স্বাধীনতা দিৱসৰ পূৰ্বে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI-সমৰ্থিত স*ন্ত্ৰাসবাদী নেটৱৰ্কৰ বিৰুদ্ধে বৃহৎ অভিযান চলাই সফলতা লাভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছ’চিয়েল মিডিয়াত এই তথ্য প্ৰকাশ কৰিছে। গৃহমন্ত্ৰীগৰাকীৰ মতে, ‘শ্বাহজাদ ভাট্টী নেটৱৰ্ক’ৰ বিৰুদ্ধে দেশৰ ১৪খন ৰাজ্যত একেলগে অভিযান চলোৱা হয়। এই অভিযানত ২০০ৰো অধিক সন্দেহযুক্ত সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। নিৰাপত্তা বাহিনীৰ এই অভিযানৰ ফলত স্বাধীনতা দিৱসৰ সময়ছোৱাত সম্ভাব্য বিধ্বংসী আক্ৰমণৰ পৰিকল্পনা বিফল কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
অভিযানৰ সময়ত বৃহৎ পৰিমাণৰ অ*স্ত্ৰ-শ*স্ত্ৰ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হয়। ইয়াৰ ভিতৰত IED, গ্ৰে*নেড, পি*ষ্টল আৰু সক্ৰিয় গু*লী উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা কিছুমান গ্ৰে*নেডত পাকিস্তানৰ Ordnance Factoryৰ চিহ্ন থকা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও, চোৰাংচোৱাগিৰিৰ বাবে ব্যৱহাৰ কৰা CCTV কেমেৰাকে ধৰি বিভিন্ন সামগ্ৰীও নিৰাপত্তা বাহিনীয়ে জব্দ কৰে। এই নেটৱৰ্কটোৰ সৈতে বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপ জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই অভিযানক স*ন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ ‘শূন্য সহনশীলতা’ নীতিৰ এক উল্লেখযোগ্য উদাহৰণ হিচাপে অভিহিত কৰিছে। স্বাধীনতা দিৱসৰ পূৰ্বে দেশৰ বিভিন্ন প্ৰান্তত একেলগে অভিযান চলাই বৃহৎ নেটৱৰ্কটো উৎখাত কৰাটো নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সফলতা হিচাপে বিবেচিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















