে বিদ্যালয় উন্নয়নৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব, তেওঁলোকৰ কামৰ ফটো আৰু তথ্য CJPৰ ছ’চিয়েল মিডিয়া পৃষ্ঠাত প্ৰকাশ কৰি তেওঁলোকক স্বীকৃতি দিয়া হ’ব, যাতে আনসকলেও অনুপ্ৰাণিত হয়। এই উদ্যোগক CJP-এ “চৰপঞ্চ চেলেঞ্জ” নাম দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















