• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

2 months ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

4 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

4 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

5 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

5 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

6 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

7 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

8 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

8 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

9 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

9 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

10 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

Youtuber পিংকল প্ৰত্যুষ সিঙৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ

editor by editor
August 14, 2026
in অপৰাধ, অসম, বিবিধ, লেখা
0
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
0
SHARES
983
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বানপীড়িত ৰাইজৰ সহায়ৰ নামত Youtubeৰ সহায়ত ধন সংগ্ৰহ কৰি সেই ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সামাজিক মাধ্যমত লাইভষ্ট্ৰীমৰ জৰিয়তে বানপীড়িত লোকসকলৰ সহায়ৰ বাবে ধন সংগ্ৰহ কৰা পিংকল প্ৰত্যুষ সিঙৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে গুৰুতৰ অভিযোগ। বানপীড়িত ৰাইজৰ সহায়ৰ উদ্দেশ্যে লাইভষ্ট্ৰীমৰ জৰিয়তে ৩১ লাখ টকাৰো অধিক ধন সংগ্ৰহ কৰা হৈছিল যদিও ইয়াৰে মাত্ৰ প্ৰায় ৬ লাখ টকাহে বান সাহায্যৰ কামত ব্যয় কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাই। তেওঁৰ অভিযোগ অনুসৰি, বানপীড়িত ৰাইজৰ দুৰ্দশাক সন্মুখত ৰাখি সাধাৰণ লোকৰ পৰা সংগ্ৰহ কৰা বৃহৎ পৰিমাণৰ ধনৰ হিচাপ স্পষ্ট নহয়। ফলত সমগ্ৰ বিষয়টো সন্দেহৰ আওতালৈ আহিছে। সম্পূৰ্ণ তথ্যসহ Youtubeৰজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে চিতু বৰুৱাই

উল্লেখ্য যে, অসমত ভয়াৱহ বানপানীৰ সময়ত বহু লোকেই সামাজিক মাধ্যমৰ জৰিয়তে বানপীড়িতৰ সহায়ৰ বাবে আগবাঢ়ি আহিছিল। সেই সময়তে পিংকল প্ৰত্যুষ সিঙেও লাইভষ্ট্ৰীমৰ জৰিয়তে ৰাইজক সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছিল বুলি অভিযোগত উল্লেখ কৰা হৈছে। ৰাইজৰ সহায়-সহযোগিতাৰ ফলত এই অভিযানৰ জৰিয়তে ৩১ লাখ টকাৰো অধিক ধন সংগ্ৰহ হৈছিল বুলি চিতু বৰুৱাই দাবী কৰিছে।

কিন্তু অভিযোগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে—সংগ্ৰহ কৰা ধনৰ বিপৰীতে কিমান ধন, ক’ত আৰু কেনেদৰে খৰচ কৰা হ’ল, সেই সন্দৰ্ভত স্বচ্ছ হিচাপ প্ৰকাশ কৰা হোৱা নাই বুলি অভিযোগ উঠিছে। চিতু বৰুৱাৰ দাবী অনুসৰি, সংগ্ৰহ কৰা ধনৰ মাত্ৰ ৬ লাখ টকাহে বানপীড়িতৰ সহায়ৰ নামত ব্যয় কৰা হৈছে। বাকী ধনৰ ব্যৱহাৰ সন্দৰ্ভত তদন্তৰ প্ৰয়োজন আছে বুলি তেওঁ দাবী কৰিছে। এই অভিযোগ সঁচা নে মিছা, সেয়া এতিয়াও তদন্তৰ বিষয়। পিংকল প্ৰত্যুষ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহো আদালতত প্ৰমাণিত হোৱা নাই। সেয়েহে বিষয়টোৰ সত্যতা নিৰ্ণয়ৰ বাবে নিৰপেক্ষ আৰু সম্পূৰ্ণ তদন্ত অতি প্ৰয়োজনীয়।

জাতীয় সংগ্ৰামী সেনাই এই ঘটনাক গুৰুত্বসহকাৰে লৈ পিংকল প্ৰত্যুষ সিঙক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে। সংগঠনটোৰ দাবী—বানপীড়িত লোকসকলৰ নামত সংগ্ৰহ কৰা ধনৰ প্ৰতিটো টকাৰ হিচাপ ৰাজহুৱা কৰিব লাগে আৰু ধনৰ কোনো ধৰণৰ অপব্যৱহাৰ সংঘটিত হৈছে নেকি, সেয়া তদন্তৰ জৰিয়তে স্পষ্ট কৰিব লাগে।

ঘটনা সন্দৰ্ভত চিতু বৰুৱাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপো দাবী কৰিছে। তেওঁৰ মতে, বিষয়টোৰ গুৰুত্ব বিবেচনা কৰি চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত। কেৱল অভিযোগ-প্ৰতিআৰোপতে বিষয়টো সীমাবদ্ধ নাৰাখি সমগ্ৰ ধন সংগ্ৰহ আৰু ব্যয়ৰ নথি পৰীক্ষা কৰি সত্য উদঘাটন কৰাৰ দাবী উত্থাপন কৰা হৈছে। ইয়াৰ লগতে সমগ্ৰ ঘটনাৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)-ৰ জৰিয়তে তদন্ত কৰাৰ দাবীও জনাইছে জাতীয় সংগ্ৰামী সেনাই। সংগঠনটোৰ হুংকাৰ—শীঘ্ৰে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তেওঁলোকে নিজাববীয়াকৈ বিষয়টোত পদক্ষেপ গ্ৰহণ কৰিব। উল্লেখ্য যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অসমৰ বান পীড়িতক সাহায্যৰ নামত ধন সংগ্ৰহ কৰা ৭২টা সন্দেহজনক বেংক একাউণ্টৰ কথা সদৰী কৰিছিল।

বানপানীৰ দৰে সংকটৰ সময়ত সাধাৰণ মানুহে মানৱীয়তাৰ খাতিৰত আগবাঢ়ি আহি সাহায্য আগবঢ়ায়। এনে পৰিস্থিতিত সংগ্ৰহ কৰা সাহায্যৰ ধনৰ স্বচ্ছতা আৰু সঠিক ব্যৱহাৰ অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ, এই ধন কোনো ব্যক্তিগত লাভৰ বাবে নহয়, দুৰ্যোগত ক্ষতিগ্ৰস্ত অসহায় লোকসকলৰ সহায়ৰ বাবে ৰাইজে আগবঢ়োৱা ধন। সেয়েহে পিংকল প্ৰত্যুষ সিঙৰ বিৰুদ্ধে উত্থাপিত ৩১ লাখ টকাৰ অভিযোগৰ সত্যতা তদন্তৰ জৰিয়তে স্পষ্ট কৰাটো এতিয়া অত্যন্ত জৰুৰী হৈ পৰিছে। অভিযোগ যদি মিছা হয়, তেন্তে তদন্তৰ জৰিয়তেই সেয়া স্পষ্ট হ’ব; আৰু যদি ধনৰ অপব্যৱহাৰৰ অভিযোগৰ সত্যতা প্ৰমাণিত হয়, তেন্তে দোষীৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটোও প্ৰয়োজনীয় হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24assam floodYoutuber
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

October 16, 2026
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক
বাণিজ্য

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

October 16, 2026
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

October 16, 2026
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!
জীৱনশৈলী

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

October 16, 2026
Next Post
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ'ব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.